আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা বিভাগে চীন বৰ্তমান সময়ত বিশ্বৰ ভিতৰত বৃহৎ নৌবাহিনী বুলি মন্তব্য কৰে।
৩৫০ খন যুদ্ধ জাহাজ আৰু ছাবমেৰিণৰ সৈতে চীন বিশ্বৰ সৰ্ববৃহৎ নৌবাহিনী বুলিও আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা বিভাগে তথ্য দাঙি ধৰে।
আনহাতে, চীনৰ বৰ্তমান সময়ত ৩৫০ খন যুদ্ধ জাহাজ আৰু ছাবমেৰিণ থকাৰ বিপৰীতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৰ্তমান ২৯৩ খন যুদ্ধ জাহাজ আৰু ছাবমেৰিণ আছে।
মাৰ্কিন যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে উল্লেখ কৰা অনুসৰি, চীনে ক্ৰমাগতভাৱে ইয়াৰ নৌ শক্তি বৃদ্ধি কৰি আহিছে।
চীনৰ নৌ বাহিনী আধুনিক মাল্টিৰোল যুদ্ধজাহাজেৰে সমৃদ্ধ বুলিও মাৰ্কিন প্ৰতিৰক্ষা বিভাগৰ প্ৰতিবেদনত প্ৰকাশ পায়।
উল্লেখযোগ্য যে, চীনে টাইৱান আৰু জাপানৰ অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই দক্ষিণ চীন সাগৰত ইয়াৰ নৌ শক্তি বৃদ্ধি কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে।
আমেৰিকা যুক্তৰাষ্ট্ৰয়ো দক্ষিণ চীন সাগৰত চীনৰ বৰ্দ্ধিত নৌ সেনাৰ আগ্ৰাসন ৰোধ কৰাৰ বাবে নিজৰ যুদ্ধ জাহাজ মোতায়ন কৰিছে।