সমলিংগ বিবাহক আইনী স্বীকৃতি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে ঘোষণা কৰিবলৈ ওলাইছে ইয়াৰ চূড়ান্ত ৰায়। ইয়াৰ পূৰ্বে ৰায় ঘোষণা কৰিবলৈ গৈ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে কয় যে, ”বিবাহ নামৰ অনুষ্ঠানটো কোনো অলৰ-অচৰ বিষয় নহয়। বিবাহত বিৱৰ্তন আহেই।”
তেওঁ লগতে কয়, ‘ব্যক্তিগত পৰ্যায়ত যিকোনো কামক আইনৰ উৰ্দ্ধত ৰখা উচিত নহয়। আজি বিবাহে যি স্বীকৃতি পাইছে সেয়া আইন অবিহনে সম্ভৱ নহ’লহেঁতেন।”
উচ্চতম ন্যায়ালয়ে কয় যে সমকামী বা এলজিবিটিকিউ সম্প্ৰদায়ৰ যিকোনো ব্যক্তিক হাৰাশাস্তি কৰা বন্ধ কৰিব লাগে। মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে এই সম্প্ৰদায়ৰ কোনো লোককে নিজৰ যৌন পৰিচয় জানিবলৈ থানালৈ মাতিব নোৱাৰিব। ঘৰৰ পৰা ওলাই গ’লে তেওঁলোকক জোৰকৈ ঘূৰাই আনিব নোৱাৰিব।
এই সম্প্ৰদায়ৰ কোনো লোকৰ বিৰুদ্ধে অভিযোগ গ্ৰহণ কৰাৰ আগতে আৰক্ষীয়ে প্ৰথমে বিষয়টোৰ তদন্ত কৰিব লাগিব। সমলিংগ বিবাহৰ ৰায় ঘোষণা কৰিবলৈ গৈ মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে, “জীৱন সংগী বাছনি কৰাটো সকলোৰে জীৱনৰ এক অবিচ্ছেদ্য অংগ।”
লগতে পঢ়কঃ ফুটবলত খেল চলি থকাৰ সময়তে ব্ৰাছেলছত দুই ছুইডেন নাগৰিকক গুলীয়াই হত্যা সন্ত্ৰাসবাদীৰ
১০ দিনীয়া শুনানিৰ শেষত মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ৰ নেতৃত্বত পাঁচজনীয়া সংবিধানিক বিচাৰপীঠে ১১ মে’ত নিজৰ ৰায় সংৰক্ষণ কৰে। সেই সময়সীমা মঙলবাৰৰ অন্ত পৰিল।সংবিধান বিচাৰপীঠৰ আন সদস্যসকল হ’ল ন্যায়াধীশ সঞ্জয় কিষাণ কৌল, ন্যায়াধীশ এছ ৰবীন্দ্ৰ ভাট, ন্যায়াধীশ হিমা কোহলী আৰু ন্যায়াধীশ এছ নৰসিংহ।
উচ্চতম ন্যায়ালয়ত এই ৰায় ঘোষণা কৰি ন্যায়াধীশ কৌলে কয়, ‘বিশেষ বিবাহ আইনত সমলিংগ মিলন অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত সীমাবদ্ধতা আছে। সেই আইনখন সলনি কৰিলে বিৰূপ প্ৰভাৱ পৰিব পাৰে।” কিন্তু তেওঁ এই ধাৰণাটো মানি ল’ব বিচৰা নাই যে এই আইনখন কেৱল বিপৰীত লিংগৰ দম্পতীৰ কথা মনত ৰাখিয়েই প্ৰস্তুত কৰা হৈছে। ন্যায়াধীশ কৌলে মন্তব্য কৰে যে সমলিংগ মিলন আৰু বিপৰীত লিংগৰ মিলনক একেটা মুদ্ৰাৰ দুটা ফাল হিচাপে চাব লাগে।
ন্যায়াধীশ চন্দ্ৰচুড়ৰ দৰে ন্যায়াধীশ কৌলেও কয় যে দেশত সমলিংগ দম্পতী বা এলজিবিটিকিউ সম্প্ৰদায়ৰ বিৰুদ্ধে বৈষম্য বিৰোধী আইন প্ৰযোজ্য।
এই সন্দৰ্ভত নৰেন্দ্ৰ মোডী চৰকাৰৰ উপৰি ৭খন ৰাজ্য চৰকাৰে নিজৰ মতামত প্ৰকাশ কৰিছে। কেন্দ্ৰৰ উপৰি অসম, অন্ধ্ৰপ্ৰদেশ আৰু ৰাজস্থান চৰকাৰে সমলিংগ বিবাহ বৈধকৰণৰ বিৰোধিতা কৰিছে।
লগতে পঢ়কঃ ইজৰাইল-হামাছৰ যুদ্ধত নিহত কমেও দুগৰাকী ভাৰতীয় মূলৰ মহিলা; কোন তেওঁলোক?
সমলিংগ বিবাহক আইনী স্বীকৃতি দিয়াৰ বিৰোধিতা কৰি কেন্দ্ৰই কয় যে ই মূলতঃ “নগৰীয়া অভিজাত শ্ৰেণীৰ ভাৱাদৰ্শ”। ইয়াৰ উপৰিও উচ্চতম ন্যায়ালয়ে এনে ‘স্পৰ্শকাতৰ বিষয়’ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণৰ বোজা সংসদক অৰ্পণ কৰিবলৈও দাবী জনাইছে। মোডী চৰকাৰৰ বক্তব্য – ‘সমলিংগ বিবাহৰ আইনী বৈধতা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠৰ যিকোনো ৰায় সঠিক পদক্ষেপ নহ’ব’!
মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে আৰম্ভণিৰে পৰাই কেন্দ্ৰৰ সৈতে মতানৈক্য প্ৰকাশ কৰিছিল। মাজতে কৈছিল, “সমকামিতা কেৱল এটা নগৰীয়া বিষয়, চৰকাৰৰ হাতত এনে কোনো পৰিসংখ্যা নাই।” সেইদৰে তেওঁ কৈছিল, ‘’সমকামী সম্পৰ্কবোৰ কেৱল শাৰীৰিক নহয়, মানসিক আৰু স্থিতিশীল সম্পৰ্কও।‘’
তেওঁ আনকি সমলিংগ বিবাহে আইনী স্বীকৃতি নাপালে সমকামী দম্পতিৰ সামাজিক পৰিচয়য় কি হ’ব তাক লৈও প্ৰশ্ন তুলিছিল।
লগতে পঢ়কঃ উশাহ ঘুৰাই পালে কেংগেৰুৱে! শ্ৰীলংকাক পৰাস্ত কৰি বিশ্বকাপত জয়ৰ মুখ দেখিলে অষ্ট্ৰেলিয়াই
মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ৰ বিচাৰপীঠে যোৱা বছৰৰ জানুৱাৰী মাহত দেশৰ বিভিন্ন উচ্চ ন্যায়ালয়ত সমলিংগ বিবাহৰ আইনী স্বীকৃতিৰ গোচৰসমূহৰ একেলগে শুনানি গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছিল। মঙলবাৰে ইয়াৰ ৰায় প্ৰদান কৰা হ’ব।