এতিয়া ছ’চিয়েল মিডিয়াৰ ৱালত মাত্ৰ এটা নামেই ঘুৰি ফুৰিছে – ‘ককৰোচ জনতা পাৰ্টি’ (চিজেপি)। মাত্ৰ এসপ্তাহ পূৰ্বে গঠিত এই ‘পেৰ’ডি’ ৰাজনৈতিক দলটোৱে ডিজিটেল জগতত ইমানেই ছুনামী আনিছে যে আনকি দেশৰ শাসকীয় ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টি (বিজেপি)কো ইনষ্টাগ্ৰামত ফ’ল’ৱাৰৰ সংখ্যাত পৰাস্ত কৰিছে। এসপ্তাহত এই পেজৰ অনুসৰণকাৰীৰ সংখ্যাই ২ কোটি অতিক্ৰম কৰিছে!
এই অভাৱনীয় উত্থানৰ পিছতে নিদ্ৰা হৰিছে দলটোৰ প্ৰতিষ্ঠাপক অভিজিত দীপকে। বষ্টন বিশ্ববিদ্যালয়ৰ এইগৰাকী প্ৰাক্তন ছাত্ৰই যোৱা ৭২ ঘণ্টাত শুব পৰা নাই। কাৰণ, এই বিশাল জনপ্ৰিয়তাৰ সমান্তৰালভাৱে তেওঁৰ বিৰুদ্ধে ইটোৰ পিছত সিটোকৈ গুৰুতৰ অভিযোগ উত্থাপন হৈছে, তাৰ ভিতৰত এটা হৈছে ‘পাকিস্তান সংযোগ’ৰ লেবেল আৰু পাকিস্তানৰ চোৰাংচোৱা সংস্থা ‘ISI’ ৰ বাবে কাম কৰা!
বিজেপিৰ যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক তেজিন্দৰ পাল সিং বাগ্গা আৰু দলৰ কেইবাগৰাকীও মুখপাত্ৰই পোনপটীয়াকৈ এই ‘ককৰোচ জনতা পাৰ্টি’ক ‘পাকিস্তান জনতা পাৰ্টি’ বুলি অভিহিত কৰিছে। ছ’চিয়েল মিডিয়াত এই নতুন পেজৰ অনুগামীসকলৰ ভৌগোলিক পৰিসংখ্যাৰ উদ্ধৃতি দি বাগ্গাই দাবী কৰে যে দলটোৰ গৰিষ্ঠসংখ্যক সমৰ্থকেই প্ৰকৃততে ভাৰতৰ শত্ৰু দেশত বহি আছে।
তেজিন্দৰ বাগ্গাই শ্বেয়াৰ কৰা তথ্য অনুসৰি ককৰোচ পাৰ্টিৰ ইনষ্টাগ্ৰাম ফ’ল’ৱাৰৰ ৪৯ শতাংশই পাকিস্তানী নাগৰিক! ইয়াৰ বাহিৰেও ১৪ শতাংশ আমেৰিকাৰ আৰু ১৪ শতাংশ বাংলাদেশৰ। এই তিনিখন দেশ একেলগে ককৰোচ পাৰ্টিৰ অনুগামীৰ ৭৭ শতাংশ। আৰু এই তালিকাত ভাৰত চতুৰ্থ স্থানত আছে, মাত্ৰ ৯ শতাংশ অনুগামী।
বিজেপি নেত্ৰী প্ৰীতি গান্ধীয়েও এই তথ্য ব্যৱহাৰ কৰি বিতৰ্কত ওলাই আহিছে। মাইক্ৰ’ব্লগিং চাইট এক্সত তেওঁ লিখিছে, “যেতিয়া আপোনাৰ আটাইতকৈ ডাঙৰ অনুৰাগীসকল সীমান্তৰ সিপাৰে, শত্ৰু দেশত বহি থাকে, তেতিয়া আপুনি প্ৰকৃততে কাৰ বাবে কথা কৈছে সেই বিষয়ে ভণ্ডামি কৰাটো বন্ধ কৰা উচিত।” নেটিজেনৰ এটা অংশই পুনৰ দাবী কৰে যে এই অনুগামীৰ ঢৌ আচলতে ভুৱা বা ‘বট’ একাউণ্ট। কাৰণ ইনষ্টাগ্ৰামত ফ’ল’ৱাৰৰ সংখ্যা বহু পৰিমাণে বৃদ্ধি পাইছে যদিও ‘এক্স’ হেণ্ডেলটোৱে সেই অনুসৰি সঁহাৰি পোৱা নাই।
অভিযোগৰ বৰ্ষণ আৰম্ভ হোৱাৰ লগে লগে পুনেৰ বাসিন্দা আৰু বৰ্তমান আমেৰিকাত কৰ্মৰত অভিজিৎ দীপকে ইয়াক প্ৰতিহত কৰিবলৈ ওলাই আহে। ইনষ্টাগ্ৰাম একাউণ্টৰ ক্ৰিয়েটৰ হিচাপে তেওঁ প্ৰকৃত ডেচব’ৰ্ডৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰি দেখুৱাইছে যে বিজেপিৰ এই দাবী সম্পূৰ্ণ ভুৱা। অভিজিতে প্ৰদান কৰা প্ৰকৃত তথ্যত কোৱা হৈছে যে ককৰোচ জনতা পাৰ্টিৰ মুঠ অনুগামীৰ ৯৪ শতাংশই ভাৰতীয় যুৱক-যুৱতী! ইয়াৰ পিছতে আছে আমেৰিকা (১ শতাংশ) আৰু ব্ৰিটেইন (০.৭ শতাংশ)।
বিজেপি নেতাসকলৰ ওপৰত আক্ৰমণাত্মক অভিজিতে টুইট কৰি কয়, “মই জানো যে আপোনালোকে এই একাউণ্টটো হেক কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিছে। কিন্তু যিহেতু আপুনি ব্যৰ্থ হৈছে, গতিকে মই নিজেই প্ৰকৃত তথ্য শ্বেয়াৰ কৰিছো। দেশৰ ৯৪ শতাংশ ভাৰতীয় যুৱকক আপোনালোকে কিয় পাকিস্তানী বুলি কৈছে?”
মন কৰিবলগীয়া যে এই বিষয়ত এতিয়ালৈকে মেটা বা ইনষ্টাগ্ৰামৰ কোনো আনুষ্ঠানিক তথ্য দিয়া হোৱা নাই। তৃতীয় পক্ষৰ এপৰ জৰিয়তে অনা বিজেপিৰ তথ্য কিমান নিৰ্ভৰযোগ্য সেই সন্দৰ্ভত ইতিমধ্যে প্ৰশ্ন উত্থাপন হৈছে।
ইয়াৰ মাজতে বৃহস্পতিবাৰে নাটকীয় ৰূপ ধাৰণ কৰে। কেন্দ্ৰীয় চোৰাংচোৱা ব্যুৰো (আই বি)ৰ এক প্ৰতিবেদনৰ ভিত্তিত মোডী চৰকাৰে ‘ৰাষ্ট্ৰীয় নিৰাপত্তাৰ’ স্বাৰ্থত ভাৰতত ককৰোচ জনতা পাৰ্টিৰ অফিচিয়েল এক্স হেণ্ডেল ব্লক বা ‘বন্ধ’ ৰাখিছিল। বন্ধ হোৱাৰ আগতে ইয়াৰ প্ৰায় ২ লাখ অনুগামী আছিল। অৱশ্যে বিদেশী আই পি ঠিকনাৰ পৰা সেয়া এতিয়াও দেখা যায়।
কিন্তু অভিজিত দমি যোৱা ব্যক্তি নহয়। একাউণ্টটো ব্লক হোৱাৰ কেইঘণ্টামানৰ ভিতৰতে তেওঁ ‘Cockroach Is Back’ (@CockroachIsBack) নামৰ নতুন এক্স হেণ্ডেল এটা খুলিলে। আৰু যাদুৰ দৰেই ২৪ ঘণ্টাৰ ভিতৰতে ই ১ লাখ ৫০ হাজাৰতকৈ অধিক অনুগামী লাভ কৰিলে। এই নতুন একাউণ্টটো অনুসৰণ কৰিছে তৃণমূলৰ সাংসদ মহুৱা মৈত্ৰ, শিৱসেনাৰ সাংসদ সাগৰিকা ঘোষ, অভিনেত্ৰী গুল পানাগ আৰু জ্যেষ্ঠ অধিবক্তা প্ৰশান্ত ভূষণৰ দৰে ব্যক্তিয়ে।
ছ’চিয়েল মিডিয়াত এই ট্ৰলিং আৰু অৰিয়াঅৰিৰ মাজতে অভিজিত দীপকক ‘আই এছ আই পেইড এজেণ্ট’ বা পাক এজেণ্ট বুলি পোনপটীয়াকৈ আক্ৰমণ কৰা হৈছে। তেজিন্দৰ বাগ্গাকে ধৰি বহুতে ২০১৯ চনৰ পুৰণি আৰক্ষী অভিযোগৰ নথি পুনৰ শ্বেয়াৰ কৰি আছে। ২০১৯ চনত মোডী চৰকাৰে জম্মু-কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ বাতিল কৰাৰ সময়ত লিগেল ৰাইটছ অবজাৰ্ভেটৰী (এল আৰ অ’) নামৰ এটা সংগঠনে পুনেৰ তদানীন্তন আম আদমি পাৰ্টিৰ নেতা অভিজিতক পাকিস্তানৰ বাবে প্ৰচাৰ আৰু হুৰিয়ত পন্থী বিচ্ছিন্নতাবাদ বিয়পাই দিয়াৰ অভিযোগ উত্থাপন কৰিছিল। পুনে আৰক্ষীক ইউএপিএ বা সন্ত্ৰাসবাদ বিৰোধী আইনৰ অধীনত গ্ৰেপ্তাৰ কৰিবলৈ অনুৰোধ জনোৱা হৈছিল।
যদিও পিছত সেই অভিযোগক লৈ আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে আৰু তদন্তকাৰী সংস্থাসমূহে অভিজিতৰ বিৰুদ্ধে ‘আই এছ আই এজেণ্ট’ হোৱাৰ কোনো আনুষ্ঠানিক স্বীকৃতি নিদিলে।
উল্লেখ্য যে এসপ্তাহ পূৰ্বে দেশৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ বিতৰ্কিত মন্তব্যৰে আৰম্ভ হৈছিল। এটা গোচৰৰ শুনানিৰ সময়ত মুখ্য ন্যায়াধীশগৰাকীয়ে দেশৰ নিবনুৱা যুৱক-যুৱতীসকলক ‘পইতাচোৰা’ৰ সৈতে তুলনা কৰিছিল। যদিও পিছত উচ্চতম ন্যায়ালয়ে তেওঁৰ মন্তব্য ভুল উদ্ধৃতি কৰা বুলি কয়, তথাপিও ইতিমধ্যে ছ’চিয়েল মিডিয়াত এই ধাৰা বিয়পি পৰিছিল।
অভিজিতে ব্যংগ আৰু হাস্যৰসমিশ্ৰিত মিমেৰে আৰম্ভ কৰা যুঁজখন এতিয়া ভাৰতৰ নিবনুৱা আৰু ছচিয়েল মিডিয়া ব্যৱহাৰকাৰী যুৱক-যুৱতীসকলৰ এক বিশাল অনলাইন ৰাজনৈতিক আন্দোলনলৈ পৰিণত হৈছে। কেৱল কৌতুক বা পেৰ’ডি হিচাপে আৰম্ভ হোৱা এই ‘ককৰোচ জনতা পাৰ্টি’ বৰ্তমান ভাৰতৰ মূলসুঁতিৰ ৰাজনৈতিক চৰ্চাৰ কেন্দ্ৰবিন্দু। হয়তো ইয়াৰ প্ৰতিষ্ঠাতাইও কেতিয়াও কল্পনা কৰা নাছিল যে ই ইমান জনপ্ৰিয় হৈ শাসকীয় দলটোক ইমান বিচলিত কৰি তুলিব।





