NORTHEAST NOW (Assamese)

নিৰোধকৰ বিজ্ঞাপনত ব্যৱহৃত গৰ্বা নৃত্য অশ্লীল নহয়: উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

December 30, 2022 8:23 pm · এন ই নাও নিউজ, গুৱাহাটী

জন্ম নিৰোধক কণ্ডমৰ বিজ্ঞাপনত ব্যৱহাৰ কৰা ‘গৰ্বা’ লোক নৃত্য অশ্লীল নহয়। এই বিজ্ঞাপনে আঘাত কৰা নাই ধৰ্মীয় আৱেগকো। চাৰি বছৰৰ পুৰণি এক গোচৰৰ শুনানি গ্ৰহণ কৰি এই গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়ে।

কণ্ডমৰ এটা বিজ্ঞাপনত এহাল দম্পতীয়ে গুজৰাটী লোকনৃত্য গৰ্বা নৃত্য কৰাৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰা হৈছিল। উক্ত গোচৰৰ শুনানি গ্ৰহণ কৰি মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সত্যেন্দ্ৰ কুমাৰ সিঙৰ এজনীয়া বিচাৰপীঠে এই ৰায় প্ৰদান কৰে।

ৰায়টোত কোৱা হয় যে কণ্ডমৰ বিজ্ঞাপনটোত গৰ্বা নৃত্য কৰা মানেই এয়া অশ্লীল নহয়। লগতে ই কোনো ধৰ্মীয় অনুভূতিতো আঘাত কৰা নাই।

উল্লেখ্য যে, ২০১৮ চনৰ নৱৰাত্ৰিৰ সময়ত সামাজিক মাধ্যমত মৰ্ফাছ ফাৰ্মাচিউটিকেলছ নামৰ এটা প্ৰতিষ্ঠানে এটা বিজ্ঞাপন দুদিনৰ বাবে প্ৰচাৰ কৰিছিল। বিজ্ঞাপনটোত বিনামূলীয়া কণ্ডম আৰু গৰ্ভাৱস্থা কিটৰ প্ৰচাৰ চলোৱা হৈছিল।

ইয়াৰ পাছতে প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী মহেন্দ্ৰ ত্ৰিপাঠীৰ বিৰুদ্ধে দাখিল কৰা হয় গোচৰ। ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৫০৫ আৰু ২৯৫-এৰ লগতে IT আইনৰ অধীনত ত্ৰিপাঠীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল।

ত্ৰিপাঠীৰ বিৰুদ্ধে উত্থাপন হয় ধৰ্মীয় আৱেগত আঘাত সনাৰ অভিযোগ। শুনানি কালত ত্ৰিপাঠীয়ে কয় যে তেওঁ নিজেই হিন্দু লোক আৰু ইয়াৰ দ্বাৰা ধৰ্মীয় আৱেগক আঘাত দিয়াৰ কোনো উদ্দেশ্য নাছিল।

তেওঁ দাবী কৰে যে নৱৰাত্ৰিৰ সময়ছোৱাত গ্ৰাহকক আকৰ্ষণ কৰিবলৈ সদিচ্ছাৰেহে উক্ত বিজ্ঞাপনটো প্ৰচাৰ কৰা হৈছিল।

ইফালে আদালতেও শুনানিৰ পাছত ৰায় প্ৰদান কৰি কয় স্বত্বাধিকাৰীজনৰ উদ্দেশ্য আছিল তেওঁ উৎপাদিত সামগ্ৰীবিধক প্ৰচাৰ কৰা। তেওঁৰ এই কাৰ্যই কোনো সম্প্ৰদায়, গৰ্বা নৃত্য আৰু ধৰ্মীয় অনুভূতিক আঘাত কৰা নাছিল।

ন্যায়ালয়ে এই গুৰুত্বপূৰ্ণ ৰায়ে এতিয়া বিশেষ চৰ্চা লাভ কৰা দেখা গৈছে।

Related News