DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 1, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হিন্দু বাংলাদেশীৰ নাম এন আৰ চিত নোসোমাবলৈকে মুখ্য মন্ত্ৰীয়ে শৰণাৰ্থীৰ প্ৰমাণপত্ৰক বৈধ নথি হিচাপে অগ্ৰাহ্য কৰাইছে : অভিজিত শৰ্মা

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
September 8, 2018 10:49 pm
APW

৮ ছেপ্তেম্বৰত গুৱাহাটীৰ দিচপুৰ প্ৰেচ ক্লাবত সংবাদমেল অসম পাব্লিক ৱৰ্কছৰ সভাপতি অভিজিৎ শৰ্মাৰ।

199
VIEWS
Share on FacebookShare on Twitter

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশৰ পাছত খচৰাত বাদ পৰা লোকসকলে দাখিল কৰিব লগীয়া নথি সন্দৰ্ভত এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই দিয়া পৰামৰ্শক লৈ ৰাজ্যৰ বিভিন্ন দল-সংগঠনৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই ক্ষেত্ৰত প্ৰতীক হাজেলাক বিভিন্নজনে কঠোৰ সমালোচনা কৰাৰ বিপৰীতে এই পৰামৰ্শক লৈ সন্তুষ্টি ব্যক্ত কৰিলে আসাম পাব্লিক ৱৰ্কছে।

শনিবাৰে দিচপুৰ প্ৰেছ ক্লাবত এখন সংবাদমেলত এই পৰামৰ্শসমূহৰ কথা উত্থাপন কৰি আসাম পাব্লিক ৱৰ্কছৰ সভাপতি অভিজিৎ শৰ্মাই মূলতঃ শৰণাৰ্থীৰ পঞ্জীয়ন প্ৰমাণপত্ৰ অগ্ৰাহ্য কৰিবলৈ দিয়া পৰামৰ্শক আদৰণি জনায়। অৱশ্যে এই পৰামৰ্শৰ অন্তৰালত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশ থকা বুলি শৰ্মাই মন্তব্য কৰে।

তেওঁ কয়, “নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আন্দোলন চলি থকা অৱস্থাত মুখ্য মন্ত্ৰীয়ে মুখেৰে একো মতা নাছিল। ইয়াকে লৈ আমি সমালোচনা কৰিছিলো। কিন্তু মনে মনে থাকিলেও তেখেতে যে অসমক ভাল পায়, জাতিটোক ভাল পায়, তাৰ প্ৰমাণ এইবাৰ কৰি দেখুৱালে। তেখেতে প্ৰতীক হাজেলাৰ হতুৱাই শৰণাৰ্থীৰ প্ৰমাণ পত্ৰখন অগ্ৰাহ্য কৰাব দিলে।”

যাতে হিন্দু বাংলাদেশীৰ নাম এন আৰ চিত সোমাব নোৱাৰে তাৰ বাবেই মুখ্য মন্ত্ৰীয়ে এই কাম কৰা বুলি অভিজিৎ শৰ্মাই মন্তব্য কৰে।

শৰ্মাই লগতে কয় যে যদি মুখ্য মন্ত্ৰী সোণোৱালে তেওঁ ভবাৰ দৰেই এই পৰামৰ্শ দিছে, তেন্তে ই এক শুভ লক্ষণ আৰু তেওঁ তাৰ বাবে মুখ্য মন্ত্ৰীক ধন্যবাদ জনাব।

অৱশ্যে, অভিজিৎ শৰ্মাৰ এই ধাৰণা কিমান বিশ্বাসযোগ্য তাক লৈয়ো প্ৰশ্নৰ অৱতাৰণা হয়। কিয়নো হাজেলাই প্ৰেৰণ কৰা পৰামৰ্শসমুহৰ বিৰোধীতা কৰিছে ৰাজ্যিক বিজেপিয়ে। আনকি বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক দিলীপ শইকীয়াই বিবৃতিযোগে সংবাদ মাধ্যম কৈছে, “ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ প্ৰকাশিত দ্বিতীয় খচৰাত ভাৰতীয় গোৰ্খা, বাঙালী, হিন্দীভাষী ইত্যাদি কেইবা লাখ লোকৰ নাম বাদ পৰাৰ পাছত শেহতীয়াকৈ উদ্ভৱ হোৱা পৰিস্থিতি আৰু মহামান্য উচ্চতম ন্যায়ালয়ে পৰিস্থিতি পৰ্যবেক্ষণ কৰি থকাৰ মাজতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই উদ্দেশ্য প্ৰণোদিতভাৱে আগবঢ়োৱা মতামতে পৰিস্থিতি অধিক জটিল কৰি তুলিছে।”

এই বিষয়ত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে আন একাংশ ৰাজ্যিক নেতৃত্বসহ কেন্দ্ৰীয় নেতৃত্বৰে আলোচনাৰ বাবে ইতিমধ্যে দিল্লীলৈ ৰাওনা হৈছে।

কিন্তু শৰ্মাৰ মতে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস আৰু মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মতৰ মাজত পাৰ্থক্য আছে।

এন আৰ চিৰ খচৰাৰ পৰা বাদ পৰা লোকসকলক লৈ বিজেপিৰ চৰকাৰ আৰু দলৰ মাজৰ স্থিতি ভিন্ন বুলি দাবী কৰা শৰ্মাৰ বক্তব্যত কিমান গ্ৰহণযোগ্যতা আছে সেয়া সময়েহে ক’ব।

Recent News

Manmohan Singh

ব্ৰিটেইনত জীৱনজোৰা সাধনাৰ সন্মানেৰে সন্মানিত প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং

Massive Fire in Dhanbad

ঝাৰখণ্ডত বহুমহলীয়া অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড: ১৪ গৰাকীৰ মৃত্যু, আহত ১২ গৰাকী

Siddique Kappan

ন্যায়ালয়ৰ আদেশকো অমান্য! জামিন লাভৰ এমাহ পাছতো কাৰাৰুদ্ধ ছিদ্দিক কাপ্পান

Cancer

কেন্সাৰৰ বিষয়ে জানো আহক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd