জুবিন গাৰ্গৰ দুই ব্যক্তিগত নিৰাপত্তাৰক্ষী (পি এছ অ’)ক চমন জাৰি কৰিছে অপৰাধ তদন্ত বিভাগে (চি আই ডি)। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ অংশ হিচাপে দুয়োকে সোধপোচৰ বাবে মাতিছে আৰক্ষীয়ে।
সূত্ৰ অনুসৰি, দুয়োকে জেৰাৰ চলোৱাৰ সম্ভাৱনা আছে।
ছিংগাপুৰত জুবিন গাৰ্গৰ অকাল মৃত্যুক লৈ চিআইডিয়ে সংগ্ৰহ কৰি আছে প্ৰমাণ আৰু বিভিন্ন ব্যক্তিৰ বক্তব্য।
আনহাতে, জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত ইয়টখনত উপস্থিত থকা ছিংগাপুৰৰ কেইবাজনো অসমীয়া ব্যক্তিৰ সৈতে এছ আই টিয়ে যোগাযোগ স্থাপন কৰিছে। খবৰ অনুসৰি তেওঁলোকলৈ জাননী প্ৰেৰণ কৰা হৈছে।
অভিমন্যু তালুকদাৰ আৰু তন্ময় ফুকনে অহা ৭ অক্টোবৰত অসমলৈ আহিব বুলি এছ আই টিক অৱগত কৰিছে যদিও বাকী কেইজনে এতিয়াও আগমন নিশ্চিত কৰা নাই। ইফালে সমগ্ৰ ঘটনা সন্দৰ্ভত গৰিমা গাৰ্গৰ সৈতে ছিংগাপুৰ আৰক্ষীয়েও বাৰ্তালাপ কৰিছে।





