• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হিন্দু বাংলাদেশীৰ নাম এন আৰ চিত নোসোমাবলৈকে মুখ্য মন্ত্ৰীয়ে শৰণাৰ্থীৰ প্ৰমাণপত্ৰক বৈধ নথি হিচাপে অগ্ৰাহ্য কৰাইছে : অভিজিত শৰ্মা

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
September 8, 2018 10:49 pm
APW

৮ ছেপ্তেম্বৰত গুৱাহাটীৰ দিচপুৰ প্ৰেচ ক্লাবত সংবাদমেল অসম পাব্লিক ৱৰ্কছৰ সভাপতি অভিজিৎ শৰ্মাৰ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশৰ পাছত খচৰাত বাদ পৰা লোকসকলে দাখিল কৰিব লগীয়া নথি সন্দৰ্ভত এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই দিয়া পৰামৰ্শক লৈ ৰাজ্যৰ বিভিন্ন দল-সংগঠনৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই ক্ষেত্ৰত প্ৰতীক হাজেলাক বিভিন্নজনে কঠোৰ সমালোচনা কৰাৰ বিপৰীতে এই পৰামৰ্শক লৈ সন্তুষ্টি ব্যক্ত কৰিলে আসাম পাব্লিক ৱৰ্কছে।

শনিবাৰে দিচপুৰ প্ৰেছ ক্লাবত এখন সংবাদমেলত এই পৰামৰ্শসমূহৰ কথা উত্থাপন কৰি আসাম পাব্লিক ৱৰ্কছৰ সভাপতি অভিজিৎ শৰ্মাই মূলতঃ শৰণাৰ্থীৰ পঞ্জীয়ন প্ৰমাণপত্ৰ অগ্ৰাহ্য কৰিবলৈ দিয়া পৰামৰ্শক আদৰণি জনায়। অৱশ্যে এই পৰামৰ্শৰ অন্তৰালত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশ থকা বুলি শৰ্মাই মন্তব্য কৰে।

Apply Now

তেওঁ কয়, “নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আন্দোলন চলি থকা অৱস্থাত মুখ্য মন্ত্ৰীয়ে মুখেৰে একো মতা নাছিল। ইয়াকে লৈ আমি সমালোচনা কৰিছিলো। কিন্তু মনে মনে থাকিলেও তেখেতে যে অসমক ভাল পায়, জাতিটোক ভাল পায়, তাৰ প্ৰমাণ এইবাৰ কৰি দেখুৱালে। তেখেতে প্ৰতীক হাজেলাৰ হতুৱাই শৰণাৰ্থীৰ প্ৰমাণ পত্ৰখন অগ্ৰাহ্য কৰাব দিলে।”

যাতে হিন্দু বাংলাদেশীৰ নাম এন আৰ চিত সোমাব নোৱাৰে তাৰ বাবেই মুখ্য মন্ত্ৰীয়ে এই কাম কৰা বুলি অভিজিৎ শৰ্মাই মন্তব্য কৰে।

শৰ্মাই লগতে কয় যে যদি মুখ্য মন্ত্ৰী সোণোৱালে তেওঁ ভবাৰ দৰেই এই পৰামৰ্শ দিছে, তেন্তে ই এক শুভ লক্ষণ আৰু তেওঁ তাৰ বাবে মুখ্য মন্ত্ৰীক ধন্যবাদ জনাব।

অৱশ্যে, অভিজিৎ শৰ্মাৰ এই ধাৰণা কিমান বিশ্বাসযোগ্য তাক লৈয়ো প্ৰশ্নৰ অৱতাৰণা হয়। কিয়নো হাজেলাই প্ৰেৰণ কৰা পৰামৰ্শসমুহৰ বিৰোধীতা কৰিছে ৰাজ্যিক বিজেপিয়ে। আনকি বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক দিলীপ শইকীয়াই বিবৃতিযোগে সংবাদ মাধ্যম কৈছে, “ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ প্ৰকাশিত দ্বিতীয় খচৰাত ভাৰতীয় গোৰ্খা, বাঙালী, হিন্দীভাষী ইত্যাদি কেইবা লাখ লোকৰ নাম বাদ পৰাৰ পাছত শেহতীয়াকৈ উদ্ভৱ হোৱা পৰিস্থিতি আৰু মহামান্য উচ্চতম ন্যায়ালয়ে পৰিস্থিতি পৰ্যবেক্ষণ কৰি থকাৰ মাজতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই উদ্দেশ্য প্ৰণোদিতভাৱে আগবঢ়োৱা মতামতে পৰিস্থিতি অধিক জটিল কৰি তুলিছে।”

এই বিষয়ত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে আন একাংশ ৰাজ্যিক নেতৃত্বসহ কেন্দ্ৰীয় নেতৃত্বৰে আলোচনাৰ বাবে ইতিমধ্যে দিল্লীলৈ ৰাওনা হৈছে।

কিন্তু শৰ্মাৰ মতে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস আৰু মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মতৰ মাজত পাৰ্থক্য আছে।

এন আৰ চিৰ খচৰাৰ পৰা বাদ পৰা লোকসকলক লৈ বিজেপিৰ চৰকাৰ আৰু দলৰ মাজৰ স্থিতি ভিন্ন বুলি দাবী কৰা শৰ্মাৰ বক্তব্যত কিমান গ্ৰহণযোগ্যতা আছে সেয়া সময়েহে ক’ব।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd