কেৱল উকীলৰ অনুপস্থিতিৰ বাবেই সমগ্ৰ দেশতে বিচাৰাধীন ৬৩ লাখ গোচৰ: মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়

দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়। ফটো: সংগৃহীত।

ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে কয় যে ৰাষ্ট্ৰীয় নেশ্যনেল জুডিশ্যিয়েল ডাটা গ্ৰিড অনুসৰি উকীলৰ অনুপস্থিতিৰ বাবে সমগ্ৰ দেশতে ৬৩ লাখৰো অধিক গোচৰ বিচাৰাধীন আৰু তথ্য প্ৰমাণৰ অভাৱত ১৪ লাখৰো অধিক গোচৰ বিচাৰাধীন হৈ আছে। দেশৰ মুখ্য ন্যায়াধীশগৰাকীয়ে অনুভৱ কৰে যে সাধাৰণ মানুহে জিলা আদালতক অধীনস্থ ন্যায়পালিকা হিচাপে গণ্য কৰাৰ ঔপনিৱেশিক মানসিকতাৰ পৰা ওলাই আহিব লাগে।

অন্ধ্ৰ প্ৰদেশ ন্যায়িক একাডেমীৰ উদ্বোধনী অনুষ্ঠানত দেশৰ মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ে এই দাবী কৰিছে। তেওঁৰ মতে জিলা আদালতবোৰ কেৱল ন্যায়পালিকাৰ মেৰুদণ্ডই নহয়, বহুতৰ বাবে ই ন্যায়িক প্ৰতিষ্ঠান হিচাপেও কাম কৰে।

লগতে পঢ়ক: ৰাম-হনুমানৰ কপিৰাইট বিজেপিৰ! উমা ভাৰতীৰ ‘বিস্ফোৰণ’ত গেৰুৱা শিবিৰত অস্বস্তি

তেওঁৰ মতে জামিন হ’ল অপৰাধী ন্যায় ব্যৱস্থাৰ এটা মৌলিক নিয়ম, কাৰাগাৰ নহয়। তেওঁ কয় যে বাস্তৱত ভাৰতত এতিয়াও বন্দী হৈ থকা বিচাৰাধীন লোকৰ সংখ্যাই এক স্ব-বিৰোধী পৰিস্থিতিৰ সৃষ্টি কৰে। তেওঁ লগতে কয় যে আমাৰ আদালতবোৰে সৰ্বশ্ৰেষ্ঠ ক্ষমতাত কাম কৰাটো নিশ্চিত কৰিবলৈ আমাক বাৰ-ৰ সমৰ্থনৰ প্ৰয়োজন।

তদুপৰি,মুখ্য ন্যায়াধীশগৰাকীয়ে উল্লেখ কৰে যে এই তথ্য কম বেছি হ’ব পাৰে কিয়নো সকলো আদালতৰ পৰা আৰু কোনো তথ্য পোৱা হোৱা নাই।

দুমাহ পূৰ্বে, ন্যায়াধীশ চন্দ্ৰচূড়ে দিল্লী আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত এটা গোচৰৰ শুনানিৰ সময়ত এখন সেউজ বিচাৰপীঠ (গ্ৰীণ বেঞ্চ)গঠন কৰিছিল। তেওঁ গোচৰৰ সৈতে জড়িত অধিবক্তাসকলক ২৭ ছেপ্টেম্বৰত শুনানিৰ বাবে কোনো কাগজ পাতি বা নথি পত্ৰ নানিবলৈ কৈছিল। উচ্চতম ন্যায়ালয়ৰ পঞ্জীয়ন আৰু আইটি কোষৰ বিষয়াসকলক প্ৰযুক্তিৰ ব্যৱহাৰৰ ওপৰত উকীলসকলক প্ৰশিক্ষণ দিবলৈ কোৱা হৈছে।

লগতে পঢ়ক: ফেব্ৰুৱাৰীত সাজু হৈ উঠিব নতুন সংসদ ভৱন! নতুন ভৱনত হ’ব পাৰে বাজেট অধিৱেশনৰ দ্বিতীয় পৰ্যায়

মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ে শুকুৰবাৰে সম্পূৰ্ণ আদালতৰ বৈঠকত লোৱা ডাঙৰ সিদ্ধান্তৰ কথা শ্বেয়াৰ কৰিছে। তেওঁ ঘোষণা কৰে যে উচ্চতম ন্যায়ালয়ৰ প্ৰতিখন বিচাৰপীঠে প্ৰতিদিনে ১০ খন জামিন আবেদন আৰু ১০ টা স্থানান্তৰৰ আবেদনৰ(ট্ৰেন্সফাৰ পিটিশ্যন) শুনানি গ্ৰহণ কৰিব। মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ে জনায় যে উচ্চতম ন্যায়ালয়ত স্থানান্তৰ আৱেদনৰ ১৩,০০০ গোচৰ বিচাৰাধীন হৈ আছে।