• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শীঘ্ৰেই নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ’ব : বৰাকবাসীক আশ্বাস দিলে মোদীয়ে

নাগৰিকত্ব সংশোধনী বিধেয়ক দেশ বিভাজনৰ সময়ৰ ভুলৰ প্ৰায়শ্চিত্ত : প্ৰধান মন্ত্ৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
January 4, 2019 4:19 pm
PM Silchar

আজি শিলচৰৰ এখন জনসভাত ভাষণ দি নিৰ্বাচনী ডংকা বজালে প্ৰধান মন্ত্ৰী মোদীয়ে। ফটো : য়ু বি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ৰণডংকা বজাই আজি শিলচৰত উপস্থিত হোৱা প্ৰধান মন্ত্ৰী মোদীয়ে এখন সভাত ভাষণ দি ঘাইকৈ হিন্দু বাঙালীসকলক নাগৰিকত্ব দিবলৈ অনা নাগৰিকত্ব সংশোধনী বিধেয়ক শীঘ্ৰেই গৃহীত কৰা হ’ব বুলি উপস্থিত জনতাক আশ্বাস দিয়ে। যথেষ্ট সংখ্যক হিন্দু বাংলাদেশী থকা বৰাক উপত্যকাত মোদীৰ এই ভাষণে উপস্থিত জনতাৰ মাজত উচাহৰ জোৱাৰ অনা দেখা গ’ল।

“বহুত ভাবি-চিন্তি অনা হৈছে এই বিধেয়ক।” বুলি কৈ মোদীয়ে এইটো ইংগিত কৰে যে এই বিধেয়কক আইন কৰা হ’বই। দেশ বিভাজনৰ সময়ত ভুল সিদ্ধান্ত লোৱা হৈছিল বুলিও কয় প্ৰধান মন্ত্ৰী মোদীয়ে। লগতে বিধেয়কখন সেই ভুলৰ প্ৰায়শ্চিত্ত বুলি কয়।

Apply Now

“জনতাৰ জীৱনৰ সৈতে জড়িত হৈ আছে এই বিধেয়ক। মা ভাৰতীয়ে নিজৰ মাটিত সন্তানক ঠাই দিবই।” মোদীয়ে ভাষণত স্পষ্টকৈ কয়। উল্লেখযোগ্য যে ভাৰত বিভাজনৰ ফলত সৃষ্টি হোৱা পাকিস্তানে নিজকে এখন ইছলাম ধৰ্মীয়ে দেশ বুলি ঘোষণা কৰাৰ বিপৰীতে ভাৰতৰ নেতাসকলে দূৰদৰ্শিতাৰে ভাৰতক ধৰ্ম নিৰপেক্ষ দেশ কৰি বিশ্ব উদাৰতাৰ সৈতে সহাৱস্থানত ৰাখিবলৈ সক্ষম হৈছিল।

মন কৰিব লগীয়া যে ব্ৰহ্মপুত্ৰ উপত্যকাত অসমীয়া ৰাইজ আৰু জাতীয়তাববাদী দল-সংগঠনে বিধেয়কখনৰ বিৰোধিতাত আন্দোলন কৰি থকাৰ মাজতে অসমলৈ আহি প্ৰধান মন্ত্ৰীয়ে এইদৰে স্পষ্ট কৰি দিয়াটোৱে বিশেষ তাৎপৰ্য্য বহন কৰিছে।

আনহাতে এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াই হিন্দু বাঙালীৰ প্ৰভাৱ থকা বৰাক উপত্যকাত সৃষ্টি কৰা অসন্তুষ্টিৰ কথা মনত ৰাখি মোদীয়ে আজি কয়, “এন আৰ চিয়ে বহুতকে কষ্ট দিলে।” এন আৰ চিৰ পৰা কোনো ভাৰতীয় লোক বাদ নপৰে বুলি আশ্বাস দিয়ে প্ৰধান মন্ত্ৰী মোদীয়ে।

“আপোনালোকক ভৰসা দিবলৈ আহিছো যে কোনো হিন্দুস্তানী নাগৰিক, কোনো ভাৰতীয় নাগৰিক এন আৰ চিৰ পৰা বাদ নপৰে।” মোদীয়ে কয়।

“আপকো ফিৰ চে ভৰচা দেতা হুঁ, কোই ভি হিন্দুস্তানী নাগৰিক, কোই ভি ভাৰতীয় নাগৰিক ওচ মে চে নাহি চুতেগা, য়ে মে আপকো বিশ্বাচ দেতা হুঁ”। তাৰ পিছতে প্ৰতিক্ৰিয়া হিচাপে অহা জাউৰি জাউৰি হাতচাপৰি উপভোগ কৰি কিছু সময়ৰ বাবে মোদীৰ নীৰৱতা, যিটো মোদীৰ ভাষণৰ স্বাভাৱিক দৃশ্য। আকৌ তেওঁ উপস্থিত জনতাক স্বভাৱগত ভংগিত সোধে, “আপকো মেৰে বাত পৰা ভৰচা হে?”, “পুৰা ভৰসা হে?”

মোদীয়ে এই প্ৰক্ৰিয়াটোত তেওঁলোকৰ ত্যাগ আৰু সমৰ্থনক প্ৰশংসা কৰাৰ লগতে মুখ্য মন্ত্ৰী সোণোৱাল আৰু অসম চৰকাৰৰ সামগ্ৰিক প্ৰয়াসক ধন্যবাদ দিয়ে। তেওঁ এন আৰ চি প্ৰক্ৰিয়াটো সহজ কৰাৰ বাবে চৰকাৰে উচ্চতম ন্যায়ালয়ত আৱেদন কৰা বুলিও দাবী কৰে।

প্ৰধান মন্ত্ৰীজনে অসম তথা উত্তৰ-পূবৰ বাবে বিজেপিয়ে সৰ্বতোপ্ৰকাৰে চেষ্টা কৰা বুলি কয়। তেওঁ উত্তৰ-পূবত ৰে’ল আৰু পথৰ বিকাশ হোৱা বুলি কয়। “বিজেপিৰ বাবে শাসন নহয়, বিকাশহে আচল কথা” প্ৰধান মন্ত্ৰী মোদীয়ে জনসভাত কয়।

উল্লেখযোগ্য যে মোদীয়ে ব্ৰহ্মপুত্ৰ উপত্যকালৈ আহিলে অসমীয়াত দুই-এষাৰ কোৱাৰ দৰে আজিৰ বিশাল জনসভাত বাংলাতে নিজৰ ভাষণ আৰম্ভ কৰে। তেওঁ বৰাকৰ বহুকেইজন নেতাৰ নাম লয়। আজিৰ সভাত দলটোৰ অসমৰ প্ৰভাৰী মহেন্দ্ৰ সিং, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসকে ধৰি বহুকেইজন নেতা উপস্থিত আছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am
গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am
নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am
লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am
গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd