NORTHEAST NOW (Assamese)

পৰ্ণ ভিডিঅ’ বনাই জে’লৰ আলহী হ’ল দ্বাদশ শ্ৰেণীৰ ছাত্ৰ

May 26, 2019 11:01 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ছবি

পৰ্ণ ভিডিঅ’ বনাই সেয়া ৱাটছআপ আৰু আন ছচিয়েল মিডিয়া যোগে ভাইৰেল কৰা অৰুণাচল প্ৰদেশৰ পশ্চিম ছিয়াং জিলাৰ এগৰাকী দ্বাদশ শ্ৰেণীৰ ছাত্ৰক আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

প্ৰাপ্ত তথ্য মতে জিলাখনৰ আলোস্থিত এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ গৰাকীয়ে এগৰাকী যুৱতীৰ সৈতে কৰা অশ্লীল কাৰ্য মোবাইলত ৰেকৰ্ড কৰি তাক ইণ্টাৰ্নেতত এৰি দিয়ে।

উল্লেখযোগ্য যে ছাত্ৰজনে অশ্লীল কাৰ্য চৰিতাৰ্থ কৰাৰ সময়ত যুৱতীগৰাকী অচেতন অৱস্থাত আছিল।

পিছত ভিডিঅ’টো ৱাটছএপৰ জৰিয়তে মোবাইলে মোবাইলে বিয়পী পৰাত অৰুণাচল প্ৰদেশ ওমেন ৱেলফেয়াৰ ছ’চাইতি (এ পি পি ডব্লিউ এছ)ৰ পশ্চিম ছিয়াং সমিতিয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত আলো আৰক্ষীয়ে ছাত্ৰজনক গ্ৰেপ্তাৰ কৰে।

অভিযুক্ত ছাত্ৰজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা নং ১৪ আৰু প’ক্ছ’ আইনৰ সংশ্লিষ্ট ধাৰাৰ অধীনত এক গোচৰ ৰুজু আৰক্ষীয়ে তেওঁক জে’ললৈ প্ৰেৰণ কৰা লগতে যুৱতী গৰাকীকো চিনাক্ত কৰি ঘটনাৰ তদন্ত চলাই আছে বুলি জানিবলৈ দিয়ে।

Related News