• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আম্বানীৰ ‘বনতাৰা’ৰ বন্যপ্ৰাণী আমদানিত CITES-এ ধৰা পেলালে ব্যাপক অনিয়ম: আমদানি বন্ধ কৰাৰ আহ্বান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 3, 2025 4:22 pm
29
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বন্যপ্ৰাণী আৰু উদ্ভিদৰ বিপন্ন প্ৰজাতিৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য চুক্তিৰ সচিবালয়ে (CITES) শেহতীয়াকৈ স্থায়ী সমিতিলৈ দাখিল কৰা এক প্ৰতিবেদনত গুজৰাটৰ জামনগৰত অৱস্থিত গ্ৰীণছ জুৱলজিকেল ৰেচকিউ এণ্ড ৰিহেবিলিটেচন চেণ্টাৰ (GZRRC) আৰু ৰাধা কৃষ্ণ টেম্পল এলিফেণ্ট ৱেলফেয়াৰ ট্ৰাষ্টে (RKTEWT) বিলুপ্তপ্ৰায় প্ৰাণীসমূহ বৃহৎ পৰিমাণে ভাৰতলৈ আমদানি কৰাৰ ক্ষেত্ৰত গুৰুত্বৰ বিসংগতি ধৰা পেলাইছে।

CITES-এ অভিযোগ কৰিছে যে এই আমদানিসমূহত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য নীতি উলংঘা কৰা হৈছে আৰু পৰ্যাপ্ত তদাৰকী (due diligence) কৰা হোৱা নাই। উল্লেখ্য যে সাধাৰণতে বান্তাৰা নামেৰে পৰিচিত গ্ৰীণছ জুৱলজিকেল ৰেচকিউ এণ্ড ৰিহেবিলিটেচন চেণ্টাৰ, মুকেশ আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানীয়ে পৰিচালনা কৰে। CITES স্থায়ী সমিতিৰ (SC79) ৭৯ সংখ্যক বৈঠকত দাখিল কৰা এই প্ৰতিবেদনখন ২০২৫ চনৰ ছেপ্তেম্বৰত চলোৱা এক পৰীক্ষণ অভিযানৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে।

Apply Now

যদিও CITES সচিবালয়ে স্বীকাৰ কৰিছে যে GZRRC আৰু RKTEWT-এ পৰিশিষ্ট-১ (Appendix-I)ৰ জীৱ-জন্তুক আৱাস আৰু পশু চিকিৎসাৰ যত্নৰ বাবে “ব্যতিক্ৰমীভাৱে উচ্চ মানদণ্ড”ৰ সুবিধা বজাই ৰাখিছে, তথাপিও সচিবালয়ৰ মূল্যায়নত এই আমদানিৰ ব্যৱস্থাপনাই চুক্তিখনৰ মৌলিক নীতিসমূহ উলংঘা কৰিব পাৰে বুলি প্ৰকাশ পাইছে।

সচিবালয়ৰ পৰ্যালোচনাত GZRRC-এ আমদানি কৰা ২,১৩২টা পৰিশিষ্ট-১ জীৱ-জন্তুকে ধৰি হাজাৰ হাজাৰ জীৱ-জন্তুৰ অধিগ্ৰহণৰ ক্ষেত্ৰত একাধিক ডাঙৰ অনিয়ম চিনাক্ত কৰা হৈছে। ইয়াৰ ভিতৰত…

‘বন্দী প্ৰজনন‘ৰ অপব্যৱহাৰ: আমদানি কৰা ২,০৪৯ টা পৰিশিষ্ট-১ প্ৰাণী ‘কেপ্টীভ-ব্ৰেড‘ বা ‘বন্ধ পোহনীয়া‘ (Source Code C) হিচাপে চিহ্নিত কৰা হৈছিল। সচিবালয়ে উদ্বেগ প্ৰকাশ কৰিছে যে এই প্ৰাণীবোৰ CITES ৰ কঠোৰ নীতি (Conf. 10.16) অনুসৰি প্ৰকৃততে দ্বিতীয় বা পৰৱৰ্তী প্ৰজন্মৰ (‘F2’ বা তাৰ পিছৰ) বন্ধ পোহনীয়া প্ৰাণী হোৱাৰ সম্ভাৱনা কম।

ইফালে ভাৰতীয় CITES কৰ্তৃপক্ষই স্বীকাৰ কৰিছে যে তেওঁলোকৰ যথাযথ মান পৰীক্ষণ পদ্ধতি (Standard Due Diligence Process) সাধাৰণতে কেৱল ৰপ্তানিকাৰী দেশৰ পৰিচালনা কৰ্তৃপক্ষৰ (MA) সৈতে অনুমতিৰ সত্যতা আৰু বৈধতা পৰীক্ষা কৰাতেই সীমাবদ্ধ।

সচিবালয়ে দৃঢ়তাৰে কয় যে ভাৰতে এই অনুমতিসমূহ “মুদ্ৰা মূল্যৰ ওপৰত” (Face Value)গ্ৰহণ কৰিছিল।  বিপজ্জনক পৰিস্থিতি থকা সত্ত্বেও কঠোৰ নিৰীক্ষণ আৰু অধিক পৰ্যালোচনা কৰাটো প্ৰয়োজন আছিল, কিন্তু সেয়া কৰা নহ‘ল।

আনহাতে ভাৰতীয় কৰ্তৃপক্ষই চিতা, চিম্পাঞ্জী, গৰিলা আৰু ওৰাংওটাঙৰ দৰে এপেণ্ডিক্স-১ প্ৰজাতিসমূহ সেই দেশসমূহৰ পৰা আমদানি কৰাৰ সময়ত পৰ্যাপ্ত তদাৰকী কৰাত ব্যৰ্থ হৈছিল, যিবোৰ সেই প্ৰজাতিসমূহৰ প্ৰাকৃতিক বাসস্থান নহয় বা আবদ্ধ পোহনীয়া প্ৰাণীৰ বাবে সুবিধাজনক নহয়। ইয়াৰ ভিতৰত সংযুক্ত আৰৱ এমিৰেটছ, ইৰাক আৰু ছিৰিয়ান আৰব গণৰাজ্যৰ পৰা অহা প্ৰাণীও আছিল।

উল্লেখ্য যে ইৰাকক উৎপত্তি স্থান বুলি দেখুৱাই বন‘ব‘ (Bonobo) এটা আমদানি কৰা হৈছিল, যদিও ইৰাক বন‘ব‘ৰ প্ৰাকৃতিক বাসস্থান নহয়।

প্ৰতিবেদনত ক্ৰয় পদ্ধতিৰ ওপৰত সন্দেহজনক তথ্য পোহৰলৈ আহিছে। GZRRC আৰু RKTEWT ৰ প্ৰতিনিধিসকলে প্ৰাণীসমূহ ক্ৰয় কৰা হোৱা নাই, বৰঞ্চ উদ্ধাৰ বা দান কৰা হৈছে বুলি দাবী কৰিছিল। কিন্তু চেচিয়াৰ কৰ্তৃপক্ষই প্ৰদান কৰা তথ্যত ক্ৰয় কৰা মূল্য, প্ৰতিটো প্ৰাণীৰ দাম আৰু কৰ তালিকাভুক্ত থকা ৰচিদ (Invoice) লাভ কৰিছে, যিয়ে প্ৰাণীসমূহ বিক্ৰী কৰা বুলি প্ৰমাণিত হৈছে।

ইয়াৰোপৰি, এই বৃহৎ আমদানিয়ে প্ৰাণী সৰবৰাহ কৰিবলৈ বিচৰা চক্ৰসমূহৰ মনোযোগ আকৰ্ষণ কৰিছিল। কেন্দ্ৰটোৱে কেমেৰুণৰ পৰা আঠটা চিম্পাঞ্জীৰ ভুৱা ৰপ্তানি অনুজ্ঞাপত্ৰও লাভ কৰিছিল। ভাৰতীয় কৰ্তৃপক্ষই প্ৰথমে তদাৰকী অবিহনে আমদানিৰ অনুমতি দিছিল, কিন্তু GZRRC-ৰ নিজস্ব আভ্যন্তৰীণ অনুসন্ধানত সন্দেহ উপজাতহে সেয়া বাতিল কৰা হয়।

CITES ষ্টেণ্ডিং কমিটিক এই পৰামৰ্শ দিয়া হৈছে যে ভাৰতে শক্তিশালী তদাৰকী আৰু নিয়ন্ত্ৰণ ব্যৱস্থা সম্পূৰ্ণৰূপে কাৰ্যকৰী নকৰালৈকে আৰু ইয়াৰ প্ৰমাণ সচিবালয়ক নিদিয়ালৈকে এপেণ্ডিক্স-১ প্ৰজাতিৰ কোনো নতুন আমদানি অনুজ্ঞাপত্ৰ জাৰি নকৰে।

সচিবালয়ে ভাৰত চৰকাৰক আমদানিৰ পদ্ধতিসমূহ পুনৰীক্ষণ আৰু শক্তিশালী কৰি নিয়মীয়াকৈ মূল্যায়নভিত্তিক তদাৰকী কৰা, ‘কেপ্টীভ-ব্ৰেড‘ৰ সংজ্ঞাৰ সৈতে আমদানি কৰা প্ৰাণীসমূহ সংগতিপূৰ্ণ হয়নে নহয় সেয়া পৰীক্ষা কৰিবলৈ ৰপ্তানি আৰু পুনৰ-ৰপ্তানি কৰা পক্ষসমূহৰ সৈতে যোগাযোগ স্থাপন কৰাৰ লগতে CITES ব্যৱস্থাপনা কৰ্তৃপক্ষ আৰু বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰো (WCCB) ক তেওঁলোকৰ কামসমূহ সঠিকভাৱে চলাবলৈ পৰ্যাপ্ত সম্পদ আছে নে নাই সেয়া নিশ্চিত কৰাৰ পৰামৰ্শ আগঢ়াইছে।

লগতে সচিবালয়ে সতৰ্ক কৰি দিছে যে তদাৰকী শক্তিশালী নকৰিলে ভাৰতে বন্যপ্ৰাণী সৰবৰাহৰ বজাৰক অনিচ্ছাকৃতভাৱে উদগনি দিয়াৰ লগতে আন্তঃৰাষ্ট্ৰীয় বন্যপ্ৰাণী সংৰক্ষণৰ প্ৰচেষ্টাক দুৰ্বল কৰাৰ আশংকা প্ৰৱল হৈ পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

June 29, 2026 10:04 pm
আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

June 29, 2026 9:44 pm
বিশ্বমঞ্চত পুনৰ সন্মানিত প্ৰধানমন্ত্ৰী মোদী : ছেচেলছ চৰকাৰে প্ৰদান কৰিলে বিশেষ ৰাষ্ট্ৰীয় সন্মান

বিশ্বমঞ্চত পুনৰ সন্মানিত প্ৰধানমন্ত্ৰী মোদী : ছেচেলছ চৰকাৰে প্ৰদান কৰিলে বিশেষ ৰাষ্ট্ৰীয় সন্মান

June 29, 2026 9:31 pm
‘অযৌক্তিক, অপেশাদাৰী’: টেনিছৰ ড’প পৰীক্ষাৰ নতুন নিয়মত ক্ষুব্ধ ২৩টা গ্ৰেণ্ড শ্লেমৰ গৰাকী ছেৰেনা উইলিয়ামছ

‘অযৌক্তিক, অপেশাদাৰী’: টেনিছৰ ড’প পৰীক্ষাৰ নতুন নিয়মত ক্ষুব্ধ ২৩টা গ্ৰেণ্ড শ্লেমৰ গৰাকী ছেৰেনা উইলিয়ামছ

June 29, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

June 29, 2026 10:04 pm
আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

June 29, 2026 9:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd