তামিলনাডুৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছত শুকুৰবাৰে প্ৰথমখন কেবিনেট বৈঠক অনুষ্ঠিত কৰে জোচেফ বিজয়ে। প্ৰথমখন বৈঠকতে তেওঁ তামিলনাডু ৰাজ্যিক বিপণন নিগম বা TASMAC সম্পৰ্কে এক শক্তিশালী বাৰ্তা দিয়ে। টাছমাকৰ বিৰুদ্ধে বিভিন্ন দুৰ্নীতি, অনিয়ম আৰু ‘পাৰ্টি ফাণ্ড’ ব্যৱস্থা চলোৱাৰ অভিযোগ উত্থাপন হৈছে। মুখ্যমন্ত্রীয়ে কঠোৰ নির্দেশ দিছে যে সুৰা বিক্ৰীৰ পৰা আহৰণ কৰা সমগ্র আয় ৰাজ্যৰ কোষাগাৰত জমা কৰিব লাগে৷ কোনো ধৰণৰ দুৰ্নীতি সহ্য কৰা নহ’ব। ইয়াৰ বাবে প্ৰয়োজনীয় তদন্তৰো নিৰ্দেশ দিছে।
এই TASMAC কি? ই তামিলনাডু চৰকাৰৰ এটা নিগম, দৰাচলতে যাৰ ৰাজ্যখনৰ সুৰাৰ পাইকাৰী আৰু খুচুৰা বিক্ৰীৰ ওপৰত একচেটিয়া নিয়ন্ত্ৰণ আছে। ই তামিলনাডুত সুৰাৰ বিক্ৰী নিয়ন্ত্ৰণ কৰা ৰাজ্যিক সংস্থা। ৰাজ্যৰ অৰ্থনীতিত ইয়াৰ ভূমিকা অতি উল্লেখযোগ্য।
সূত্ৰ অনুসৰি প্ৰতিমাহে টাছমাকৰ জৰিয়তে প্ৰায় ১০২ কোটি টকা অইন ক্ষেত্ৰলৈ ডাইভাৰ্ট কৰা হৈছিল। এইদৰে বিগত পাঁচ বছৰত ৰাজ্যৰ কোষাগাৰৰ পৰা প্ৰায় ১৬০০ কোটি টকা আঁতৰোৱা হৈছে। এই ঘটনাক লৈ দ্ৰাবিড় ভূমিত ডি এম কেৰ ভূমিকা সম্পৰ্কে চৰ্চা হৈছে।
বৰ্তমান তামিলনাডুত ৪০৪৮টা পঞ্জীয়নভুক্ত আউটলেট আছে। সূত্ৰ অনুসৰি মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে যে টাছমেকৰ খুচুৰা আৰু পাইকাৰী নেটৱৰ্ক, যাৰ জৰিয়তে এনে কাম সম্পন্ন হৈছিল, সেই নেটৱৰ্ক শীঘ্ৰে বন্ধ কৰি দিব লাগে।
আবকাৰী মন্ত্ৰী কে ভিগনেশে এক সংবাদ মাধ্যমৰ আগত কয় যে মুখ্যমন্ত্ৰীয়ে কেবিনেট বৈঠকত স্পষ্ট কৰি দিছে যে তেওঁৰ চৰকাৰক দুৰ্নীতি বা ৰাইজৰ দুখ-কষ্টৰ ধনৰ পৰা ৰাজহৰ প্ৰয়োজন নাই। তেওঁৰ স্পষ্ট নিৰ্দেশনা যে সকলো ধৰণৰ ধন সৰবৰাহ তৎক্ষণাত বন্ধ কৰিব লাগে আৰু ৰাইজৰ ধন কোষাগাৰলৈ ঘূৰাই আনিব লাগে।
ছুপাৰষ্টাৰ অভিনেতা তথা মুখ্যমন্ত্ৰী চন্দ্ৰশেখৰ জোচেফ বিজয়ে তামিলনাডুৰ সিংহাসনত বহাৰ সময়তে ঘোষণা কৰিছিল যে তাত মন্দিৰ, বিদ্যালয় আৰু বাছ ষ্টেণ্ডৰ পৰা ৫০০ মিটাৰৰ ভিতৰত থকা সকলো চৰকাৰী সুৰাৰ দোকান শীঘ্ৰে বন্ধ কৰিব লাগে। তেওঁ লগতে ৭১৭খন সুৰাৰ দোকান স্থায়ীভাৱে বন্ধ কৰাৰ নিৰ্দেশ দিয়ে। এইবাৰ নিৰীক্ষণত TASMAC।
ক্ষমতালৈ অহাৰ পিছত তামিলনাডুক ড্ৰাগছমুক্ত কৰাৰ যি প্ৰতিশ্ৰুতি দিছিল, সেই পথেই ক্ৰমান্বয়ে আগবাঢ়িছে বিজয়ে।





