DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 10, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

kangaroo courts এইবাৰ সংবাদমাধ্যম আৰু ছ’চিয়েল মিডিয়াক এজাউৰি দিলে মুখ্য ন্যায়াধীশ ৰামানাই

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
July 23, 2022 7:31 pm
PTI03_15_2022_000260B

PTI03_15_2022_000260B

108
VIEWS
Share on FacebookShare on Twitter

বহুক্ষেত্ৰত দেশৰ মুখ্য ন্যায়াধীশ এন ভি ৰামানা স্পষ্টবাদী ব্যক্তি বুলি পৰিচিত হৈ পৰিছে। তেওঁ ইতিমধ্যে চৰকাৰৰো বহু ভুল আঙুলিয়াই দি চৰকাৰক তিৰস্কাৰ কৰিছে। শেহতীয়াকৈ ভাৰতৰ মুখ্য ন্যায়াধীশ এন ভি ৰামানাই আকৌ এবাৰ সামাজিক মাধ্যম আৰু সংবাদ মাধ্যমৰ বিৰুদ্ধে সৰৱ হৈ পৰা পৰিলক্ষিত হ’ল।

মুখ্য ন্যায়াধীশ গৰাকীয়ে আজি স্পষ্ট ভাবে অভিযোগ কৰে যে খাপ পঞ্চায়তৰ দৰেই বহু সংবাদ মাধ্যমে কাম কৰি আছে। সামাজিক মাধ্যম আৰু সংবাদ মাধ্যমৰ এই ভূমিকাই গণতন্ত্ৰক আৰু পিছুৱাই নিব বুলি ৰামানাই মন্তব্য কৰে। প্ৰাক্তন বিজেপি নেতা নুপুৰ শৰ্মাই পয়গম্বৰৰ ওপৰত কৰা বিতৰ্কিত মন্তব্যৰ বাবে উচ্চতম ন্যায়ালয়ৰ দ্বাৰা সমালোচনাৰ সন্মুখীন হৈছিল। তেতিয়াই সামাজিক মাধ্যমত বিচাৰকসকলৰ ভূমিকাকলৈ সমালোচনা আৰম্ভ হৈছিল। এনেবোৰ কাৰণতে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকী ক্ষুব্ধ হৈ পৰিছিল।

আজি তেওঁ পুনৰ একেটা বিষয় উত্থাপন কৰে। ন্যায়াধীশ ৰমনাই শনিবাৰে ৰাঁচীৰ ৰাষ্ট্ৰীয় অধ্যয়ন আৰু গৱেষণা বিশ্ববিদ্যালয়ৰ দ্বাৰা আয়োজিত ‘ন্যায়াধীশ এছ বি সিনহা স্মাৰক বক্তৃতা’ ‘লাইফ অফ এ জাজ’ত উদ্বোধনী ভাষণ প্ৰদান কৰে। তাতেই তেওঁ সংবাদ মাধ্যমক সমালোচনা কৰে। খাপ পঞ্চায়তে যিদৰে কেতবোৰ বিষয়ত অদ্ভুত সিদ্ধান্তত উপনীত হয়, ঠিক তেনেদৰে সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমেও বহু সময়ত একে ভূমিকা পালন কৰা বুলি তেওঁ মন্তব্য কৰে।

একাংশ নেটিজেনক উদ্দেশ্যি ৰামানাই লগতে কয় যে তেওঁলোক পক্ষপাতদুষ্ট, অৰ্ধ-জ্ঞানী। মুখ্য ন্যায়াধীশে অভিযোগ কৰে যে তেওঁলোকে এক নিৰ্দিষ্ট কাৰ্যসূচী সন্মুখত ৰাখি বিচাৰকসকলৰ বিৰুদ্ধে গৈ আছে। ন্যায়াধীশসকলৰ বিৰুদ্ধে নিৰন্তৰ অপবাদ সন্দৰ্ভত ন্যায়াধীশ ৰমনাই কয়, “কিছুমান লোকে ছ’চিয়েল মিডিয়াত ন্যায়াধীশসকলৰ বিৰুদ্ধে নিৰন্তৰ অপপ্ৰচাৰ চলাই আছে। বিচাৰকসকলে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰে। কিন্তু ইয়াক আমাৰ অসহায়তা বা দুৰ্বলতা বুলি নাভাবিব। “

মুখ্য ন্যায়াধীশে এইটোও কয় যে সংবাদ মাধ্যমৰ বিচাৰে ন্যায়িক প্ৰক্ৰিয়াকো প্ৰভাৱিত কৰিছে। তেওঁ কয়, “সংবাদ মাধ্যমসমূহে খাপ পঞ্চায়ত স্থাপন কৰিছে। তেওঁলোকে এনে এক পৰিস্থিতিৰ সৃষ্টি কৰিছে যে বহুক্ষেত্ৰত অভিজ্ঞ বিচাৰকসকলৰ বাবেও সিদ্ধান্ত লোৱা কঠিন হৈ পৰিছে। ন্যায়াধীশ ৰামানাৰ ভাষাত, “সংবাদ মাধ্যম আৰু নেটিজেনসকলৰ দায়িত্বহীন আচৰণে গণতন্ত্ৰক আৰু পিছলৈ ঠেলি দিছে।”

Recent News

Rahul Gandhi Lok Sabha election

লক্ষ্য ২৪: বিৰোধীৰ মহা বৈঠকত উপস্থিত থাকিব ৰাহুল গান্ধী, মল্লিকাৰ্জুন খৰ্গে

তিনিচুকীয়াত শহুৰেকৰ আক্ৰমণত প্ৰাণ গ’ল গৰ্ভস্থ শিশুসহ গৰ্ভৱতী মহিলাৰ

তিনিচুকীয়াত শহুৰেকৰ আক্ৰমণত প্ৰাণ গ’ল গৰ্ভস্থ শিশুসহ গৰ্ভৱতী মহিলাৰ

Manipur Violence

অশান্ত মণিপুৰ: সন্দেহযুক্ত উগ্ৰপন্থীৰ আক্ৰমণত তিনিগৰাকী নিহত

কেতিয়াও নকৰে প্ৰৱঞ্চনা, প্ৰেমিকৰ বাবে সকলো ত্যাগ কৰিবলৈ সাজু এইকেইটা ৰাশিৰ ছোৱালী

কেতিয়াও নকৰে প্ৰৱঞ্চনা, প্ৰেমিকৰ বাবে সকলো ত্যাগ কৰিবলৈ সাজু এইকেইটা ৰাশিৰ ছোৱালী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd