• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তৰুণ গগৈৰ দিনত আৰম্ভ হোৱা প্ৰকল্পকে এতিয়া হিমন্তই সজাব বিচাৰিছে টুইন টাৱাৰ?

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
March 2, 2025 12:22 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৬৪ মহলীয়া টুইন টাৱাৰ নহ’ল, কিন্তু বিজেপিৰ ৭ মহলীয়া পঞ্চতাৰকা হোটেল সদৃশ বাজপেয়ী ভৱন হৈ উঠিল। এতিয়া মুখ্যমন্ত্ৰীৰ মুখত ১৬ মহলীয়া টুইন টাৱাৰৰ প্ৰসংগ। কিন্তু ই সঁচাকৈয়ে টুইন টাৱাৰ হয় নে? নে লোকৰ পিঠাৰে বিহু পাতিবলৈ ওলাইছে মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই। তৰুণ গগৈৰ দিনতে উদ্বোধন হোৱা বিল্ডিঙকে এতিয়া ১৬ মহলীয়া অট্টালিকাৰ ৰূপ দিয়াৰ চেষ্টা কৰিছে হিমন্তবিশ্ব শৰ্মাই?

সামাজিক মাধ্যমত ৬৪ মহলীয়া টুইন টাৱাৰ ক’ত বুলি প্ৰশ্ন উঠাৰ পাছতেই কালি হঠাৎ মুখ্যমন্ত্ৰীয়ে কৈয়ে পেলালে যে ৮০০ কোটি টকা ব্যয় সাপেক্ষে টুইন টাৱাৰ নিৰ্মাণ হৈ আছে, ৬০ শতাংশ কামো শেষ হৈছে…. কিন্তু কোনেও গম পোৱা নাই বা জানিব বিচৰা নাই বিষয়টো।

Apply Now

কিন্তু মুখ্যমন্ত্ৰীয়ে কিহক টুইন টাৱাৰ হিচাপে দেখুৱাব বিচাৰিছে বা ক’ব বিচাৰিছে? ২০১৬ চনৰ আজিৰ দিনটোতে অৰ্থাৎ ১ মাৰ্চৰ দিনটোতে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই উদ্বোধন কৰা সমন্বিত সঞ্চালকালয়কে এতিয়া নাম সলাই টুইন টাৱাৰ কৰিব বিচাৰিছে নেকি? এই প্ৰশ্নই উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ঋতুপৰ্ণ কোঁৱৰে।

ফেচবুকযোগে ২০১৬ ৰ “সমন্বিত সঞ্চালকালয়ৰ আধাৰশিলা”,২০২২ ত “সংহত সঞ্চালকালয়” নামেৰে পুনৰ আধাৰশিলা স্থাপনৰ কেইটামান উদাহৰণ দাঙি ধৰি কোঁৱৰে লিখিছে…. ২০১৬ ৰ “সমন্বিত সঞ্চালকালয়ৰ আধাৰশিলা”,২০২২ ত “সংহত সঞ্চালকালয়” নামেৰে পুনৰ আধাৰশিলা হৈ ২০২৫ ত Twin Tower লৈ পৰিবৰ্তিত হোৱাৰ পৰিক্ৰমাও একপ্ৰকাৰৰ Guinness World Record .

২০১৮ চনৰ Advantage Assam ৰ সময়ত বিজেপি চৰকাৰে দেখুওৱা Twin Tower ৰ সপোনটো একপ্ৰকাৰৰ ৰেকৰ্ডেই হৈছে বুলিব পাৰি! কাৰণ, যোৱাকালি আমাৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে অসমত Twin Tower নিৰ্মাণ হৈ আছে, ৬০% কামো প্ৰায় শেষ হৈছে। আমাৰ মানুহে সেইবিলাক নেদেখে বুলিও আক্ষেপ কৰিছে। এনেয়ে হেনো অসমৰ মানুহে Twin Tower নিৰ্মাণ নহ’ল বুলি সমালোচনা কৰি থাকে।

সেয়েহে, কিয় এই পৰিঘটনা ৰেকৰ্ড নহ’ব তাৰ প্ৰতি দৃষ্টি ৰাখি মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমি এই সম্পৰ্কে এটা chronology দাঙি ধৰিলো। আপুনি যিটো প্ৰকল্পক এতিয়া Twin Tower আখ্যা দিবলৈ বিচাৰিছে সেই প্ৰকল্পটো :-

*২০১৬ চনৰ ১ মাৰ্চ তাৰিখে তেতিয়াৰ মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়াই “সমম্বিত সঞ্চালকালয় চৌহদ” হিচাপে আধাৰশিলা স্থাপন কৰিছিল। উক্ত অনুষ্ঠানত তেতিয়াৰ গড়কাপ্তানী মন্ত্ৰী তথা বৰ্তমানৰ বিত্ত মন্ত্ৰী অজন্তা নেওগ বাইদেউও উপস্থিত আছিল।

**৬ বছৰৰ পাছত সেই একেটা প্ৰকল্পৰ স্থানতে ২০২২ চনৰ ১০ মে তাৰিখে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ দ্বাৰা সংহত সঞ্চালকালয় নামেৰে পুনৰবাৰ আধাৰশিলা স্থাপন কৰোওৱা হোৱা নাছিল জানো ?

***২০২৩ চনৰ ৬ ডিচেম্বৰ তাৰিখে এইগৰাকী মুখ্যমন্ত্ৰীয়েই Twin Tower ৰ সপোন নস্যাৎ কৰা নাছিল জানো? তাৰ পৰিবৰ্তে আপুনি অসমত IIM নতুবা কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ স্থাপন কৰিলেহে ৰাজ্যখনৰ লাভ হ’ব বুলি কোৱা নাছিল জানো? মোৰ যদি ভুল হোৱা নাই আপুনি হাস্যব্যংগ কৰি হয়তো এদিন কৈছিল যে এই সংহত সঞ্চালকালয়টোৰেই সোণোৱাল ডাঙৰীয়াৰ Twin Tower ৰ সপোন বাস্তৱ হৈ পৰিব! বাহ্ কি উপস্থিত বুদ্ধি !

এতিয়া, মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনিয়েই কওকচোন যে এটা প্ৰকল্পৰ দুবাৰ আধাৰশিলা কৰা, তাকো দুটা ভিন্ন নামেৰে, তাৰ পিছত আকৌ পুনৰ সেই নামকেইটাকে গৌণ কৰি একেবাৰে Twin Tower আখ্যা দিয়াটো কেনেধৰণৰ দক্ষতা !! প্ৰকল্প এটাৰ কাম সম্পূৰ্ণ আৰম্ভ নৌহওঁতেই দুটা ভিন্ন নামেৰে দুবাৰ আধাৰশিলা স্থাপন, সম্পূৰ্ণ হৈ নুঠোতেই তৃতীয়বাৰৰ বাবে নতুন নামেৰে সম্বোধন কৰি বাহ বাহ ল’বলৈ বিচৰাৰ পৰিঘটনা হয়তো বিশ্বতে বিৰল!

সেয়েহে, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ শুভাকাংশীসকলে এই বিষয়টোও এটা এক প্ৰকাৰৰ Guinness World Record বুলি গ্ৰহণ কৰি অনুষ্ঠান এভাগি আয়োজন কৰিব পাৰে। বাকী অসমৰ ৰাইজেও এই চৰকাৰখনৰ চমক সৃষ্টিকাৰী ঘোষণা আৰু event সমূহ ভালদৰে পৰ্যবেক্ষণ কৰক আৰু ইয়াৰ লক্ষ্য সমূহ হৃদয়ংগম কৰিবলৈ চেষ্টা কৰক।

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ভাৰতৰ ৩ নং স্থানত নতুন ‘মিষ্টাৰ ডিপেণ্ডডেবল’ পাডিক্কাল! শ্ৰীলংকাৰ বিৰুদ্ধে ‘চিন্তা’ ৰাহুলৰ আঘাত

ভাৰতৰ ৩ নং স্থানত নতুন ‘মিষ্টাৰ ডিপেণ্ডডেবল’ পাডিক্কাল! শ্ৰীলংকাৰ বিৰুদ্ধে ‘চিন্তা’ ৰাহুলৰ আঘাত

August 16, 2026 8:06 am
হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

August 15, 2026 10:04 pm
আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

August 15, 2026 9:15 pm
শ্ৰীকাকুলামৰ গান্ধী মন্দিৰ: য’ত আজিও সজীৱ হৈ আছে অহিংসা আৰু স্বাধীনতা সংগ্ৰামৰ স্মৃতি

শ্ৰীকাকুলামৰ গান্ধী মন্দিৰ: য’ত আজিও সজীৱ হৈ আছে অহিংসা আৰু স্বাধীনতা সংগ্ৰামৰ স্মৃতি

August 15, 2026 8:50 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতৰ ৩ নং স্থানত নতুন ‘মিষ্টাৰ ডিপেণ্ডডেবল’ পাডিক্কাল! শ্ৰীলংকাৰ বিৰুদ্ধে ‘চিন্তা’ ৰাহুলৰ আঘাত

ভাৰতৰ ৩ নং স্থানত নতুন ‘মিষ্টাৰ ডিপেণ্ডডেবল’ পাডিক্কাল! শ্ৰীলংকাৰ বিৰুদ্ধে ‘চিন্তা’ ৰাহুলৰ আঘাত

August 16, 2026 8:06 am
হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

August 15, 2026 10:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd