• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সৰিয়হৰ ডুলিতে ভূত! আমেৰিকাৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ বিশ্বাসঘাতক চোৰাংচোৱাৰ মৃত্যু, কোন এই এলড্ৰিচ এমেছ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 9, 2026 9:39 am
46
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ ইতিহাসৰ আটাইতকৈ কুখ্যাত ‘ডাবল এজেণ্ট’ এলড্ৰিচ এমেছৰ মৃত্যু হৈছে। সোমবাৰে মেৰিলেণ্ডৰ কাম্বাৰলেণ্ডৰ ফেডাৰেল কাৰেকচনেল ইনষ্টিটিউচনত কাৰাগাৰত থকাৰ সময়তে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত চিআইএৰ প্ৰাক্তন চোৰাংচোৱা বিষয়াগৰাকীৰ বয়স আছিল ৮৪ বছৰ। যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি পোৱা এমেছৰ পেৰ’লৰ কোনো সম্ভাৱনা নাছিল।

যদিও তেওঁ চিআইএৰ বাবে কাম কৰিছিল, এলড্ৰিচ এমেছে ১৯৮৫ চনৰ পৰা আৰম্ভ কৰি ৯ বছৰতকৈ অধিক সময় ছোভিয়েট ইউনিয়নক গোপন তথ্য বিক্ৰী কৰিছিল। আমেৰিকাৰ চোৰাংচোৱাৰ ইতিহাসৰ অন্যতম ক্ষতিকাৰক ডাবল এজেণ্ট হিচাপে পৰিচিত এমেছৰ কাৰ্যকলাপে এশৰো অধিক গোপন অভিযানত ব্যাঘাত জন্মাইছিল।

Apply Now

তেওঁৰ ফাদিল কৰা তথ্যত পশ্চিমীয়া দেশৰ বাবে চোৰাংচোৱাগিৰি কৰা ৩০ জনতকৈ অধিক এজেণ্টৰ পৰিচয় উন্মোচিত হয় আৰু কমেও ১০ জন চিআইএ বিষয়াই প্ৰাণ হেৰুৱাইছিল। ১৯৯৪ চনৰ ২৮ এপ্ৰিলত আদালতে এমেছক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে।

বিচাৰৰ সময়ত তেওঁ ছোভিয়েট ইউনিয়ন আৰু পিছলৈ ৰাছিয়াক গোপন তথ্য বিক্ৰী কৰা বুলি স্বীকাৰ কৰে। আদালতত পঢ়া আঠ পৃষ্ঠাৰ বিবৃতিত এমেছে কয় যে তেওঁ ঋণ পৰিশোধ কৰাৰ তাগিদাৰ বাবেই ধনৰ বিনিময়ত বিশ্বাসঘাতকতাৰ পথ বাছি লৈছিল।

তেওঁৰ বিৱৰণী অনুসৰি ১৯৮৫ চনৰ এপ্ৰিল মাহৰ পৰা তেওঁ ছোভিয়েট চোৰাংচোৱা সংস্থা কেজিবিক চিআইএৰ চোৰাংচোৱাৰ নাম দিবলৈ আৰম্ভ কৰে আৰু প্ৰথম কিস্তিত ৫০ হাজাৰ ডলাৰ লাভ কৰে। এমেছে আদালতত এইটোও কয় যে কেজিবিয়ে তেওঁ দিয়া তথ্যৰ বাবে কৃতজ্ঞতা স্বৰূপে তেওঁৰ বাবে ২০ লাখ ডলাৰ পৃথকে ৰখাৰ প্ৰতিশ্ৰুতি দিছিল – যিটো আজিও তেওঁৰ বাবে আচৰিত কথা। মুঠতে তেওঁ প্ৰায় ২৫ লাখ ডলাৰ কিস্তিত লাভ কৰিছিল। এই টকাৰে তেওঁ বিলাসী জীৱন কটাবলৈ আৰম্ভ কৰে, নতুন জাগুয়াৰ গাড়ী কিনে, বিদেশ ভ্ৰমণ কৰে আৰু ৫ লাখ ৫০ হাজাৰ ডলাৰৰ ঘৰ ক্ৰয় কৰে। কিন্তু তেওঁৰ বাৰ্ষিক দৰমহা কেতিয়াও ৭০ হাজাৰ ডলাৰতকৈ বেছি হোৱা নাছিল।

কাৰাগাৰত এমেছৰ মৃত্যুৱে এটা যুগৰ অন্ত পেলাইছিল যদিও তেওঁৰ বিশ্বাসঘাতকতাৰ দাগবোৰ এতিয়াও আমেৰিকাৰ চোৰাংচোৱাৰ ইতিহাসত গভীৰভাৱে খোদিত হৈ আছে। দীৰ্ঘদিনীয়া কেৰিয়াৰৰ অন্ত পৰে আমেৰিকাৰ ইতিহাসৰ অন্যতম ভয়ংকৰ প্ৰতাৰণা আছিল।

কোন এই এলড্ৰিচ এমেছ?

১৯৪১ চনৰ ২৬ মে’ত উইচকনচিনৰ ৰিভাৰ ফল্ছত জন্মগ্ৰহণ কৰিছিল এলড্ৰিচ এমেছে। ১৯৬২ চনৰ পৰা আৰম্ভ হৈছিল এলড্ৰিচ এমেছৰ চিআইএ কেৰিয়াৰ। তেওঁ কলেজ শেষ নকৰাকৈয়ে ঘৰলৈ উভতি আহিছিল। তেওঁৰ পিতৃ নিজে চিআইএৰ বিশ্লেষক আছিল। পিতৃৰ সংযোগৰ জৰিয়তে চিআইএত যোগদান কৰি প্ৰায় ৩১ বছৰ তাত কাম কৰিছিল।

তেওঁ চিআইএৰ কাউণ্টাৰ ইনটেলিজেন্স গ্ৰুপৰ ছোভিয়েট শাখাৰ মুৰব্বী আছিল আৰু আমেৰিকাৰ বাবে চোৰাংচোৱাগিৰি কৰা এশৰো অধিক ৰাছিয়ানৰ নাম ক্ৰেমলিনক দিছিল। কেজিবিলৈ তেওঁৰ ক’ড নাম আছিল ‘কোলোকোল’ – ইংৰাজীত যাৰ অৰ্থ ‘দ্য বেল’।

এই সময়ছোৱাত তেওঁ ছোভিয়েট ইউনিয়নত কাম কৰা প্ৰায় সকলো চিআইএৰ চোৰাংচোৱাৰ পৰিচয় উদঙাই দিছিল। ফলত ১৯৮৫ চনত হঠাতে ইটোৰ পিছত সিটোকৈ ছোভিয়েট এজেণ্ট নোহোৱা হ’বলৈ ধৰিলে। কেজিবিয়ে তেওঁলোকক বন্দী কৰি বহুতকে ফাঁচী দিয়ে। ১৯৮৫ চনৰ পৰা ১৯৯৩ চনৰ ভিতৰত ছোভিয়েট ইউনিয়নক তথ্য বিক্ৰী কৰাৰ অভিযোগত এলড্ৰিচ এমেছ আৰু তেওঁৰ পত্নী ৰোজাৰিয়াক দোষী সাব্যস্ত কৰা হৈছিল।

১৯৮৫ চনৰ পৰাই চিআইএৰ বাবে কাম কৰা ছোভিয়েট এজেণ্টসকল ৰহস্যজনকভাৱে নিৰুদ্দেশ হ’বলৈ আৰম্ভ কৰাৰ পৰাই তেওঁ সন্দেহৰ আৱৰ্তত আছিল। দীৰ্ঘদিনীয়া তদন্তৰ অন্তত ১৯৯৪ চনত তেওঁক গ্ৰেপ্তাৰ কৰা হয়। শীতল যুদ্ধৰ সময়ত হোৱা এই আটাইতকৈ ডাঙৰ প্ৰতাৰণাৰ দাগ এতিয়াও চিআইএ-ই বহন কৰি আছে।

তেওঁ দিয়া ভুৱা তথ্যৰ ওপৰত নিৰ্ভৰ কৰি চিআইএৰ বিষয়াসকলে তেতিয়াৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ৰ’নাল্ড ৰেগান, জৰ্জ এইচ ডব্লিউ বুছ আৰু অন্যান্য শীৰ্ষ বিষয়াসকলক ছোভিয়েট সামৰিক সামৰ্থ্য আৰু অন্যান্য কৌশলগত বিষয়সমূহৰ বিষয়ে বাৰে বাৰে বিপথে পৰিচালিত কৰিছিল।

১৯৯১ চনত ছোভিয়েট ইউনিয়নৰ পতনৰ পিছত ৰাছিয়া আৰু আমেৰিকাই সম্পৰ্ক স্বাভাৱিক কৰিবলৈ চেষ্টা কৰাৰ লগে লগে এলড্ৰিচ এমেছ গোচৰে ৱাশ্বিংটন আৰু মস্কোৰ মাজত উত্তেজনা বৃদ্ধি কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুন মাহত সমগ্ৰ ভাৰতত বৰষুণৰ পৰিমাণ ৪২ শতাংশ হ্ৰাস, বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্বেগ

জুন মাহত সমগ্ৰ ভাৰতত বৰষুণৰ পৰিমাণ ৪২ শতাংশ হ্ৰাস, বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্বেগ

June 24, 2026 8:45 am
বিয়াৰ প্ৰতিশ্ৰুতি দি প্ৰতাৰণা আৰু মাৰপিট : দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলৰ বিৰুদ্ধে গোচৰ

বিয়াৰ প্ৰতিশ্ৰুতি দি প্ৰতাৰণা আৰু মাৰপিট : দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলৰ বিৰুদ্ধে গোচৰ

June 24, 2026 7:45 am
ইউটিউব চাই হঠাৎ যোগাসন কৰিছে নেকি? বিপদত পৰাৰ পূৰ্বেই জানি লওক সঠিক নিয়ম

ইউটিউব চাই হঠাৎ যোগাসন কৰিছে নেকি? বিপদত পৰাৰ পূৰ্বেই জানি লওক সঠিক নিয়ম

June 24, 2026 6:50 am
কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

June 23, 2026 9:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুন মাহত সমগ্ৰ ভাৰতত বৰষুণৰ পৰিমাণ ৪২ শতাংশ হ্ৰাস, বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্বেগ

জুন মাহত সমগ্ৰ ভাৰতত বৰষুণৰ পৰিমাণ ৪২ শতাংশ হ্ৰাস, বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্বেগ

June 24, 2026 8:45 am
বিয়াৰ প্ৰতিশ্ৰুতি দি প্ৰতাৰণা আৰু মাৰপিট : দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলৰ বিৰুদ্ধে গোচৰ

বিয়াৰ প্ৰতিশ্ৰুতি দি প্ৰতাৰণা আৰু মাৰপিট : দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলৰ বিৰুদ্ধে গোচৰ

June 24, 2026 7:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd