Sensational murder in Guwahati মহানগৰীত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ডৰ ঘটনা। পত্নীক হত্যা কৰি মৃতদেহ লুকুৱাই ৰাখি নাটক কৰাৰ অভিযোগ উত্থাপিত হৈছে এগৰাকী চাৰ্টাড একাউন্টেন্টৰ বিৰুদ্ধে।
গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত এটা এপাৰ্টমেন্টৰ পৰা উদ্ধাৰ কৰা হৈছে আন্তিমা গুপ্তা নামৰ এগৰাকী মহিলাৰ ক্ষত-বিক্ষত মৃতদেহ।
ঘটনা অনুসৰি, বুধবাৰে মহিলাগৰাকীৰ স্বামী সন্তোষ গুপ্তাই তেওঁৰ পত্নী নিখোজ হোৱা বুলি গড়চুক থানাত অভিযোগ দাখিল কৰিছিল।
পেছাত এগৰাকী চাৰ্টাড একাউন্টেন্ট সন্তোষ গুপ্তাই পত্নী আন্তিমা গুপ্তাৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱা ৭বছৰ হৈছিল যদিও তেওঁলোকৰ কোনো সন্তান নাছিল।
ইপিনে, সন্তোষ গুপ্তাই পত্নী আন্তিমা গুপ্তাক পৰিকল্পিতভাৱে হত্যা কৰি মৃতদেহ লুকুৱাই ৰাখি নাটক কৰাৰ ঘটনা পোহৰলৈ আহিছে।
সন্তোষ গুপ্তাই পত্নী আন্তিমাক হত্যা কৰি মৃতদেহটো তেওঁলোকৰ ঘৰতে ভাড়াতীয়া হিচাপে থকা দেৱযানী দাস নামৰ মহিলাগৰাকীৰ ৰান্ধনিঘৰত লুকুৱাই ৰাখিছিল।
বৃহস্পতিবাৰে নিশা দেৱযানী দাসে তেওঁৰ স্বামীৰ সৈতে গড়চুক থানাত উপস্থিত হৈ তেওঁলোকৰ ৰান্ধনী ঘৰত সন্তোষ গুপ্তাই পত্নী আন্তিমা গুপ্তাৰৰ মৃতদেহটো লুকুৱাই ৰখাৰ কথা জানিবলৈ দিয়ে।
গড়চুক আৰক্ষীয়ে নিশাই ঘটনাস্থলীৰ পৰা মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে এটা মোবাইল ফোন উদ্ধাৰ কৰে।
আৰক্ষীয় ইতিমধ্যে হত্যাত অভিযুক্ত সন্তোষ গুপ্তাক গ্ৰেপ্তাৰ কৰি সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।





