লাগে জনশক্তি! জন্মৰ হাৰ বৃদ্ধিৰ বাবে চীনৰ ৰাষ্ট্ৰপতিয়ে ঘোষণা কৰিলে নতুন নীতি

ফটো: সংগৃহীত।

China seeks to boost the birth rate চীনে দেশখনত জন্মৰ হাৰ বৃদ্ধি কৰিবলৈ এক নতুন নীতি প্ৰস্তুত কৰিবলৈ আগবাঢ়িছে। ৰাষ্ট্ৰপতি জি জিনপিঙে দেওবাৰে এই কথা ঘোষণা কৰে।

ৰাষ্ট্ৰপতি জি জিনপিঙে কয় যে নীতি নিৰ্দ্ধাৰণকাৰীসকল চিন্তিত যে চীনৰ জনসংখ্যা হ্ৰাসৰ ফলত বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ অৰ্থনীতি ক্ষতিগ্ৰস্ত হ’ব পাৰে।

তেওঁ কয়, “আমি জন্মৰ হাৰ বৃদ্ধি কৰিবলৈ এক নীতি প্ৰস্তুত কৰিম আৰু বয়সস্থ জনসাধাৰণৰ বাবে এক সক্ৰিয় ৰাষ্ট্ৰীয় কৌশল অনুসৰণ কৰিম।”

লগতে পঢ়ক: বিতৰ্ক: ভাৰতত নাই আইনৰ শাসন! আমেৰিকাৰ সংবাদ মাধ্যমৰ বিজ্ঞাপনত মোডী চৰকাৰক গৰিহণা

চীনৰ বৰ্তমানৰ জনসংখ্যা ১৪০ বিলিয়ন। অৱশ্যে এই বছৰ দেশত জন্মৰ হাৰ যথেষ্ট হ্ৰাস পাব যিটো এতিয়ালৈকে নথিভুক্ত কৰা সৰ্বনিম্ন অভিলেখ হ’ব পাৰে।

দেশখনৰ জনসংখ্যা তত্ত্ববিদসকলে জানিবলৈ দিয়া মতে যোৱা বছৰ চীনত ১ কোটি ৬০ লাখ শিশুৰ জন্ম হৈছিল। কিন্তু এই বছৰ ই ১ কোটিতকৈও কম হ’ব। ইপিনে, ২০২০ চনৰ তুলনাত জন্মৰ হাৰ ১১.৫ শতাংশ হ্ৰাস পাইছে।

উল্লেখ্য যে ১৯৮০ চনৰ পৰা ২০১৫ চনলৈ চীনত এক সন্তান নীতি কাৰ্যকৰী হৈছিল। জন্মৰ হাৰ হ্ৰাস হোৱা আৰু দেশৰ বৃদ্ধ জনসংখ্যা বৃদ্ধিৰ বাবে দেশখন ইয়াৰ পূৰ্বৰ স্থিতিৰ পৰা আঁতৰি আহিছে।

লগতে পঢ়ক: এইবাৰ অৰ্জুন! ভাৰতৰ আন এক কিশোৰ দবা খেলুৱৈৰ হাতত পৰাজিত বিশ্ব চেম্পিয়ন কাৰ্লছেন

বৰ্তমান যদিও দেশত তিনিটা সন্তানৰ নীতি বলবৎ আছে, অৰ্থনৈতিক কাৰণত দেশত দম্পতীসকলৰ মাজত সন্তান জন্ম দিয়াৰ আকাংক্ষা হ্ৰাস পাইছে।