• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২৫ জানুৱাৰিৰ ভিতৰত প্ৰাদেশিকীকৰণ সন্দৰ্ভত চৰকাৰক স্থিতি স্পষ্ট কৰাৰ দাবী : শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চ

স্থিতি স্পষ্ট নকৰিলে আগন্তুক বিধানসভা অধিৱেশনত ল'ব ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
January 12, 2019 9:29 pm
অসম শিক্ষক- কৰ্মচাৰী ঐক্যমঞ্চ। ফাইল ফটো।

অসম শিক্ষক- কৰ্মচাৰী ঐক্যমঞ্চ। ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বছৰ বছৰ ধৰি বিনা পাৰিশ্ৰমিকত মানৱ সম্পদ গঢ়াৰ কামত জড়িত হৈ থকা ভেন্সাৰ শিক্ষানুষ্ঠানৰ শিক্ষক-কৰ্মচাৰীক সকাহ দিয়াৰ পৰিৱৰ্তে অইন দেশৰ নাগৰিকৰ প্ৰতি বিশেষ দৰদ প্ৰদৰ্শন কৰা বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ প্ৰতি বিষোদগাৰ প্ৰকাশ কৰিছে ভেন্সাৰ শিক্ষানুষ্ঠানৰ সৰ্ববৃহৎ সংগঠন অসম শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চই।

ঐক্যমঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি কুশল কুমাৰ হালৈ আৰু কাৰ্যকৰী সভাপতি ছবেদ ভূঞাই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত ৰাজ্যৰ ভেন্সাৰ শিক্ষানুষ্ঠানৰ শিক্ষক-কৰ্মচাৰীক চৰকাৰখনে মৃত্যুৰ দুৱাৰডলিলৈ ঠেলি দি অইন দেশৰ নাগৰিকসকলৰ প্ৰতি বিশেষ দৰদ প্ৰদৰ্শন কৰাটো দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰিছে।

Apply Now

তাৰোপৰি বিবৃতিটোত উল্লেখ কৰে যে ভেন্সাৰ শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণৰ প্ৰতিশ্ৰুতিৰে শাসনত অধিষ্ঠিত বৰ্তমানৰ চৰকাৰখনৰ আঢ়ৈ বছৰীয়া কাৰ্যকালত ভেন্সাৰ শিক্ষানুষ্ঠানৰ শিক্ষক-কৰ্মচাৰীক এটা ফুটা কড়িও দিবলৈ সক্ষম নহ’ল। শিক্ষকসকলক সকাহ দিয়াৰ পৰিৱৰ্তে বৰ্তমানৰ চৰকাৰখনে ভেন্সাৰ শিক্ষক-কৰ্মচাৰীয়ে পূৰ্বৰ চৰকাৰৰ দিনত পাই থকা বিত্তীয় সাহাৰ্যখিনিও ষড়যন্ত্ৰমূলক ভাৱে বন্ধ কৰি ৰাখে।

ফলত দুৰ্ভগীয়া শিক্ষক-কৰ্মচাৰীৰ জীৱনৰ প্ৰতি লক্ষ্য ৰাখি অহা ২১ জানুৱাৰীৰ পৰা শিক্ষা বিভাগৰ সঞ্চালক, বিধায়ক, শিক্ষা মন্ত্ৰী আৰু মুখ্য মন্ত্ৰীক শিক্ষক কৰ্মচাৰীৰ ঐক্যমঞ্চই অন্তিমবাৰৰ বাবে স্মাৰকপত্ৰ প্ৰেৰণ কৰিব বুলি আজিৰ বিবৃতিত কয়।

লগতে শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চই অহা ২৫ জানুৱাৰিৰ ভিতৰত প্ৰাদেশীকৰণ সন্দৰ্ভত চৰকাৰৰ স্থিতি স্পষ্ট কৰাৰ দাবী জনায়। অন্যথা আগন্তুক অসম বিধানসভাৰ অধিৱেশনত ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ল’ব বুলিও বিবৃতিটোৰ জৰিয়তে চৰকাৰক সকীয়াই দিয়ে।

উল্লেখযোগ্য যে বিগত বিধানসভাৰ নিৰ্বাচনত বিজেপিৰ ‘ষ্টাৰ কেম্পেইনাৰ’ হিমন্ত বিশ্ব শৰ্মাই বিজেপি নেতৃত্বাধীন মিত্ৰ জোঁটৰ চৰকাৰ হ’লে প্ৰথম কেবিনেটতে প্ৰাদেশিকীকৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল কিন্তু দুৰ্ভাগ্যজনকভাৱে বিগত আঢ়ৈ বছৰতো প্ৰভাৱশালী মন্ত্ৰীগৰাকীয়ে নিজৰ প্ৰতিশ্ৰুতি পালন কৰিবলৈ সক্ষম নহ’ল।

পুলেন্দ্ৰ দাস

পুলেন্দ্ৰ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

August 27, 2026 9:42 am
নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

August 27, 2026 8:25 am
ঘৰত হ’লে কথা চহকী; বিদ্যালয়ত খোল নাখায় মুখ! ভয়ংকৰ সমস্যাত থাকিব পাৰে আপোনৰ শিশুটি?

ঘৰত হ’লে কথা চহকী; বিদ্যালয়ত খোল নাখায় মুখ! ভয়ংকৰ সমস্যাত থাকিব পাৰে আপোনৰ শিশুটি?

August 27, 2026 6:46 am
উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

August 27, 2026 9:42 am
নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

August 27, 2026 8:25 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd