NORTHEAST NOW (Assamese)

পুলৱামাৰ চহিদ বীৰ জোৱানসকললৈ এজাক কন-কন শিশুৰ শ্ৰদ্ধাঞ্জলি

February 18, 2019 9:52 pm · কাজি জেইদুল ইছলাম
ফটো : নৰ্থ-ইষ্ট নাও

যোৱা ১৪ ফেব্ৰুৱাৰিত জম্মু-কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদীয়ে সংঘটিত কৰা আত্মঘাটী বোমা বিস্ফোৰণত চহিদ হোৱা চি আৰ পি এফৰ বীৰ জোৱানসকলৰ আত্মাৰ সদগতিৰ কামনাৰে আজি বিশ্বনাথত এজাক কন-কন শিশুৱে বন্তি জ্বলোৱাৰ লগতে মৌন প্ৰাৰ্থনাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

বিশ্বনাথৰ গলিয়াত অৱস্থিত চাণ্ডিল্য ইনষ্টিটিউটত নগাঁও, কামৰূপ, লখিমপুৰৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা নবোদয় পৰীক্ষাৰ বাচনিৰ বাবে অহা প্ৰায় ৬০ ৰো অধিক শিশুৱে এই কাৰ্যসূচীত অংশ লয়।

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ সময়ত শিশুসকলে হাতে হাতে ‘অমৰ ৰহে হামাৰে জৱান’, চেলুট টু আৱাৰ ব্ৰেভ ফ’ৰ্চেছ’, ‘য়ুই লাভ আৱাৰ ব্ৰেভ চ’লজাৰ’, ‘মাৰ্টিয়াৰ্ছ ৰেষ্ট ইন পিচ’ আদি বিভিন্ন শ্লোগান সম্বলিত প্লে’ কাৰ্ড লোৱা পৰিলক্ষিত হয়।

এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত কন-কন শিশু সকলৰ লগতে অভিভাৱক,  স্থানীয় ৰাইজ, অনুষ্ঠানটোৰ উদ্বোধক সুভাষ চেত্ৰীও উপস্থিত থাকে।

Related News