• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আই চি এম আৰে ৰেপিড এন্টিবডী টেষ্টিং কিটৰ ব্যৱহাৰ বন্ধ কৰাকলৈ চীনৰ প্ৰতিক্ৰিয়া

এন ই নাও নিউজ by এন ই নাও নিউজ
April 28, 2020 11:02 am
Himanta-BIswa-Sarma-1140x570

চীনৰ পৰা পিপিই আৰু ৰেপিড টেষ্টিং কিট কঢ়িয়াই অনা বিমানৰ সন্মুখত থিয় দি থকা স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফাইল ফটো।

3.7k
VIEWS
Share on FacebookShare on Twitter

ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্ছ (আই চি এম আৰ)য়ে চীনৰ দুখন ফাৰ্মে বনোৱা ৰেপিড এন্টিবডী টেষ্টিং কিট ব্যৱহাৰ নকৰিবলৈ ৰাজ্যসমূহক কোৱাৰ পাছত চীনে ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

সোমবাৰে  আই চি এম আৰে কেইবাখনো ৰাজ্যই ইয়াৰ সক্ষমতাৰ ওপৰত প্ৰশ্ন তোলাৰ পাছত ৰাজ্য চৰকাৰসমূহক Guangzhou Wondfo Biotechআৰু Zhuhai Livzon Diagnosticsৰ পৰা অনা ৰেপিড এন্টিবডী টেষ্টিং কিট ব্যৱহাৰ নকৰিবলৈ নিৰ্দেশ দিয়ে।

আই চি এম আৰে সোমবাৰে জাৰি কৰা এটা বিবৃতিত গুৰুত্ব দি কয় যে ৰেপিড এন্টিবডী টেষ্টিং কিট কেবল নিৰীক্ষণৰ বাবেহে ব্যৱহাৰ কৰা উচিত আৰু লগতে কয় যে ই Wondfoআৰু Livzonৰ পৰা অহা কিটসমূহৰ প্ৰায়োগিক অৱস্থাৰ বিষয়ে মূল্যাংকন কৰি চাইছিল।

আনহাতে, চীনে মঙলবাৰে কয় যে তেওঁলোকৰ সামগ্ৰীসমূহ গুণমান সম্পন্ন আৰু বহু দেশলৈ ৰপ্তানি কৰা হৈছে।

চীনৰ দূতাবাসৰ মুখপাত্ৰ ঝি ৰঙে মঙলবাৰে জাৰি কৰা এক বিবৃতিত কয়,’’চীনৰ পৰা ৰপ্তানি কৰা চিকিৎসা সামগ্ৰীসমূহ অগ্ৰাধিকাৰভিত্তিক। চীনৰ সামগ্ৰী ‘ত্ৰুটীপূৰ্ণ’বুলি একাংশ ব্যক্তিয়ে ছাপ মাৰিব খোজাটো অনৈতিক তথা দায়িত্বহীন বক্তব্য আৰু আগতীয়া ধাৰাণাৰ বিষয় হিচাপে চাব পাৰি।‘’

মুখপাত্ৰ গৰাকীয়ে কয় যে Wondfoআৰু Livzonয়ে স্পষ্ট কৰিছিল যে তেওঁলোকৰ টেষ্টিং কিটসমূহ চীনৰ নেশ্যনেল মেডিকেল প্ৰডাক্টছ এডমিনিষ্ট্ৰেশ্যনে চীন আৰু আমদানি কৰা দেশসমূহৰ গুণগত মান পূৰণ কৰা বুলি প্ৰত্যায়িত কৰিছিল তথা পুনেৰ নেশ্যনেল ইনষেটিটিউট অফ ভাইৰ’লজিৰ জৰিয়তে আই চি এম আৰে মান্যতা প্ৰদান কৰিছিল তথা অনুমোদন জনাইছিল।

ভাৰতে চীনৰ ফাৰ্মক কেইবাহাজাৰো টেষ্টিং কিটছ আৰু কেইবালাখো পাৰ্ছনেল প্ৰটেক্টিভ ইকুইপমেন্ট (পিপিই)ৰ অৰ্ডাৰ দিছিল।

অৱশ্যে, কেইবাখনো ৰাজ্য চৰকাৰে  Wondfoআৰু Livzonৰ পৰা অহা কিটসমূহৰ বিসংগতিৰ বিষয়ে অৱগত কৰিছিল।

অসমেও চীনৰ গোৱংঝও চহৰৰ পৰা ৰেপিড টেষ্টিং কিটৰ উপৰি ৫০,০০০ পিপিই আনিছিল।

চীনৰ পৰা আমদানি কৰা এই পিপিই খিনি অসমৰ কোভিড-১৯ৰ বিৰুদ্ধে সেৱাত অৱতীৰ্ণ হোৱা চিকিৎসক তথা নাৰ্ছসকলে ব্যৱহাৰ কৰাৰ কথা আছিল।

Tags: COVID-19

Recent News

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd