NORTHEAST NOW (Assamese)

কূটনৈতিক বিজয়! ৰাছিয়াৰ পৰা ভাৰতৰ তেল ক্ৰয়ত আপত্তি নাই আমেৰিকাৰ

February 9, 2023 10:40 am · এন ই নাও নিউজ, গুৱাহাটী

ৰাছিয়াৰ পৰা ‘বন্ধু’ ৰাষ্ট্ৰ ভাৰতে তেল ক্ৰয় কৰাত আমেৰিকাৰ কোনো আপত্তি নাই। ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে ভাৰতৰ ওপৰত বাধা আৰোপ কৰাৰো কোনো পৰিকল্পনা নাই আমেৰিকাৰ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইউৰোপ-ইউৰেছিয়া পৰিক্ৰমা বিভাগৰ সহকাৰী সচিব কেৰেন ডনফ্ৰইডে বুধবাৰে এই কথা উল্লেখ কৰে।

কেৰেন ডনফ্ৰয়ডৰ মতে ভাৰত আৰু আমেৰিকাৰ সম্পৰ্ক বহুত পুৰণি। দুয়োখন দেশৰ নীতিগত পাৰ্থক্য থাকিলেও আন্তঃৰাষ্ট্ৰীয় নীতি-নিয়ম, সাৰ্বভৌমত্ব আৰু ভূখণ্ডৰ অখণ্ডতাৰ প্ৰতি পাৰস্পৰিক সন্মান বজাই ৰাখিছে।

কেৰেনৰ লগতে আমেৰিকাৰ শক্তি বিভাগৰ সহকাৰী সচিব জিঅ’ফ্ৰে পেটৰ ভাষ্যয়ো একে ইংগিত বহন কৰিছে। জিঅ’ফ্ৰে পেটৰ মতে, “ৰাছিয়াৰ পৰা ভাৰতলৈ তেল আমদানি কৰাত আমেৰিকোৰ কোনো আপত্তি নাই। এই সন্দৰ্ভত দুয়োটা দলৰ মাজত চলি থকা আলোচনাক আমি সন্মান কৰো।”

উল্লেখ্য যে, ৰাছিয়া-ইউক্ৰেইন যুদ্ধ আৰম্ভ হোৱাৰ পৰাই আমেৰিকাকে ধৰি পশ্চিমীয়া দেশসমূহে মস্কোৰ ওপৰত বিভিন্ন নিষেধাজ্ঞা আৰোপ কৰি আহিছে। ৰাছিয়াৰ পৰা তেলৰ আমদানিৰ ক্ষেত্ৰত মূল্যৰ উচ্চ সীমাও নিৰ্ধাৰণ কৰা হৈছে।

কিন্তু এনে আন্ত:ৰাষ্ট্ৰীয় হেঁচাৰ বিপৰীতে ভাৰতে ৰাছিয়াৰ পৰা তেল আমদানি বৃদ্ধি কৰিছে। এনে পৰিস্থিতিত আমেৰিকাই ভাৰতৰ এই স্থিতিৰ বিৰোধ কৰিব বুলি সন্দেহ কৰা হৈছিল।

অৱশ্যে ৰাষ্ট্ৰসংঘৰ মঞ্চত ভাৰতে ভাৰতে দেশবাসীৰ স্বাৰ্থত ৰাছিয়াৰ কম মূল্যত তেল ক্ৰয় কৰিব বুলি স্পষ্ট কৰি দিছিল।

Related News