• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘মৰিলেও মৰি যাম, জনজাতি লৈ যাম’! জনজাতিকৰণৰ দাবীত উত্তাল যোৰহাট-মৰাণৰ ৰাজপথ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 1, 2025 8:35 pm
22
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মৰাণ, মটক, টাই আহোম, চাহ জনগোষ্ঠী আৰু কোঁচ ৰাজবংশীৰ পিছত এইবাৰ জনজাতিকৰণৰ দাবীত ৰাজ্যৰ ৰাজপথ কঁপাইছে চুতীয়া জনগোষ্ঠীৰ ৰাইজে। বিধানসভা নিৰ্বাচনৰ পূৰ্বে নিজৰ দীৰ্ঘদিনীয়া দাবী পূৰণৰ ক্ষেত্ৰত চুতীয়া জনগোষ্ঠীৰ লোকসকল দৃঢ় স্থিতি গ্ৰহণ কাৰিছে।

অসমৰ ৬ জনগোষ্ঠীক জনজাতিকৰণ প্ৰদানৰ ক্ষেত্ৰত অসম বিধানসভাই বিশেষ পদক্ষেপ গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইআশ্বাস দিয়াৰ পিছতো জনগোষ্ঠীসমূহে চৰকাৰক বিশ্বাসত ল’ব পৰা নাই। ফলস্বৰূপে, শনিবাৰে ১ নৱেম্বৰত গোলাঘাট, যোৰহাট, ধেমাজি আৰু মৰাণত চুতীয়া জনগোষ্ঠীৰ কেইবাটাও সংগঠনে বিশাল গণ সমাৱেশ উলিয়াই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

Apply Now

ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ হাজাৰ হাজাৰ লোক মৰাণত সমবেত হয়। মৰাণৰ ঊষাপুৰ খেলপথাৰত একত্ৰিত হৈ জনগোষ্ঠীৰ ৰাইজে মৰাণ নগৰৰ মাজেদি এক প্ৰতিবাদী সমদল উলিয়ায়।

হাজাৰ হাজাৰ লোকে ‘চুতীয়া জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰক‘, ‘জনজাতিকৰণ আমাক লাগিবই‘, ‘অসম চৰকাৰ হুঁচিয়াৰ‘ আৰু ‘বিজেপি গ‘ বেক‘ ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে।

চুতীয়া জনগোষ্ঠীৰ নেতৃবৃন্দই হুংকাৰ দি কয় যে ‘২৬ ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে যিকোনো মূল্যৰ বিনিময়ত বিজেপি চৰকাৰে চুতীয়া জনগোষ্ঠীক জনজাতিকৰণ আৰু স্বায়ত্তশাসন প্ৰদান কৰিবই লাগিব।’

প্ৰতিবাদত অংশ লৈ চুতীয়া যুৱ পৰিষদৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক মনোজ চুতীয়াই কয় যে “অহা ‘২৬ ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে চুতীয়াৰ লগতে অসমৰ ৬ জনগোষ্ঠীক জনজাতিকৰণ নকৰিলে আৰু অসম বিধানসভাত ২৫ নৱেম্বৰত জনজাতি বিষয়টোত প্ৰতিবেদন প্ৰস্তুত কৰি দিল্লীলৈ নপঠিয়ালে চুতীয়া জনগোষ্ঠীৰ ৰঙা চকু দেখিব চৰকাৰে। প্ৰতিবাৰৰ দৰে এইবাৰ চৰকাৰে দিয়া ললিপপ গ্ৰহণ কৰা নহ‘ব।”

আনহাতে, চুতীয়া ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ক্ষীৰোদ শইকীয়াই বিজেপি চৰকাৰক তীব্ৰ সকীয়নি প্ৰদান কৰি কয় যে জনজাতিকৰণ প্ৰদান নকৰিলে বিজেপি চৰকাৰক ওফৰাই দিবলৈ জনগোষ্ঠী সাজু হৈ আছে।

ক্ষীৰোদ শইকীয়াই চুতীয়া জনগোষ্ঠীৰ কেবিনেট মন্ত্ৰী বিমল বড়া, অজন্তা নেওগ, অতুল বৰা আৰু বিধায়ক অমিয় ভূঞাক জনগোষ্ঠীটোৰ দীৰ্ঘদিনীয়া দাবীটো বলিষ্ঠভাৱে উত্থাপন কৰিবলৈ আহ্বান জনায়। তেওঁ স্পষ্টকৈ কয়, “আমাক জনজাতিকৰণ লাগিবই, নহ‘লে আমি ক্ষান্ত নহওঁ।”

সদৌ চুতীয়া জাতি সন্মিলন অসমৰ উদ্যোগত পশ্চিম যোৰহাট ক্ৰীড়া সন্থাৰ খেলপথাৰত আন এক বৃহৎ গণ সমাৱেশৰ আয়োজন কৰা হয়। হাজাৰ হাজাৰ চুতীয়া লোকে এই সমাৱেশৰ পৰা “মৰিলেও মৰি যাম, জনজাতি লৈ যাম” বুলি হুংকাৰ দিয়ে।

সমবেত সহস্ৰাধিক লোকে প্ৰায় দুই কিলোমিটাৰ পথ সমদল কৰি যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত উপস্থিত হৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

এজন প্ৰতিবাদকাৰীয়ে কয় যে জনজাতিকৰণৰ নামত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে কেৱল প্ৰতিশ্ৰুতিহে দি গ‘ল, সেয়েহে এইবাৰ চৰকাৰৰ আভুৱা ভৰা প্ৰতিশ্ৰুতিত কোনোমতে ভোল যোৱা নহ‘ব।

চুতীয়া জনগোষ্ঠীৰ লোকসকলে ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত বাধা দিয়া ট্ৰাইবেল সংঘৰ নেতা আদিত্য খাখলাৰীকো তীব্ৰ সমালোচনা কৰে। তেওঁলোকে দাবী কৰে যে ৰাজনৈতিক নেতাই প্ৰৰোচনাত এনে বক্তব্য আগবঢ়াইছে আৰু খাখলাৰীক এনে কামৰ পৰা আঁতৰি থাকিবলৈ সকীয়নি প্ৰদান কৰে।

উল্লেখযোগ্য যে এই গণ সমাৱেশত পশ্চিম যোৰহাট খেলপথাৰত সতী সাধনী আৰু অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱা হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

August 27, 2026 9:42 am
নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

August 27, 2026 8:25 am
ঘৰত হ’লে কথা চহকী; বিদ্যালয়ত খোল নাখায় মুখ! ভয়ংকৰ সমস্যাত থাকিব পাৰে আপোনৰ শিশুটি?

ঘৰত হ’লে কথা চহকী; বিদ্যালয়ত খোল নাখায় মুখ! ভয়ংকৰ সমস্যাত থাকিব পাৰে আপোনৰ শিশুটি?

August 27, 2026 6:46 am
উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

August 27, 2026 9:42 am
নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

August 27, 2026 8:25 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd