লাডাখৰ পৰা অৰুণাচল প্ৰদেশলৈকে ভাৰতীয় ভূখণ্ডত চীনৰ দুখোজ আগুৱাই আৰু এখোজ পিছুৱাই যোৱা ‘চালামি স্লাইচিং’ নীতি অতি পৰিচিত। ভাৰতীয় সেনাই অতি কঠোৰভাৱে ইয়াৰ মোকাবিলা কৰিছে। কিন্তু এইবাৰ চীনৰ লাল সেনাৰ চকু পৰিছে প্ৰশান্ত মহাসাগৰৰ ওপৰত। কেইবাটাও সংবাদ মাধ্যমৰ খবৰ অনুসৰি, বেইজিঙে এতিয়া সাগৰতো একেই ‘চালামি স্লাইচিং’ নীতি অনুসৰণ কৰিছে। যাৰ ফলত আমেৰিকা চিন্তিত হৈ পৰিছে।
আমেৰিকাৰ সংবাদ মাধ্যম ‘চিএনএন’ৰ প্ৰতিবেদন অনুসৰি, শেহতীয়াকৈ কেইখনমান চীনা জাহাজে চীনৰ মূল ভূখণ্ডৰ পৰা বহু দূৰলৈকে টহল দিছে। বেইজিঙে টাইৱানৰ পূবৰ সাগৰৰ কেইবাটাও স্পৰ্শকাতৰ অঞ্চল নিজৰ দখললৈ নিবলৈ চেষ্টা কৰিছে। ইয়াৰ উপৰিও, বিতৰ্কিত সাগৰীয় অঞ্চলতো চীনে গৱেষণা চলাই আছে বুলি খবৰ পোৱা গৈছে। বিশেষজ্ঞসকলৰ মতে, বেইজিঙৰ এই পদক্ষেপসমূহ ‘চালামি স্লাইচিং’ কৌশলৰেই এটা অংশ। এই কৌশলৰ জৰিয়তে সামৰিক সংঘাত বা উত্তেজনা সৃষ্টি নকৰাকৈ সৰু সৰু কিন্তু ধাৰাবাহিক পদক্ষেপেৰে চীনে সাগৰত নিজৰ আধিপত্য বিস্তাৰ কৰিছে।
বিশ্লেষকসকলে কয় যে পশ্চিম প্ৰশান্ত মহাসাগৰৰ কেইবাটাও অঞ্চল চীন আৰু আমেৰিকা দুয়োখন দেশৰ বাবেই কৌশলগতভাৱে গুৰুত্বপূৰ্ণ, আৰু এতিয়া বেইজিঙে সেই অঞ্চলবোৰত নিজৰ প্ৰভাৱ বৃদ্ধি কৰিছে। চীনৰ এই পদক্ষেপে টাইৱানৰ বাবে বিশেষভাৱে উদ্বেগৰ সৃষ্টি কৰিব পাৰে। কাৰণ বেইজিঙে বাৰে বাৰে দাবী কৰি আহিছে যে টাইৱান চীনৰ এক অংশ। প্ৰয়োজনত শক্তি প্ৰয়োগ কৰাৰ ভাবুকিও দিছে চীনে। চলিত মাহৰ আৰম্ভণিতে চীনৰ সামুদ্ৰিক নিৰাপত্তা সংস্থাৰ তিনিখন জাহাজ টাইৱান আৰু ফিলিপাইনছৰ মাজৰ বাছি প্ৰণালীৰে চলাচল কৰিছিল। জাহাজকেইখনে টাইৱানৰ পূব অংশৰ সাগৰত মানচিত্ৰ নিৰ্মাণৰ কামো আৰম্ভ কৰিছে। এতিয়া প্ৰশ্ন উঠিছে, চীনৰ এই আগ্ৰাসন আমেৰিকাই ৰুধিব পাৰিবনে?
সাগৰত মানচিত্ৰ নিৰ্মাণ কৰাৰ সামৰিক আৰু কৌশলগত গুৰুত্ব আছে। এজন বিশেষজ্ঞৰ মতে, এই তথ্যই চীনা নৌসেনাক টাইৱানৰ পূব দিশৰ জলসীমাত চাবমেৰিন আৰু নৌবহৰ অধিক ফলপ্ৰসূভাৱে পৰিচালনা কৰাত সহায় কৰিব। ইয়াৰ লগতে ইয়াৰ জৰিয়তে বেইজিঙে সাগৰৰ তলত থকা তাঁৰ, প্ৰাকৃতিক সম্পদ আৰু অন্যান্য বিষয়সমূহৰ বিষয়ে স্পষ্ট ধাৰণা পাব পাৰে যিটো ভৱিষ্যতৰ বাবে উপযোগী হৈ উঠিব পাৰে। টাইৱানৰ পূব দিশৰ জলভাগ কৌশলগতভাৱে অতি গুৰুত্বপূৰ্ণ। কাৰণ ই দ্বীপটোক বহল প্ৰশান্ত মহাসাগৰৰ সৈতে সংযোগ কৰে আৰু সংকটৰ সময়ত টাইৱানৰ বাবে গুৰুত্বপূৰ্ণ হৈ পৰিব পাৰে। গতিকে চীনে যদি তাত নিজৰ উপস্থিতি শক্তিশালী কৰে তেন্তে টাইৱানৰ বাবে সমস্যা বৃদ্ধি পাব।
উদ্ধৃতিযোগ্য যে দীৰ্ঘদিন ধৰি চীনৰ আগ্ৰাসনৰ বাবে টাইৱান শলঠেকত পৰিছে। চীনে সদায় টাইৱানক নিজৰ অংশ বুলি দাবী কৰি আহিছে। বেইজিঙত ক্ষমতাৰ বাঘজৰী ছি জিনপিঙৰ হাতলৈ যোৱাৰ পিছৰে পৰা কমিউনিষ্ট দেশখন অধিক আক্ৰমণাত্মক হৈ পৰিছে। ৰাষ্ট্ৰপতি ছিয়ে কেইবাবাৰো বলপূৰ্বকভাৱে টাইৱান দখল কৰাৰ কথাও কৈছে। তাৰ পিছৰে পৰা টাইৱান অধিক সতৰ্ক হৈ পৰিছে। চীনৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ টাইৱানেও নিজৰ সামৰিক বাহিনীক অত্যাধুনিক অস্ত্ৰৰে সজ্জিত কৰিছে।
মন কৰিবলগীয়া কথাটো হ‘ল ২০১৭ চনৰ আশে-পাশে ভাৰত, ভূটান আৰু চীনৰ সীমান্তৰ ডোকলামক লৈ ভাৰত আৰু চীনৰ মাজত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। চীনা সেনাই সেই অঞ্চলত ৰাস্তা নিৰ্মাণ কৰিব বিচাৰিছিল। ইয়াৰ পিছত এটা চেটেলাইটৰ জৰিয়তে পোৱা ছবিত দেখা গৈছিল যে চীনে ডোকলামৰ ৯ কিলোমিটাৰ পূবত এখন সম্পূৰ্ণ গাঁও নিৰ্মাণ কৰিছে। আনহাতে, ২০২১ চনত এটা সৰ্বভাৰতীয় টেলিভিছন চেনেলে দাবী কৰিছিল যে উত্তৰ-পূবৰ অৰুণাচল প্ৰদেশত লাল সেনাই লাহে লাহে নিজৰ থাবা বহুৱাইছে। সেই প্ৰতিবেদনত দাবী কৰা হৈছিল যে চীনে ভাৰতীয় ভূখণ্ডৰ চাৰি কিলোমিটাৰ ভিতৰলৈ সোমাই আহি তাছাৰি চু নদীৰ পাৰত এখন গাঁও নিৰ্মাণ কৰিছে, যাক লৈ দুয়োখন দেশৰ মাজত সংঘাত বৃদ্ধি পাইছিল।





