নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ প্ৰতি সমৰ্থন নাই বুলি কেন্দ্ৰক জনাবলৈ মেঘালয় চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ প্ৰসংগ টানি অধিবক্তা তথা প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ্বায়ক উপমন্যু হাজৰিকাই কয় যে, চুবুৰীয়া ৰাজ্যৰ নেতাসকলে জাতীয় অস্তিত্বক লৈ আপোচ নকৰে। কিন্তু আমাৰ নেতাসকলে ক্ষমতাৰ বাবে নিজৰ মাটি-ভেটি সকলো বিক্ৰী কৰিব পাৰে।
‘জাতীয় নায়ক মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কেন্দ্ৰৰ সিদ্ধান্তৰ বিৰুদ্ধে মাত মাতিবলৈ সাহস নাই। তেওঁ নিজৰ গাদী ৰক্ষাৰ চিন্তাহে কৰিছে।‘ এইদৰে কয় হাজৰিকাই।
‘সোণোৱালে গাদী ৰক্ষাৰ চিন্তা বাদ দিয়ক, জাতি ৰক্ষাৰ কথা চিন্তা কৰক।‘ উপমন্যু হাজৰিকাৰ পৰামৰ্শ।
তেওঁ তাৰ বাবে ১৯৫১ চনৰ ভিত্তিত অসম চৰকাৰক এখন সংৰক্ষণ আইন বলৱৎ কৰিবলৈ দাবী জনায়। ‘১৯৫১ চন বা তাৰ পূৰ্বৰ পৰা অসমত বাস কৰা লোকসকল আৰু তেওঁলোকৰ সন্তি-সন্ততিসকলৰ বাবে ভূমি, চাকৰিকে ধৰি আন আন সুবিধাসমূহ সংৰক্ষণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক।‘ তেওঁ চৰকাৰক আহ্বান জনায়।
‘এতিয়াই যদি ১৯৫১ চনক ভিত্তি বৰ্ষ হিচাপে লৈ থলুৱা লোকৰ সংৰক্ষণৰ বাবে এখন আইন প্ৰণয়ন কৰা নহয়, তেনেহ’লে অচিৰেই অসমীয়া অসমতে সংখ্যালঘুত পৰিণত হ’ব।‘ হাজৰিকাৰ মত।
তেওঁ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ, মেঘালয়, নগালেণ্ড আদিলৈ আঙুলিয়াই কয় যে এইবোৰ ৰাজ্যই থলুৱা লোকৰ সংৰক্ষণৰ বাবে এনে আইন প্ৰণয়ন কৰিছে বাবেই বাংলাদেশী আগ্ৰাসনৰ পৰা ৰক্ষা পৰি আছে।
উল্লেখযোগ্য যে যোৱা ৪ জানুৱাৰিত শিলচৰত এখন নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘নাগৰিকত্ব সংশোধনী বিধেয়কখন শীঘ্ৰেই গৃহীত হ’ব’ বুলি ঘোষণা কৰাৰ সময়ত মুখ্য মন্ত্ৰী সোণোৱালে কাষতে বহি হাত চাপৰি বজাই আছিল।