• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰতৰত্ন গোপীনাথ বৰদলৈৰ ওপজা দিনটোতে পোহৰলৈ আহিছে তেওঁৰ নামেৰে নামাংকৃত যক্ষ্মা চিকিৎসালয়ৰ দুৰৱস্থা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 6, 2019 7:19 pm
unnamed
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ পূবৰ একমাত্ৰ যক্ষ্মা ৰোগ নিৰাময়ৰ প্ৰতিষ্ঠান লোকপ্ৰিয় গোপীনাথ বৰদলৈ যক্ষ্মা প্ৰতিষ্ঠান। মহানগৰীৰ বীৰুবাৰীত অৱস্থিত এই চিকিৎসালয়ত এক কদৰ্যময় পৰিবেশৰ মাজতে চিকিৎসা প্ৰদান কৰা হয় ৰোগীসকলক।

লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ওপজা দিনৰ দিনটোতেই তেওঁৰ নামৰে নামাংকৃত  চিকিৎসালয়খনৰ এক জীয়া ছবি পোহৰলৈ আনিছে নৰ্থ ইষ্ট নাওৱে।

Apply Now

যক্ষ্মাৰোগ নিৰাময়ৰ বাবে বহু আশাৰে অহা ৰোগীসকলৰ এই কৰ্দয্যময় আৰু দুৰ্গন্ধময় পৰিবেশৰ মাজত স্বাস্থ্যৰ অৱস্থা উন্নত হ’ব নে অৱনতি ঘটিব সেয়া এক বিচাৰ্য্য বিষয়।

কচু, ঘাঁহ, বন লতাই আবৰি থকা চিকিৎসালয়খনত এক কৰ্দয্যময় অৱস্থাৰ মাজতে বৰ্তমানলৈকে চিকিৎসা প্ৰদান কৰি থকা হৈছে যক্ষ্মাৰোগীসকলক। ৰোগীৰ কক্ষ, টয়লেট, বাথৰুম এমাহলৈকে চাফা নকৰাকৈ থাকে চিকিৎসালয় কৰ্তৃপক্ষই। এই অভিযোগ আনিছে চিকিৎসালয়খনত চিকিৎসাধীন হৈ থকা এজন ৰোগীয়ে।

চৌপাশে হাবি-জংঘলে আবৰি থকাত মহৰ উপদ্ৰৱো বৃদ্ধি পাইছে চিকিৎসালয়খনত। দিনে-ৰাতিয়ে ম’হৰ কামোৰণিতে দিন অতিবাহিত কৰিবলগীয়া হৈছে ৰোগীসকলে। তাক লৈ চিন্তিত ৰোগীসকল। মহৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ পাবলৈ ফগিংৰো কোনো ব্যৱস্থা কৰা হোৱা নাই চিকিৎসালয়খনত।

‘’আমি মহৰ কামোৰত থাকিবলগীয়া হৈছে। আঠুৱা দিছে যদিও ডাঙৰ ফুটাৰে মহ সোমাই। ফুটাটো চিলাই দিবলৈ ক’লেও কোনেও কাণসাৰ নিদিয়ে,’‘-চিকিৎসাধীন এজন ৰোগীৰ ভাষ্য।

লক্ষণীয় বিষয় যে, পুৱা ৭:৩০ মান বজাতে ৰোগীক পুৱাৰ আহাৰ দিয়াৰ বিপৰীতে দিনৰ ১১ বজাত দুপৰীয়াৰ আহাৰ আৰু নিশাৰ আহাৰ দিয়া হয় সন্ধিয়া ৫ বজাত। যাৰ বাবে ওৰেটো নিশা অনাহাৰে কটাবলগীয়া হয় যক্ষ্মাৰোগীসকলে। এয়া আমি কৰা অভিযোগ নহয়, এই অভিযোগ ৰোগীয়ে নিজেই আমাৰ আগত ব্যক্ত কৰিছে।

‘’আমাক ৰাতিপুৱা ৭:৩০ মান বজাত ব্ৰেড আৰু চাহ দিয়ে। তাৰ পাছত ১১:৩০ত ভাত দিয়ে আৰু ৫ বজাত ৰাতিৰ ভাত দিয়ে। ৰাতি আমাক একো খাবলৈ দিয়া নহয়,’‘-আন এগৰাকী ৰোগীয়ে নৰ্থ ইষ্ট নাওৰ আগত এইদৰে কয়।

মনকৰিবলগীয়া যে, ৬০ খন বিচনাযুক্ত এই চিকিৎসালয়খনৰ এক নতুন গৃহৰ দুই তিনিমাহ পূৰ্বে নিৰ্মাণৰ কাম সম্পূৰ্ণ হ’ল যদিও বৰ্তমানলৈকে এই কদৰ্য্যময় অৱস্থাৰ পৰা ৰোগীসকলক স্থানান্তৰ কৰা হোৱা নাই নতুন গৃহলৈ।

এই সন্দৰ্ভত আমি চিকিৎসালয়খনৰ অধীক্ষক ডাঃ পঞ্চানন উজীৰক যোগাযোগ কৰাৰ চেষ্টা কৰিছিলো যদিও তেওঁ অসুস্থ হৈ জিৰণি লৈ ঘৰতে থকা বুলি জানিব পৰা গ’ল আৰু তেওঁৰ সৈতে যোগাযোগ কৰা সম্ভৱ নহ’ল।

এতিয়া ‘কিয় ৰোগ নিৰাময়ৰ বাবে অহা ৰোগীসকলক এক দুৰৱস্থাৰ মাজলৈ ঠেলি দিছে চিকিৎসালয় কৰ্তৃপক্ষই?’ সেয়া এক বিচাৰ্য্য বিষয়।

দক্ষ তথা প্ৰতাপী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বিয়াগোম বিভাগৰ পয়ালগা ছবিয়ে প্ৰকৃতাৰ্থত উদঙাই দিছে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ প্ৰকৃত স্বৰূপ। এই বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছত মন্ত্ৰীগৰাকীয়ে কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া অৱশ্যে লক্ষণীয় হ’ব।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm
নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

June 16, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd