• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

‘দক্ষিণ চীনৰ তিব্বতৰ এক অঞ্চল হৈছে অৰুণাচল প্ৰদেশ’ : চীনৰ বৈদেশিক মুখপাত্ৰৰ দাবী

অৰুণাচল প্ৰদেশৰ পাঁচ অপহৃত ব্যক্তিৰ সন্দৰ্ভত কোনো তথ্য নাই বেইজিঙৰ হাতত

NE NOW NEWS ৰূপা চৰকাৰ
গুৱাহাটী , September 7, 2020 8:08 pm

2 min read

1056383416_0 119 3000 1806_1200x0_80_0_1_b9600ca334eb0fd417115eb1663084a2
294
VIEWS
Share on FacebookShare on Twitter

ভাৰত-চীন সীমান্তৰ অৰুণাচল প্ৰদেশৰ মোক মোহন লাইনৰ পৰা চীনৰ পিপ’লছ লিবাৰেশ্যন আৰ্মি(পিএলএ)এ অপহৰণ কৰি নিয়া পাঁচ অপহৃত ব্যক্তিৰ সন্দৰ্ভত দিল্লীয়ে বেইজিঙৰ সৈতে যোগাযোগ কৰিছিল।

কিন্তু ইয়াৰ প্ৰত্যুত্তৰত বেইজিঙে দিল্লীক জনায় যে সেই পাঁচজন ব্যক্তিৰ বিষয়ে কোনো তথ্য বেইজিঙৰ হাতত নাই।

ইফালে চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপত্ৰ ঝাও লিজিয়ানে কয়, “কেতিয়াও চীনে তথাকথিত অৰুণাচল প্ৰদেশক স্বীকৃতি দিয়া নাই। অৰুণাচল হৈছে দক্ষিণ চীনৰ তিব্বতৰ অঞ্চল। এই অঞ্চলত অপহৃত পাঁচজন ভাৰতীয়ৰ সন্দৰ্ভত ভাৰতীয় সেনা বাহিনীয়ে পিএলএৰ দ্বাৰা আমালৈ প্ৰশ্ন কৰা বা বাৰ্তা পঠোৱাৰ কোনো বিৱৰণ তথা তথ্য আমাৰ হাতত নাই।”

চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ এই উত্তৰ পিছতে ভাৰত চৰকাৰে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

উল্লেখ্য যে ইয়াৰ পূৰ্বে কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী কিৰেণ ৰিজিজুৱে জনাইছিল যে ভাৰতীয় সেনাই পাঁচগৰাকী অৰুণাচলী যুৱক অপহৰণ তথ্য বিচাৰি চীনৰ পিএলএ-লৈ এক বাৰ্তা প্ৰেৰণ কৰিছিল।

ইফালে চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰৰ এই প্ৰত্যুত্তৰক ‘এই প্ৰতিক্ৰিয়া প্ৰতীক্ষিত’ বুলি মন্তব্য কৰিছে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে।

ইফালে প্ৰাক্তন কংগ্ৰেছী সাংসদ নিনং এৰিঙে সীমান্ত অঞ্চলৰ পৰা পাঁচজন ভাৰতীয় নাগৰিকক চীনৰ সেনা বাহিনীয়ে অপৰহণ কৰিছে বুলি পুনৰ এবাৰ সংবাদ মাধ্যমৰ আগত দাবী কৰিছে।

স্মৰ্তব্য যে, যোৱা বৃহস্পতিবাৰে মোক মোহন লাইনৰ পৰা তুচ সিংকোম, টানা বাকেৰ, প্ৰসাদ ৰিংলিং, নাগৰু দিৰি আৰু দংটু এবিয়া নামৰ ১৮ৰ পৰা ২০ বছৰীয়া পাঁচজন যুৱকক চীনৰ সেনা বাহিনীয়ে অপহৰণ কৰি নিয়া বুলি ভাৰতে দাবী কৰি আহিছে।

Recent News

Story-8-3-750x375

সেনা বিষয়া ৰাণাপ্ৰতাপ কলিতা, ৰাজকুমাৰ পল্লৱ গোঁহাই আৰু প্ৰণৱজ্যোতি দাসলৈ সাহসিকতাৰ সন্মান

USA-TIKTOK/BYTEDANCE

উত্তৰত সন্তুষ্ট নহয় কেন্দ্ৰ; চিৰদিনৰ বাবে নিষিদ্ধ হোৱাৰ পথত TikTokকে ধৰি ৫৯টা চীনা এপ

WhatsApp Image 2021-01-26 at 9.33.43 AM

শাৰীৰিক সম্পৰ্ক স্থাপনত ৰাজী নহ’ল ষষ্ঠ পত্নী; সপ্তম পত্নীৰ সন্ধান ৬৩বছৰীয়া বৃদ্ধৰ

760672-traffic-08-dna-750x375

পুৰণি গাড়ী পুহি ৰখাসকলৰ বাবে নতুন ‘বোজা’ৰ সংকেত! ‘সেউজ কৰ’ লগাব চৰকাৰে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd