• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

“বিবাহ নামৰ অনুষ্ঠানটো কোনো অলৰ-অচৰ বিষয় নহয়”! সমলিংগ বিবাহ সন্দৰ্ভত উচ্চতম ন্যায়ালয়

এন ই নাও  নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
October 17, 2023 12:48 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমলিংগ বিবাহক আইনী স্বীকৃতি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে ঘোষণা কৰিবলৈ ওলাইছে ইয়াৰ চূড়ান্ত ৰায়। ইয়াৰ পূৰ্বে ৰায় ঘোষণা কৰিবলৈ গৈ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে কয় যে, ”বিবাহ নামৰ অনুষ্ঠানটো কোনো অলৰ-অচৰ বিষয় নহয়। বিবাহত বিৱৰ্তন আহেই।”

তেওঁ লগতে কয়, ‘ব্যক্তিগত পৰ্যায়ত যিকোনো কামক আইনৰ উৰ্দ্ধত ৰখা উচিত নহয়। আজি বিবাহে যি স্বীকৃতি পাইছে সেয়া আইন অবিহনে সম্ভৱ নহ’লহেঁতেন।”

উচ্চতম ন্যায়ালয়ে কয় যে সমকামী বা এলজিবিটিকিউ সম্প্ৰদায়ৰ যিকোনো ব্যক্তিক হাৰাশাস্তি কৰা বন্ধ কৰিব লাগে। মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে এই সম্প্ৰদায়ৰ কোনো লোককে নিজৰ যৌন পৰিচয় জানিবলৈ থানালৈ মাতিব নোৱাৰিব। ঘৰৰ পৰা ওলাই গ’লে তেওঁলোকক জোৰকৈ ঘূৰাই আনিব নোৱাৰিব।

Apply Now

 এই সম্প্ৰদায়ৰ কোনো লোকৰ বিৰুদ্ধে অভিযোগ গ্ৰহণ কৰাৰ আগতে আৰক্ষীয়ে প্ৰথমে বিষয়টোৰ তদন্ত কৰিব লাগিব। সমলিংগ বিবাহৰ ৰায় ঘোষণা কৰিবলৈ গৈ মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে, “জীৱন সংগী বাছনি কৰাটো সকলোৰে জীৱনৰ এক অবিচ্ছেদ্য অংগ।”

লগতে পঢ়কঃ ফুটবলত খেল চলি থকাৰ সময়তে ব্ৰাছেলছত দুই ছুইডেন নাগৰিকক গুলীয়াই হত্যা সন্ত্ৰাসবাদীৰ

১০ দিনীয়া শুনানিৰ শেষত মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ৰ নেতৃত্বত পাঁচজনীয়া সংবিধানিক বিচাৰপীঠে ১১ মে’ত নিজৰ ৰায় সংৰক্ষণ কৰে। সেই সময়সীমা মঙলবাৰৰ অন্ত পৰিল।সংবিধান বিচাৰপীঠৰ আন সদস্যসকল হ’ল ন্যায়াধীশ সঞ্জয় কিষাণ কৌল, ন্যায়াধীশ এছ ৰবীন্দ্ৰ ভাট, ন্যায়াধীশ হিমা কোহলী আৰু ন্যায়াধীশ এছ নৰসিংহ।

উচ্চতম ন্যায়ালয়ত এই ৰায় ঘোষণা কৰি ন্যায়াধীশ কৌলে কয়, ‘বিশেষ বিবাহ আইনত সমলিংগ মিলন অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত সীমাবদ্ধতা আছে। সেই আইনখন সলনি কৰিলে বিৰূপ প্ৰভাৱ পৰিব পাৰে।” কিন্তু তেওঁ এই ধাৰণাটো মানি ল’ব বিচৰা নাই যে এই আইনখন কেৱল বিপৰীত লিংগৰ দম্পতীৰ কথা মনত ৰাখিয়েই প্ৰস্তুত কৰা হৈছে। ন্যায়াধীশ কৌলে মন্তব্য কৰে যে সমলিংগ মিলন আৰু বিপৰীত লিংগৰ মিলনক একেটা মুদ্ৰাৰ দুটা ফাল হিচাপে চাব লাগে।

ন্যায়াধীশ চন্দ্ৰচুড়ৰ দৰে ন্যায়াধীশ কৌলেও কয় যে দেশত সমলিংগ দম্পতী বা এলজিবিটিকিউ সম্প্ৰদায়ৰ বিৰুদ্ধে বৈষম্য বিৰোধী আইন প্ৰযোজ্য।

এই সন্দৰ্ভত নৰেন্দ্ৰ মোডী চৰকাৰৰ উপৰি ৭খন ৰাজ্য চৰকাৰে নিজৰ মতামত প্ৰকাশ কৰিছে। কেন্দ্ৰৰ উপৰি অসম, অন্ধ্ৰপ্ৰদেশ আৰু ৰাজস্থান চৰকাৰে সমলিংগ বিবাহ বৈধকৰণৰ বিৰোধিতা কৰিছে।

লগতে পঢ়কঃ ইজৰাইল-হামাছৰ যুদ্ধত নিহত কমেও দুগৰাকী ভাৰতীয় মূলৰ মহিলা; কোন তেওঁলোক?

সমলিংগ বিবাহক আইনী স্বীকৃতি দিয়াৰ বিৰোধিতা কৰি কেন্দ্ৰই কয় যে ই মূলতঃ “নগৰীয়া অভিজাত শ্ৰেণীৰ ভাৱাদৰ্শ”। ইয়াৰ উপৰিও উচ্চতম ন্যায়ালয়ে এনে ‘স্পৰ্শকাতৰ বিষয়’ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণৰ বোজা সংসদক অৰ্পণ কৰিবলৈও দাবী জনাইছে। মোডী চৰকাৰৰ বক্তব্য – ‘সমলিংগ বিবাহৰ আইনী বৈধতা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠৰ যিকোনো ৰায় সঠিক পদক্ষেপ নহ’ব’!

মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে আৰম্ভণিৰে পৰাই কেন্দ্ৰৰ সৈতে মতানৈক্য প্ৰকাশ কৰিছিল। মাজতে কৈছিল, “সমকামিতা কেৱল এটা নগৰীয়া বিষয়, চৰকাৰৰ হাতত এনে কোনো পৰিসংখ্যা নাই।” সেইদৰে তেওঁ কৈছিল, ‘’সমকামী সম্পৰ্কবোৰ কেৱল শাৰীৰিক নহয়, মানসিক আৰু স্থিতিশীল সম্পৰ্কও।‘’

তেওঁ আনকি সমলিংগ বিবাহে আইনী স্বীকৃতি নাপালে সমকামী দম্পতিৰ সামাজিক পৰিচয়য় কি হ’ব তাক লৈও প্ৰশ্ন তুলিছিল।

লগতে পঢ়কঃ উশাহ ঘুৰাই পালে কেংগেৰুৱে! শ্ৰীলংকাক পৰাস্ত কৰি বিশ্বকাপত জয়ৰ মুখ দেখিলে অষ্ট্ৰেলিয়াই

মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ৰ বিচাৰপীঠে যোৱা বছৰৰ জানুৱাৰী মাহত দেশৰ বিভিন্ন উচ্চ ন্যায়ালয়ত সমলিংগ বিবাহৰ আইনী স্বীকৃতিৰ গোচৰসমূহৰ একেলগে শুনানি গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছিল। মঙলবাৰে ইয়াৰ ৰায় প্ৰদান কৰা হ’ব।

এন ই নাও  নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

July 26, 2026 6:45 am
ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

July 26, 2026 6:45 am
ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd