• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

সামাজিক মাধ্যমৰ পৰা হঠাৎ নোহোৱা হ’ল ককৰোচ জনতা পাৰ্টিৰ একাউন্ট : ৰাজনৈতিক হেঁচা নে আন কিবা?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 2:40 pm
106
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইন্টাৰনেটৰ জগতখনত তোলপাৰ লগোৱা এটা ব্যংগাত্মক ৰাজনৈতিক দল ককৰোচ জনতা পাৰ্টী চমুকৈ চিজেপিয়ে শেহতীয়াকৈ এক বাধাৰ মুখামুখী হৈছে। বিগত কেইটামান দিনত লাখ লাখ মানুহৰ যোগদান আৰু কোটি কোটি ভিউছ লাভ কৰাৰ পিছত যোৱা নিশা হঠাতে ইনষ্টাগ্ৰামৰ পৰা দলটোৰ অফিচিয়েল পেজটো নোহোৱা হৈ যায়। এই ঘটনাটোক লৈ ছচিয়েল মিডিয়াত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। বহুতে দাবী কৰিছে যে অতি কম সময়ৰ ভিতৰতে পেজটোৰ জনপ্ৰিয়তা অতিমাত্ৰা বৃদ্ধি পোৱাৰ বাবেই একাউণ্টটো হেক কৰা হৈছে অথবা ৰাজনৈতিক চাপৰ বাবে মেটা কৰ্তৃপক্ষই ইয়াক সাময়িকভাৱে বন্ধ বা চচপেণ্ড কৰি দিছে।

লাভ কৰা খবৰ অনুসৰি যোৱা নিশাৰ পৰা চিজেপিৰ ইনষ্টাগ্ৰাম একাউণ্টটো কমেও দুবাৰমান সাময়িকভাৱে নোহোৱা বা বন্ধ হৈ পৰিছিল। কিন্তু আচৰিত কথাটো হ’ল এই খেলিমেলিৰ মাজতেও পেজটোৰ ফল’ৱাৰ্ছৰ সংখ্যা অতি দ্ৰুতগতিত বৃদ্ধি পাইছে। যোৱা নিশা য’ত একাউণ্টটোৰ ফল’ৱাৰ্ছ প্ৰায় ৯০ লাখ আছিল, সেয়া সকলো বাধা নেওচি বৰ্তমান ১ কোটি ১০ লাখ অতিক্ৰম কৰিছে। ইন্টাৰনেট ব্যৱহাৰকাৰী একাংশৰ মতে পেজটোত একেলগে বহুসংখ্যক লোকৰ সমাগম হোৱাৰ বাবে কোনো কাৰিকৰী বিজুতিও ঘটিব পাৰে। অৱশ্যে একাউণ্টটো সম্পূৰ্ণৰূপে বন্ধ হোৱা বা হেক হোৱাৰ কোনো চৰকাৰী প্ৰমাণ পোৱা নাই কাৰণ বৰ্তমান পেজটো আকৌ সক্ৰিয় হৈ পৰিছে।

Apply Now

ইয়াৰ মাজতে এটা ভিডিঅ’ বাৰ্তাৰ জৰিয়তেৰ তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে চিজেপিৰ প্ৰতিষ্ঠাপক তথা বষ্টন বিশ্ববিদ্যালয়ৰ ৩০ বছৰীয়া ছাত্ৰ অভিজিৎ দিপকে। তেওঁ পোনপটীয়াকৈ চৰকাৰক লক্ষ্য কৰি প্ৰশ্ন উত্থাপন কৰে যে যুৱ প্ৰজন্মৰ অধিকাৰৰ কথা কোৱা বা ভিন্নমত পোষণ কৰাৰ বাবে কিয় তেওঁলোকৰ ছচিয়েল মিডিয়া একাউণ্টসমূহক এইদৰে লক্ষ্য কৰি লোৱা হৈছে। নিজৰ বক্তব্যত ক্ষোভ উজাৰি দিপকে কয় যে চীনে যেতিয়া আমাৰ ভূখণ্ডত অনুপ্ৰৱেশ কৰে তেতিয়া কোনো ব্যৱস্থা লোৱা নহয়, কিন্তু চৰকাৰে আমাৰ দৰে যুৱক-যুৱতীসকলৰ কণ্ঠৰোধ কৰিবলৈহে উঠি-পৰি লাগিছে।

কেৱল ইয়াতেই ক্ষান্ত নাথাকি তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো পোনপটীয়াকৈ সমালোচনা কৰি প্ৰশ্ন কৰে যে মানুহে কিয় ভাবে যে মোদীয়েই আটাইতকৈ শক্তিশালী আৰু সাহসী প্ৰধানমন্ত্ৰী। দিপকে প্ৰত্যাহ্বান জনাই কয় যে প্ৰধানমন্ত্ৰী যদি সঁচাকৈয়ে ইমান শক্তিশালী, তেন্তে তেওঁ মুকলিকৈ সংবাদ মেল পাতি কঠিন প্ৰশ্নৰ সন্মুখীন হ’ব লাগে। অৱশ্যে এই ধৰণৰ অনলাইন বাধা বা ৰাজনৈতিক চাপত যুৱ প্ৰজন্মক হাৰ নামানিবলৈ আহ্বান জনাই তেওঁ কয় যে এই আন্দোলন সাধাৰণ যুৱক-যুৱতীসকলৰ মনৰ ক্ষোভৰ পৰা গঢ়ি উঠিছে আৰু তেওঁলোকৰ সমৰ্থনতেই ই আগবাঢ়ি যাব।

উল্লেখ্য যে যোৱা ১৫ মে’ত ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ একাংশ নিবনুৱা যুৱকক লৈ কৰা এটা মন্তব্যক কেন্দ্ৰ কৰিয়েই এই চিজেপি বা ককৰোচ জনতা পাৰ্টীৰ জন্ম হৈছিল। ধৰ্মনিৰপেক্ষ, সমাজতান্ত্ৰিক, গণতান্ত্ৰিক আৰু এলেহুৱা— এই শ্লোগানটোক আগত ৰাখি মূলত নীট পৰীক্ষাৰ বিতৰ্ক, প্ৰশ্নকাকত ফাদিল, নিবনুৱা সমস্যা আৰু বাক-স্বাধীনতাৰ দৰে গুৰুত্বপূৰ্ণ বিষয়সমূহক মিম আৰু ধেমেলীয়া কৌতুকৰ জৰিয়তে এই প্লেটফৰ্মত তুলি ধৰা হৈছে। মেটা বা ইনষ্টাগ্ৰাম কৰ্তৃপক্ষৰ ফালৰ পৰা এই সাময়িক সমস্যাটোক লৈ এতিয়ালৈকে কোনো আনুষ্ঠানিক মন্তব্য কৰা হোৱা নাই যদিও সময়ৰ লগে লগে এই ককৰোচ বাহিনীৰ শক্তি যিদৰে বৃদ্ধি পাইছে, সি ভাৰতীয় ৰাজনীতিত এক নতুন মাত্ৰা যোগ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd