বিশ্বনাথ জিলাত উচ্চ আৰু কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰখনত এক নতুন দিগন্তৰ সূচনা হল বুধবাৰে। জিলাখনৰ বিহালী সমষ্টিৰ জৰাবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত বালিপুখুৰীত অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
এই অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, হস্ত-তাঁত, বস্ত্ৰ, ৰেচম তথা সংখ্যালঘু উন্নয়ন দপ্তৰৰ মন্ত্ৰী ৰঞ্জিত দত্ত, ৰাজ্যিক শিক্ষামন্ত্ৰী পল্লৱ লোচন দাস৷ বিশ্বনাথ, গহপুৰ আৰু চতিয়া সমষ্টিৰ বিধায়কসকল ক্ৰমে প্ৰমোদ বৰঠাকুৰ, উৎপল বৰা আৰু পদ্ম হাজৰিকাও এই আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত থাকে৷
তাৰোপৰি, এই অনুষ্ঠানত উপস্থিত থাকে উচ্চ শিক্ষা বিভাগৰ প্ৰধান সচিব মনিন্দৰ সিং।
বিশ্বনাথ জিলাৰ উপায়ুক্ত ধীৰাজ জ্যোতি কলিতাই আধাৰশিলা স্থাপন কৰা অনুষ্ঠানত আদৰণি ভাষণ আগবঢ়ায়। জিলা খনৰ কেইবা সহস্ৰাধিক লোক এই অনুষ্ঠানত উপস্থিত থাকে।
নিজৰ ভাষণত প্ৰসংগত মূখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰ স্বাধীনতাৰ পিচৰ পৰাই পিছ পৰি আছিল৷ উত্তৰৰ পাৰত বহু কংগ্ৰেছ নেতাৰ সৃষ্টি হল যদিও কংগ্ৰেছ চৰকাৰে ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰক কেতিয়াও গুৰুত্ব দিয়া নাছিল৷ বিজেপি চৰকাৰ অহাৰ পিছতহে জোনাইৰ পৰা শ্ৰীৰামপুৰ গেটলৈকে ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰৰ উন্নয়ন ক্ষিপ্ৰতৰ হৈছে বুলি মুখ্য মন্ত্ৰীগৰাকীয়ে ব্যক্ত কৰে৷
তাৎপৰ্যপূৰ্ণভাৱে তেওঁ কয় যে অসমত বহু অশুভ শক্তিয়ে সামপ্ৰদায়িক সংঘৰ্ষৰ সূত্ৰপাত ঘটাবলৈ অহৰহ প্ৰচেষ্টা চলাই আছে আৰু ইয়াৰ বিৰুদ্ধে প্ৰতিজন অসমীয়াই মাৰ বান্ধি থিয় হব লাগিব৷
অসমীয়া, বাঙালী, মাৰোৱাৰী— সকলো জাতিয়েই সমিল-মিলৰে আগবাঢি যাব লাগিব বুলি মূখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে৷
উল্লেখ্য যে নতুনকৈ নিৰ্মাণ কৰিবলগীয়া এই অভিযান্ত্ৰিক মহাবিদ্যালয়খনৰ নাম বিহালীৰ বৰেণ্য ব্যক্তি ছবিলাল উপাধ্যায়ৰ নামত নামাকৰণ কৰিবলৈ স্থানীয় বিধায়ক তথা মন্ত্ৰী ৰঞ্জিত দত্তই আগবঢোৱা প্ৰস্তাব চৰকাৰে স্বীকৃতি প্ৰদান কৰিছে বুলি মন্তব্য কৰে বিভাগীয় মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই।