মাস্ক পৰিধান নকৰাকৈ ছেল্ফি তোলাৰ বাবে জৰিমনা বিহা হ’ল ৰাষ্ট্ৰপতিক!
মাস্ক পৰিধান নকৰি ছেল্ফি তোলাৰ বাবে জৰিমনাৰ সন্মুখীন হ’বলগীয়া হ’ল চিলিৰ ৰাষ্ট্ৰপতি ছেবাষ্টিয়ান পিনেৰা।
বাতৰি অনুসৰি, চলিত মাহৰ আৰম্ভণিতে চিলিৰ ৰাষ্ট্ৰপতি ছেবাষ্টিয়ান পিনেৰাই সাগৰৰ তীৰত ফুৰিবলৈ গৈছিল।
তাত যোৱাৰ পাছতে এগৰাকী মহিলাই বৰ আগ্ৰহেৰে তেওঁৰ সৈতে ছেল্ফি তোলে। কিন্তু ছেল্ফি তোলাৰ সময়ত মাস্ক পৰিধান কৰা নাছিল ৰাষ্ট্ৰপতি পিনেৰাই।
মহিলাগৰাকীয়ে সাগৰ তীৰত উঠা সেই ফটো ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰে। তাৰ পাছতেই বিতৰ্কৰ সূত্ৰপাত হয়।
ইয়াৰ বাবে জৰিমনা ভৰিবলগীয়া হ’ল চিলিৰ ৰাষ্ট্ৰপতিগৰাকীয়ে। পিনেৰাক ৩৫০০ ডলাৰ অৰ্থাৎ ভাৰতীয় মুদ্ৰাত প্ৰায় ২লাখ ৬০হাজাৰ টকা জৰিমনা বিহা হয়।
উল্লেখ্য যে দেশখনত ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক। এইক্ষেত্ৰত কঠোৰ নিয়ম বলবৎ কৰা হৈছে। এই নিয়ম উলংঘা কৰিলে জৰিমনাৰ লগতে কাৰাদাণ্ডও বিহা হয়।
ৰাষ্ট্ৰপতিগৰাকীয়ে অৱশ্যে জৰিমনা ভৰিয়েই ৰক্ষা পৰিছে। তেওঁ মাস্ক পৰিধান নকৰাকৈ ছেল্ফি তোলাৰ পাছতে এনে ঘটনাৰ বাবে ক্ষমা বিচাৰিছে।