• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিশিষ্ট নাট্যশিল্পী ঐশ্বৰ্য্য কাকতি, ভৱেশ বৰুৱালৈ নটসূৰ্য্য ফণী শৰ্মা বঁটা

জ্যোতি-বিষ্ণু-নটসূৰ্য্য-সুধাকণ্ঠৰ স্মৃতিত তেজপুৰত হ’ব বিজ্ঞানসন্মত সংগ্ৰহালয়

Nenow এন ই নাও নিউজ
গুৱাহাটী , July 31, 2020 10:35 pm

2 min read

CM Sonowal presents Natasurya Phani Sarma Award 2020
269
VIEWS
Share on FacebookShare on Twitter

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিশিষ্ট নাট্যশিল্পী ঐশ্বৰ্য্য কাকতি আৰু ভৱেশ বৰুৱাক বৃহস্পতিবাৰে ২০২০ বৰ্ষৰ নটসূৰ্য্য ফণী শৰ্মা বঁটা প্ৰদান কৰে।

এই বঁটাত আছে এখন শৰাই, এখন প্ৰশস্তি পত্ৰ, মান বস্ত্ৰ আৰু ২ লাখ টকাৰ চেক।

অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত তেজপুৰৰ বান থিয়েটাৰত এই বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হৈছিল।

অনুষ্ঠানত মুখ্য মন্ত্ৰীয়ে কয় যে ‘মহানগৰ আন্তঃগাঁথনি উন্নয়ন প্ৰকল্প’ৰ অধীনত ডেৰ কোটি টকা ব্যয়েৰে নটসূৰ্য্য ফণী শৰ্মাৰ সমাধিক্ষেত্ৰ সংৰক্ষণৰ পদক্ষেপ গ্ৰহণ কৰিব।

সোণোৱালে লগতে ঘোষণা কৰে যে জ্যোতি-বিষ্ণু-নটসূৰ্য্য-সুধাকণ্ঠৰ স্মৃতিত তেজপুৰত বিজ্ঞানসন্মতভাৱে এটা সংগ্ৰহালয় নিৰ্মাণ কৰিব।

মুখ্য মন্ত্ৰীয়ে লগতে ২.২ কোটি টকা ব্যয়েৰে পুনৰ নবীকৰণ কৰিবলগীয়া ‘ঐতিহ্যমণ্ডিত বান থিয়েটাৰ প্ৰকল্প’ৰো আধাৰশিলা স্থাপন কৰে।

বঁটা প্ৰাপক শিল্পী ঐশ্বৰ্য্য কাকতিয়ে এই বঁটা বান থিয়েটাৰৰ নামত উচৰ্গা কৰে।

আনহাতে ভ্ৰাম্যমাণ আৰু কথাছবিৰ জনপ্ৰিয় অভিনেতা ভৱেশ বৰুৱাই এই বঁটা ভ্ৰাম্যমাণ থিয়েটাৰৰ নামত উচৰ্গা কৰে।

অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী নৱ কুমাৰ দলে, তেজপুৰ সমষ্টিৰ সাংসদ আৰু বিধায়ক ক্ৰমে পল্লৱ লোচন দাস আৰু বৃন্দাবন গোস্বামী, বিধায়কসকল ক্ৰমে পদ্ম হাজৰিকা, অশোক সিংহাল, গণেশ লিম্বু, প্ৰমোদ বৰঠাকুৰ আৰু ৰূপক শৰ্মা, অসম ৰাজ্যিক পণ্যাগাৰ নিগমৰ অধ্যক্ষ দিগন্ত ঘাটোৱাৰ, অসম ৰাজ্যিক বীজ নিগমৰ অধ্যক্ষ প্ৰবীণ হাজৰিকা, এমট্ৰনৰ উপাধ্যক্ষ ঋতুবৰণ শৰ্মা, শোণিতপুৰৰ উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিং, নটসূৰ্য্য ফণী শৰ্মাৰ জ্যেষ্ঠ পুত্ৰ অজিত শৰ্মা আদি উপস্থিত আছিল।

Recent News

USA-TIKTOK/BYTEDANCE

উত্তৰত সন্তুষ্ট নহয় কেন্দ্ৰ; চিৰদিনৰ বাবে নিষিদ্ধ হোৱাৰ পথত TikTokকে ধৰি ৫৯টা চীনা এপ

WhatsApp Image 2021-01-26 at 9.33.43 AM

শাৰীৰিক সম্পৰ্ক স্থাপনত ৰাজী নহ’ল ষষ্ঠ পত্নী; সপ্তম পত্নীৰ সন্ধান ৬৩বছৰীয়া বৃদ্ধৰ

760672-traffic-08-dna-750x375

পুৰণি গাড়ী পুহি ৰখাসকলৰ বাবে নতুন ‘বোজা’ৰ সংকেত! ‘সেউজ কৰ’ লগাব চৰকাৰে

santosh babu

গণতন্ত্ৰ দিৱসত মহাবীৰ চক্ৰৰে সন্মানিত কৰা হ’ব গালৱানৰ শ্বহীদ কৰ্ণেল সন্তোষ বাবুক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd