• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অবিভক্ত গোৱালপাৰা জিলাৰ কথিত ভাষাক মান্যতা প্ৰদানৰ সিদ্ধান্ত ,কোচ ৰাজবংশী ভাষা গৱেষণা আৰু উন্নয়ন সমিতি গঠন

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
September 15, 2022 6:46 am
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোচ-ৰাজবংশী ভাষা আহ্বায়ক সমিতিৰ এখন সাধাৰণ সভা বঙাইগাঁৱত অনুষ্ঠিত হয় ৷ উল্লেখ্য যে যোৱা ২৭ আৰু ২৮ আগষ্টত বঙাইগাওঁ জিলা পুথিভঁৰালত কোচ-ৰাজবংশী ভাষা আহ্বায়ক সমিতিৰ উদ্যোগত “পশ্চিম অসমৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ মান্যভাষা আৰু গ্রহণযোগ্যতা” শীর্ষক মূল বিষয়ৰ ওপৰত অনুষ্ঠিত হোৱা এক আলোচনা চক্ৰত ২০ খন গৱেষণা পত্ৰ পাঠ কৰা হৈছিল আৰু ইয়াৰে ওপৰত বহল ভিত্তিত আলোচনাৰ অন্তত বিজ্ঞানসন্মত আৰু সৰ্বসন্মতভাৱে কেবাটাও প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল ৷

এই প্ৰস্তাৱ সমূহ কাৰ্যকৰী কৰাৰ কাৰণে আহ্বায়ক সমিতিৰ এখন সাধাৰণ সভা বঙাইগাঁও মহাবিদ্যালয়ত অনুষ্ঠিত হয় ৷ মাণিক দত্তৰ সভাপতিত্বত অনুষ্ঠিত সভাত ২৮ আগষ্টত লোৱা প্ৰস্তাৱ সমূহ পৰ্যালোচনা কৰি মান্যতা প্ৰদান কৰা হয় ৷ সভাত গ্ৰহণ কৰা প্ৰস্তাৱ অনুসৰি কোচ ৰাজবংশীসকলৰ ভাষাটো “কোচ ৰাজবংশী ভাষা” নামেৰে নামকৰণ কৰাৰ সিদ্ধান্ত লোৱা হয়। সেইদৰে কোচ ৰাজবংশী সকলৰ মান্যভাষা নিৰ্দ্ধাৰণৰ ক্ষেত্ৰত কোনো বাদ-বিবাদ নোহোৱাকৈ অবিভক্ত গোৱালপাৰা জিলাৰ কথিত ভাষাটোক লোৱাৰ সিদ্ধান্ত গ্রহণ কৰা হয়।

Apply Now

এই ক্ষেত্ৰত স্থান হ’ব অবিভক্ত গোৱালপাৰা ৷ কোচ ৰাজবংশী ভাষাৰ মানৰূপ নিৰ্দ্ধাৰণৰ ক্ষেত্ৰত ব্যাকৰণ, অভিধান, বিভিন্ন পুথি পাজি লেখাৰ কাম আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱা হয়। বঙাইগাওঁ, চিৰাং, কোকৰাঝাৰ, গোৱালপাৰা আৰু ধুধুৰী জিলাৰ বহলপুৰৰ পৰা শালকোচা লৈকে ধৰিলে জনসংখ্যাৰ ফালৰ পৰা গৌৰীপুৰৰ কোচ ৰাজবংশী ভাষী লোকৰ জনসংখ্যা বাকী অঞ্চলৰ জনসংখ্যাৰ তুলনাত তেনেই নগণ্য। গৌৰীপুৰৰ জনসংখ্যা ২০ শতাংশ হ’লে বাকী অঞ্চলৰ জনসংখ্যা প্ৰায় ৮০ শতাংশ হ’ব। গতিকে কেৱল গৌৰীপুৰ অঞ্চলৰ ভাষাটোকে কোচ ৰাজবংশী সাহিত্য সভাই মান্যতা দিয়াটো কেতিয়াওঁ নীতিগত আৰু যুক্তিযুক্ত নহয় বুলি সভাত সিদ্ধান্ত লোৱা হয় ৷ সেইদৰে প্ৰতিমা পাণ্ডে বৰুৱাৰ গীতবিলাক গোৱালপাৰীয়া বুলিহে জনাজাত। গোৱালপাৰাৰ অৰ্থ হ’ল পূৰ্বৰ অবিভক্ত গোৱালপাৰা জিলা । গতিকে কোচ ৰাজবংশী ভাষাৰ মান্যৰূপ দিয়াৰ ক্ষেত্ৰত ভৌগোলিক পৰিসৰ পশ্চিম অসম অর্থাৎ অবিভক্ত গোৱালপাৰা জিলা হ’ব লাগে বুলি প্ৰস্তাৱ গ্ৰহণ কৰে ৷ আনহাতে কোচ ৰাজবংশী মান্য ভাষাৰ লিপিটো অসমীয়া ভাষাৰ ক্ষেত্ৰত গ্ৰহণ কৰা লিপিটোকে লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷কোচ ৰাজবংশী ভাষা আহ্বায়ক সমিতিৰ আহ্বায়ক হৰমোহন মেধিয়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাত সমিতিৰ সভাপতি দীপ নাৰায়ণ ৰায়, জেষ্ঠ বিশিষ্ট ব্যক্তি প্ৰভাত বৈষ্ণৱ, পবিত্ৰ কুমাৰ ৰায়, বাণীকান্ত ৰায়, বিকাশ ৰায়, জ্যোৎস্না প্ৰিয়া ৰায়, বিশ্বজিৎ ৰায় আদি উপস্থিত থাকি বিভিন্ন দিহা-পৰামৰ্শ আগবঢ়ায়।

বহু আলোচনা-বিলোচনাৰ অন্তত পিচত সাধাৰণ সভাই পূৰ্বে গঠন কৰা কোচ-ৰাজবংশী ভাষা আহ্বায়ক সমিতি খন ভংগ কৰি দিয়ে ৷ ইয়াৰ পিচতে প্ৰভাত বৈষ্ণৱৰ সভাপতিত্বত অনুষ্ঠিত সভাত ‘কোচ-ৰাজবংশী ভাষা গৱেষণা আৰু উন্নয়ন সমিতি’ নামেৰে এখন নতুন কাৰ্যকৰী সমিতি গঠন কৰা হয় ৷ সেই অনুসৰি হৰমোহন মেধিক সভাপতি , পবিত্ৰ কুমাৰ ৰায় , নৃপেন ৰায় , ধীৰাজ ৰায় আৰু বানীকান্ত ৰায়ক উপ সভাপতি, উৎপল সিংহক সাধাৰণ সম্পাদক , বিকাশ ৰায়, হীৰকজ্যোতি প্ৰধানী আৰু শৰৎ চন্দ্ৰ ৰায়ক সহকাৰী সম্পাদক হিচাপে লৈ এই নতুন সমিতিখন গঠন কৰা হয় ৷ সমিতি খনৰ উপদেষ্টা হিচাপে মনোনীত কৰা হয় প্ৰভাত বৈষ্ণৱ , মানিক চন্দ্ৰ দত্ত আৰু সহদেৱ সৰকাৰক ৷ নতুন সমিতি খনে বঙাইগাঁও প্ৰেছ ক্লাবত এক সংবাদ মেল আয়োজন কৰি এই কথা অৱগত কৰে ৷

উল্লেখ্য যে কোচ ৰাজবংশী সাহিত্য সভাই গৌৰীপুৰ অঞ্চলৰ কথিত ভাষাটিক কোচ ৰাজবংশী মান্যভাষা হিচাপে স্বীকৃতি দিয়া কথাটোক লৈ বিশেষকৈ বঙাইগাঁও, চিৰাং, কোকৰাঝাৰ, গোৱালপাৰা আদি জিলাৰ কোচ ৰাজবংশী ভাষা-সাহিত্য চৰ্চা কৰা, কোচৰাজবংশী ভাষা প্ৰেমী, জাতি প্ৰেমী সকল ঐক্যবদ্ধ হৈ কোচ ৰাজবংশী সাহিত্য সভাৰ এনে হঠকাৰী সিদ্ধান্তক তীব্ৰ বিৰোধিতা কৰি কেন্দ্ৰীয় সমিতিক পুণৰ বিবেচনাৰ বাবে আহ্বান জনাইছিল যদিও কোচ ৰাজবংশী সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিয়ে কোনো গুৰুত্ব আৰোপ নকৰাত অৱশেষত কোচ ৰাজবংশী সাহিত্য সভাক প্ৰত্যাহ্বান জনাই এই কোচ ৰাজবংশী ভাষা গৱেষণা আৰু উন্নয়ন সমিতি গঠন হ’ল ৷

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

July 27, 2026 6:10 pm
বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

July 27, 2026 3:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd