• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

স্বাধীন অসম নহয়, জীৱন ৰক্ষাৰ বাবে যুঁজ পৰেশ বৰুৱাৰ ঘনিষ্ঠ সহযোগীৰ

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
August 14, 2018 8:04 pm
close aide of ulfa-i leader paresh barua
239
VIEWS
Share on FacebookShare on Twitter

মাজুলীত কেন্সাৰত আক্ৰান্ত হৈ মৃত্যুৰে যুঁজিছে পৰেশ বৰুৱাৰ একালৰ অতি ঘনিষ্ঠ প্ৰাক্তন আলফা নেতা বিমল ফুকনে। চিকিৎসাৰ নামত সৰ্বস্বান্ত হোৱাৰ পিছত এতিয়া পত্নী আৰু কণমানি একমাত্ৰ কন্যাৰ ভাতমুঠিৰ বাবে মুখ্য মন্ত্ৰী, প্ৰাক্তন সতীৰ্থসকলৰ লগতে অসমৰ ৰাইজৰ সহায় ভিক্ষা কৰিছে বয়সে মাত্ৰ ৩৩ গৰকা প্ৰাক্তন আলফা নেতাজনে।

বি বৰুৱা কেঞ্চাৰ হস্পিতালৰ চিকিৎসকে অহা ১৩ আগষ্টত পৰৱৰ্তী চিকিৎসাৰ বাবে ফুকনক মাতি পঠাইছে যদিও গুৱাহাটীলৈ যাবলৈও ঘৰৰ সকলো মাটি বেচি সৰ্বস্বান্ত হোৱা ফুকনৰ হাতত নাই এটাও  ফুটা কড়ি।

কণমানি ছোৱালীজনীক বচাই ৰখাৰ ব্যৱস্থা কৰিবলৈকে পৰিবাৰক ৰতনপুৰ লাহন স্বাস্থ্য কেন্দ্ৰত ৪ৰ্থ বৰ্গৰ চাকৰি এটিত নিযুক্তি দিবলৈ  সমষ্টিৰ বিধায়ক তথা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ ফুকনে কাতৰ আহ্বান জনাইছে।

‘মুখ্য মন্ত্ৰী মহোদয়ে মোক সহায় কৰক, মোক জীয়াই থাকিবলৈ দিয়ক। মোৰ দেউতা সুৰেণ ফুকনে বহু আশাৰে দান কৰা ভূমিত থকা ৰতনপুৰ লাহন ক্ষুদ্ৰ স্বাস্থ্য কেন্দ্ৰত মোৰ পত্নীক চতুৰ্থ বৰ্গত নিযুক্তি দি কণমানিজনীক জীয়াই থকাৰ ব্যৱস্থা গ্ৰহণ কৰক,’ উচুপি উঠা আলফা নেতাজনৰ মুখ্য মন্ত্ৰীলৈ আহ্বান।

উল্লেখযোগ্য যে গাহৰি ফাৰ্ম এখন খুলি পৰিয়াল চলাই অহা প্ৰাক্তন আলফা নেতাজনৰ দেউতাক সুৰেন ফুকনে দান কৰা মাটিতে স্বাস্থ্য কেন্দ্ৰটো অৱস্থিত।

ৰাইজৰ লগতে আলোচনাপন্থী আলফা নেতৃত্ব, স্বেচ্ছাসেৱী সংগঠন আদিৰ সাহায্য আশা কৰি ফুকনে নিজৰ বেংক একাউণ্টৰ সৱিশেষ ৰাজহুৱা কৰিছে। Biman Phukon (বিমান ফুকন), ষ্টে’ট বেংক অৱ ইণ্ডিয়াৰ একাউণ্ট A/c: 20132993769, IFSC: sbin0000104, গড়মূৰ, মাজুলীত সদাশয় লোকে ফুকনলৈ আৰ্থিক সাহায্য আগবঢ়াব পাৰে। তেওঁৰ ম’বাইল নম্বৰ ৯৯৫৪৯-৩৯২৯০।

মাত্ৰ ২০ বছৰ বয়সত স্বাধীন অসমৰ স্বপ্ন বুকুত লৈ যোৱা ২০০৫ চনত আলফাত যোগদান কৰিছিল ফুকনে। যুঁজৰ প্ৰশিক্ষণৰ বাবে ম্যানমাৰলৈ যোৱা প্ৰাক্তন আলফা নেতাজনে জনোৱা মতে মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ কেম্পতেই তেওঁ অধিক সময় কটাইছিল।

অসুস্থতাৰ বাবে আলফা ত্যাগ কৰি ২০১১ চনত যোৰহাট জিলাৰ আৰক্ষী অধীক্ষক  সংযুক্তা পৰাশৰৰ ওচৰত আত্মসমৰ্পণ কৰিছিল ফুকনে।

আত্মসমৰ্পণৰ পিছত প্ৰশাসনে প্ৰদান কৰা ডেৰ লাখ টকাৰ এককালীন সাহায্যৰে ঘৰতে এখন গাহৰি ফাৰ্ম খুলি তেওঁ পৰিয়ালটি চলাই আহিছিল।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd