• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘দিল্লীত নামিলেই তিহাৰ জেললৈ পঠিয়াব’! ‘ককৰোচ জনতা পাৰ্টি’ৰ প্ৰতিষ্ঠাপকৰ বিস্ফোৰক দাবী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 8:01 pm
557
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ মুখ্য ন্যায়াধীশৰ মন্তব্যক আহিলা হিচাপে ব্যৱহাৰ কৰি জন্ম লোৱা ছ’চিয়েল মিডিয়াৰ ট্ৰেণ্ডটো ইমান সোনকালে সম্পূৰ্ণ ‘ৰাজনৈতিক ধুমুহা’লৈ পৰিণত হ’ব বুলি হয়তো শাসকীয় দলটোৱেও কল্পনা কৰিব পৰা নাছিল।

বিৰোধী শিবিৰৰ পৰা ইজনৰ পিছত সিজন হেভিৱেট নেতাৰ সমৰ্থনত ছ’চিয়েল মিডিয়াত বিজেপিক অতিক্ৰম কৰা ‘ককৰোচ জনতা পাৰ্টি’ৰ একাউণ্টটোৱে আজি ভাৰতত প্ৰথমটো বৃহৎ আক্ৰমণৰ সন্মুখীন হ’বলগীয়া হৈছে। আইনী দাবীৰ অজুহাতত ভাৰতত দলটোৰ এক্স (টুইটাৰ) একাউণ্ট ব্লক বা বন্ধ কৰি ৰখা হৈছে।

Apply Now

আমেৰিকাৰ পৰা দিয়া এক বিশেষ সাক্ষাৎকাৰত এই দলৰ প্ৰতিষ্ঠাপক অভিজিৎ দিপকে গ্ৰেপ্তাৰ হোৱাৰ আশংকা প্ৰকাশ কৰি পোনপটীয়াকৈ মোডী চৰকাৰক লক্ষ্য কৰি লৈছে।

শেহতীয়াকৈ বষ্টন বিশ্ববিদ্যালয়ৰ পৰা জনসংযোগ বিভাগত স্নাতক ডিগ্ৰী লাভ কৰা ৩০ বছৰীয়া ৰাজনৈতিক যোগাযোগ কৌশলবিদ অভিজিত দিপকে বৰ্তমান আমেৰিকাত আছে। তাৰ পৰাই ‘দ্য ৰেড মাইক’ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ কয়, “অৱশেষত আমি এই দেশত আমাৰ প্ৰকৃত পৰিচয় জানিব পাৰিছো যে ইয়াত সাধাৰণ জনতাক ককৰো বা পঁইতাচোৰা হিচাপে দেখা যায়। মোৰ এনে লাগে যেন মই দিল্লীৰ আই জি আই বিমানবন্দৰত ভৰি দিয়াৰ লগে লগে দিল্লী আৰক্ষীৰ এটা ডাঙৰ কনভয় আহি মোক পোনে পোনে তিহাৰ জেললৈ লৈ যাব।”

ইনষ্টাগ্ৰামত ফ’ল’ৱাৰৰ সংখ্যাৰ ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টিক অতিক্ৰম কৰাৰ কথা সোধাত পুনেৰ সাংবাদিকতাৰ প্ৰাক্তন ছাত্ৰগৰাকীয়ে কয় যে তেওঁ এই বিষয়ে একেবাৰেই সুখী নহয়। কাৰণ ছ’চিয়েল মিডিয়া ফ’ল’ৱাৰ বৃদ্ধি হ’লেও দেশৰ প্ৰকৃত জ্বলন্ত সমস্যাবোৰ একেই আছে।

উল্লেখ্য যে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্য্য কান্তে শুনানিৰ সময়ত দিয়া মন্তব্যৰ ভিত্তিত কিছুদিন পূৰ্বে এই পেৰ’ডি পেজৰ জন্ম হৈছিল। দেশৰ সাধাৰণ নাগৰিক বা বিৰোধীক ‘পঁইতাচোৰা’ৰ লগত তুলনা কৰাৰ পৰিৱেশ সৃষ্টি হোৱাৰ লগে লগে সাধাৰণ জনতাই নেটজগতত নিজৰ ক্ষোভ প্ৰকাশ কৰিলে। অভিজিৎ দিপকে খৰখেদাকৈ ঘোষণা কৰিলে ‘ককৰোচ জনতা পাৰ্টি’ বা চিজেপি নামৰ এটা ব্যংগ দল।

এক মুহূৰ্তৰ ভিতৰতে এই প্ৰতীকী প্ৰতিবাদ বনজুইৰ দৰে বিয়পি পৰিল। কেৱল দেশৰ সাধাৰণ জনতাই নহয়, তৃণমূল কংগ্ৰেছৰ মহুৱা মৈত্ৰৰ পৰা আৰম্ভ কৰি সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱলৈকে বিৰোধীৰ বহু শীৰ্ষ নেতাই ছ’চিয়েল মিডিয়াত ক’বলৈ আৰম্ভ কৰিলে – ‘মইও পঁইতাচোৰা’ (মইও ককৰোচ)। সমগ্ৰ দেশতে এতিয়া আৰম্ভ হৈছে ‘বিজেপি বনাম চিজেপি’ বুলি লিখা দেৱাল লিখনী আৰু পোষ্টাৰ। বহুতো বিখ্যাত কমেডিয়ান, ইনফ্লুৱেন্সাৰ আৰু চেলিব্ৰিটিয়ে এই ধাৰাত যোগদান কৰিছে।

বৃহস্পতিবাৰে পুৱাৰে পৰা ভাৰতত ‘ককৰোচ জনতা পাৰ্টি’ৰ অফিচিয়েল এক্স হেণ্ডেল খুলিলে স্ক্ৰীণত দেখা যায় – ‘একাউণ্ট উইথহেল্ড ইন ইণ্ডিয়া’। চৰকাৰৰ পৰা আইনী নিৰ্দেশনা লাভ কৰি এক্স (টুইটাৰ) কৰ্তৃপক্ষই এই পদক্ষেপ লোৱাটো স্পষ্ট। ইয়াৰ এটা স্ক্ৰীণশ্বট শ্বেয়াৰ কৰি অভিজিতে লিখিছে, “আশা কৰা মতেই হ’ল। ভাৰতত ককৰোচ জনতা পাৰ্টিৰ একাউণ্টটো লক কৰা হৈছে।”

ডিজিটেল জগতৰ এই মেগা যুঁজখন আৰু প্ৰতিষ্ঠাপকজনৰ নিজেই তিহাৰলৈ পঠোৱাৰ আশংকাই অনাগত দিনত ভাৰতৰ মূলসুঁতিৰ ৰাজনীতিক কিমান আৰু অধিক উত্তপ্ত কৰি তুলিব সেয়া হ’ব লক্ষ্যণীয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

September 14, 2026 9:46 am
ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

September 14, 2026 9:02 am
স্মৃতি-শ্বেফালীৰ দুৰ্দান্ত বেটিং, স্পিনাৰৰ ‘ধুমুহা’! শ্ৰীলংকাক পৰাস্ত কৰি এছিয়াৰ শ্ৰেষ্ঠ ভাৰত

স্মৃতি-শ্বেফালীৰ দুৰ্দান্ত বেটিং, স্পিনাৰৰ ‘ধুমুহা’! শ্ৰীলংকাক পৰাস্ত কৰি এছিয়াৰ শ্ৰেষ্ঠ ভাৰত

September 14, 2026 8:05 am
ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

September 13, 2026 9:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

September 14, 2026 9:46 am
ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

September 14, 2026 9:02 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd