DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কংগ্ৰেছ-অগপৰ মিত্ৰতা অপৱিত্ৰ মিত্ৰতা : মুখ্য মন্ত্ৰী সোণোৱাল

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
December 2, 2018 9:37 am
সোণোৱাল বিশ্বনাথ

বিশ্বনাথত পঞ্চায়তৰ নিৰ্বাচনী সভাত মুখ্য মন্ত্ৰী সোণোৱাল। ফটো : নৰ্থইষ্ট নাও

286
VIEWS
Share on FacebookShare on Twitter

প্ৰথম পৰ্য্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে মাথোঁ তিনিটা দিন বাকী থকা সময়ত ইতিমধ্যে ৰাজ্যৰ  প্ৰতিটো প্ৰান্তত বিশেষকৈ গ্ৰাম্যাঞ্চলত ব্যাপক নিৰ্বাচনী প্ৰচাৰ   চলিছে। বিভিন্ন ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰৰ প্ৰতিযোগিতাৰ মাজতে নিৰ্বাচনী যুঁজৰ অংশ হিচাপে ৰাইজো ব্যস্ত হৈ পৰিছে।

পঞ্চায়ত নিৰ্বাচনৰ ৰণশিঙা বজাবলৈ শনিবাৰে বিশ্বনাথত উপস্থিত হয়  মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল | দিনৰ প্ৰায় ১২.৩০ মান বজাত বিশ্বনাথৰ আৱৰ্ত ভৱনৰ সমীপত হেলিকপ্টাৰ যোগে অৱতৰণ কৰি মুখ্য মন্ত্ৰী গৰাকীয়ে পোনে পোনে বিশ্বনাথৰ গড়েহাগীস্থিত কমলা কান্ত নাট্য সমাজ প্ৰাংগণত অনুষ্ঠিত হোৱা বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে।

নিৰ্বাচনী ভাষণত মুখ্য মন্ত্ৰীয়ে কয়, ‘’কংগ্ৰেছ-অগপৰ মিত্ৰতা অপৱিত্ৰ মিত্ৰতা। এই মিত্ৰতাই কেতিয়াও গাওঁ উন্নয়ন কৰিব নোৱাৰে। একাংশ বুদ্ধিজীবী আৰু সংবাদ মাধ্যমে উগ্ৰপন্থীক উদগনি জগাই আহিছে।‘’  মুখ্য মন্ত্ৰী সোণোৱালে নিৰ্বাচনী সভাখনত অংশ গ্ৰহণ কৰি বিৰোধী দল সমূহৰ বিৰুদ্ধে তীক্ষ্ণ বাক্যবান নিক্ষেপ কৰে।

আনহাতে, আগন্তুক পঞ্চায়ত নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ জয় নিশ্চিত বুলি মন্তব্য প্ৰদান কৰি মুখ্য মন্ত্ৰী সোণোৱালে সমূহ অসমবাসীৰ আশিস বিচাৰে। এই নিৰ্বাচনী সভাখনত অংশ গ্ৰহণ কৰে তেজপুৰৰ সাংসদ আৰ পি শৰ্মা, চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰকে ধৰি ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক পৰ্যায়ৰ বহুকেইগৰাকী নেতাই।

ইপিনে, নিজৰ মন্তব্যৰে বিতৰ্ক সৃষ্টি কৰা তেজপুৰৰ সাংসদ আৰ পি শৰ্মাই  মূখ্য মন্ত্ৰীৰ সন্মুখতে মুখ্য মন্ত্ৰী সোণোৱালক ছলমান খানতকৈও বেছি সুন্দৰ বুলি মন্তব্য প্ৰকাশ কৰি ৰাইজৰ মাজত হাহিৰ খোৰাক জগায়।

Recent News

CBI summoned Rubaiya Sayeed

য়াছিন মালিকৰ সৈতে সম্পৰ্কিত গোচৰত জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ জীয়ৰীলৈ চিবিআইৰ চমন

Monkey pox আমেৰিকাত ধৰা পৰিল মাংকি পক্সৰ প্ৰথমটো ঘটনা,কি এই মাংকি পক্স?

বিশ্বৰ কুৰি খন দেশলৈ বিয়পিছে মাংকিপক্স, উদ্বিগ্ন বিশ্ব স্বাস্থ্য সংস্থা

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

temple-mosque row in India

ৰাজতন্ত্ৰ, মন্দিৰ-মছজিদ আৰু আধুনিক চেতনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd