• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসম চৰকাৰৰ কেবিনেট মন্ত্ৰীয়ে বিধায়ক পুঁজি লগাইছে খ্ৰীষ্টান ধৰ্ম প্ৰসাৰত : প্ৰাক্তন আৰ এছ এছ নেতা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 26, 2019 11:30 pm

2 min read

Boro Baptist convention Udalguri

প্ৰতিনিধিত্বমূলক ছবি।

3.6k
VIEWS
Share on FacebookShare on Twitter

বিজেপি নেতৃত্বাধীন অসম চৰকাৰৰ এজন কেবিনেট মন্ত্ৰী ৰিহন দৈমাৰীয়ে স্থানীয় এলেকা উন্নয়নৰ পুঁজি খ্ৰীষ্টান ধৰ্ম প্ৰসাৰত ব্যৱহাৰ কৰিছে বুলি গুৰুতৰ অভিযোগেৰে বিধানসভাৰ অধ্যক্ষলৈ পত্ৰ প্ৰেৰণ কৰিছে লিগেল ৰাইটছ অবজাৰ্ভেটৰি (Legal Rights Observatory) নামৰ সংগঠন এটাই।

লিগেল ৰাইটছ অবজাৰ্ভেটৰি আৰ এছ এছৰ সৈতে সম্পৰ্কিত আৰু সংগঠনটোৰ মুৰব্বী বিনয় যোশী এজন প্ৰাক্তন আৰ এছ এছ কৰ্মী।

যোশীয়ে মুম্বাই ঠিকনাৰ পৰা প্ৰেৰণ কৰা এই পত্ৰখনৰ একোটা প্ৰতিলিপি সংবাদ মাধ্যমলৈও প্ৰেৰণ কৰিছে।

“ওদালগুৰিৰ বিধায়ক আৰু অসমৰ কেবিনেট মন্ত্ৰী ৰিহন দৈমাৰীয়ে বিধায়কৰ স্থানীয় এলেকা উন্নয়ন পুঁজি অপব্যৱহাৰ কৰি ওদালগুৰি আৰু দাঁতিকাষৰ অঞ্চলবোৰত ধৰ্মান্তৰকৰণক উৎসাহিত কৰিবলৈ ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে। ৰিহন দৈমাৰীৰ সহায়ত গীৰ্জাৰ আগ্ৰাসন ইমান প্ৰবল হৈ পৰিছে যে স্থানীয় বাথৌ ধৰ্ম অস্তিত্বৰ সংকটত পৰিছে”, পত্ৰখনত দাবী যোশীৰ।

তেওঁৰ মতে, মন্ত্ৰীজনৰ সক্ৰিয় সহযোগিতাত ৱৰ্ল্ড ভিজন আৰু নৰ্থ ইষ্টাৰ্ন ছ’চিয়েল ৰিছাৰ্চ চেণ্টাৰ, গুৱাহাটীৰ অধীনত ধৰ্মান্তৰকৰণ চলি আছে।

মুখ্য মন্ত্ৰীৰ পৰিৱৰ্তে বিধানসভাৰ অধ্যক্ষলৈ পত্ৰ লিখাৰ কাৰণ ব্যাখ্যা কৰি যোশীয়ে লিখিছে যে ৰাজ্যৰ বৰ্তমানৰ গৃহ মন্ত্ৰীজনৰ সাহস নাই বাবেই তেওঁ অধ্যক্ষক অনুৰোধ জনাইছে।

তেওঁ কয়, “অনুগ্ৰহ কৰি বড়োলেণ্ডক আন এখন নাগালেণ্ড হোৱাৰ পৰা বচাবলৈ উক্ত বিধায়কজনৰ পুঁজি অপব্যৱহাৰৰ চি বি আই তদন্ত দিয়ক।”

বড়োলেণ্ডত কাঠফুলাৰ দৰে গজি উঠা গীৰ্জাবোৰলৈ অহা পুঁজিৰ উৎসৰ অনুসন্ধান কৰিবলৈ ৰাজ্যখনৰ ডি জি পিক নিৰ্দেশ দিয়াৰ বাবেও যোশীয়ে পত্ৰখনত অনুৰোধ জনায়।

যদি বড়োলেণ্ডত খ্ৰীষ্টান ধৰ্ম প্ৰসাৰৰ বাবে বিধায়ক পুঁজিৰ অপব্যৱহাৰ হোৱাটো প্ৰমাণিত হয়, তেন্তে বিধায়কজনক অযোগ্য ঘোষণা কৰাৰ লগতে তেওঁৰ কাৰ্য্যকালত অপব্যৱহাৰ হোৱা পুঁজিৰ সমস্ত ধন পুনৰুদ্ধাৰ কৰিবলৈ আহ্বান জনায় যোশীয়ে।

Recent News

Jack Ma, Missing For Months, Emerges for First Ti

উৎকণ্ঠাৰ অৱসান: সন্ধান পোৱা গ’ল চীনৰ ধন কুবেৰ জেক মাৰ

ঘন কুঁৱলীৰ বাবে ইখনৰ পিছত সিখন গাড়ীৰ সংঘৰ্ষ, ১৪ জন লোকৰ মৃত্যু

ঘন কুঁৱলীৰ বাবে ইখনৰ পিছত সিখন গাড়ীৰ সংঘৰ্ষ, ১৪ জন লোকৰ মৃত্যু

nasal-covid-vaccine-1

ভাৰত বায়’টেকৰ নাকেৰে ড্ৰপৰ ৰূপত ল’ব পৰা ভেকচিনৰ পৰীক্ষণত অনুমোদন বিশেষজ্ঞ সমিতিৰ

যোৱা ২৪ ঘণ্টাত ১৩,৮২৩ গৰাকী ক’ৰ’নাত আক্ৰান্ত, ২ লাখৰ তললৈ নামিল সক্ৰিয় ৰোগীৰ সংখ্যা

যোৱা ২৪ ঘণ্টাত ১৩,৮২৩ গৰাকী ক’ৰ’নাত আক্ৰান্ত, ২ লাখৰ তললৈ নামিল সক্ৰিয় ৰোগীৰ সংখ্যা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd