• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সদৌ মৰাণ ছাত্ৰ সন্থাৰ অধিৱেশনৰ দ্বিতীয় দিনাৰ কাৰ্যসূচী সম্পন্ন

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
October 30, 2020 7:43 pm
Conference of All Moran Students' Union held in Digboi
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তৈল নগৰী ডিগবৈত কালিৰে পৰা চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হোৱা সদৌ মৰাণ ছাত্ৰ সন্থাৰ একবিংশতিতম কেন্দ্ৰীয় অধিৱেশনৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীৰ সফল সামৰণি পৰে।

সঙ্গীত, সৃষ্টিশীল নৃত্য আৰু বিয়ানাম প্ৰতিযোগিতাৰ উপৰি বিশিষ্ট ব্যক্তিৰ সম্বৰ্ধনা আৰু গ্ৰন্থ উন্মোচনেৰ সভা অনুষ্ঠিত হোৱাৰ লগতে নাট প্ৰদৰ্শনৰ কাৰ্যসূচী সম্পন্ন হয়।

Apply Now

উল্লেখ্য যে আজি তিনিচুকীয়া জিলাৰ বিভিন্ন ক্ষেত্ৰৰ ৮০ গৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

সম্বৰ্ধিত ব্যক্তিসকলৰ ভিতৰত বিশিষ্ট বুৰঞ্জীবিদ শ্ৰীকুমাৰ দহোটীয়া, বিশিষ্ট কবি- সাহিত্যিক পুণ্য শইকীয়া, বিশিষ্ট লেখিকা ৰূপেশ্বৰী গোহাঁই ডাঙৰীয়ানী, বিশিষ্ট শিক্ষাবিদ হিতেন শৰ্মা, ৰাধাকান্ত গগৈ, মনেশ্বৰ বৰ্মন, অনিল চন্দ্ৰ শইকীয়া, ব্ৰজেন বৰুৱা, অমূল্য দত্ত, সাংস্কৃতিৰ সাধক তিলেশ্বৰ তামুলী, প্ৰদ্যুৎ হাজৰিকা, প্ৰণতি চৌধুৰী, দুলাল মানকি, ডলী গোস্বামী, গাৰ্গী ভূঞা, আঁ‌চল চমুৱা, কৃষ্ণ মাহাতু, ক্ৰীড়া সংগঠক অতুল বৰা, বিপুল কুমাৰ দাস, যোগেন পাটোৱাৰী, হেমন্ত দাস, প্ৰখ্যাত চিত্ৰ শিল্পী চন্দন নন্দী অন্যতম।

এই অনুষ্ঠানৰ পাছতে এক গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়। সভাত ডিগবৈ মহিলা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° অৰুণ চন্দ্ৰ শৰ্মাই উন্মোচন কৰা গ্ৰন্থসমূহৰ ভিতৰৰ বিশিষ্ট লেখক- গৱেষক ড° উপেন ৰাভা হাকাচামৰ বুৰঞ্জীখ্যাত মৰাণঃ অসমৰ অন্যতম আদিম জনগোষ্ঠী, মণ্টু মৰাণৰ মৰাণ লোক সাহিত্য- সংস্কৃতিৰ হাঁ‌চতি আৰু প্ৰৱন্ধ সমালোচনা ইত্যাদি অন্যতম। উন্মোচনী সভাত উপস্থিত থাকে বিশিষ্ট লেখক মোহন মৰাণ, বিশিষ্ট সাংবাদিক ৰবীন নৰাণ আৰু বিনন্দ কোঁ‌ৱৰ।

ইফালে কালিৰে পৰা চলি আছে তপন কান্তি ভট্টাচাৰ্য আৰু টংকেশ্বৰ বৰা সোঁ‌ৱৰণি ১৫ বছৰ অনুৰ্ধ ফুটবল প্ৰতিযোগিতা।

নিশালৈ প্ৰদৰ্শিত হয় বিশিষ্ট নাট্যকৰ্মী ৰাজীৱ লোচন বৰাৰ ৰচনা আৰু পৰিচালনাৰে টিংৰাইৰ শিল্পীসকলৰ দ্বাৰা ‘জয়মতী’ নাট।

উল্লেখ্য সদৌ মৰাণ ছাত্ৰ সন্থাৰ একবিংশতিতম কেন্দ্ৰীয় অধিৱেশনৰ লগত সংগতি ৰাখি ২৯ আগষ্ট তাৰিখে অনুষ্ঠিত কৰা সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিবাহক সভাৰ প্ৰস্তাৱ অনুসৰি সৰ্বসন্মতিক্ৰমে সদৌ মৰাণ ছাত্র সন্থাৰ একবিংশতিতম কেন্দ্ৰীয় অধিৱেশনখনৰ প্ৰস্তুতিৰ ক্ষেত্ৰত সম্পূৰ্ণ হৈ উঠিবলৈ কিছু বাকী ৰৈ যোৱাৰ বাবে অধিৱেশনখন সফল ৰূপায়নৰ কল্পে কাৰ্যনিবাহক সভাখন স্থগিত ৰাখে।

স্থগিত ৰখা সন্থাৰ অন্তিমখন কাৰ্যনিবাহক সভা অহা ১৭ নৱেম্বৰ, ২০২০ তাৰিখে ইণ্ডিয়া ক্লাৱ, ডিগবৈত অনুষ্ঠিত কৰা হ’ব।

উক্ত সভাতেই সৰ্বসন্মতিক্ৰমে প্ৰস্তাৱ গ্ৰহণ কৰা হয় যে সদৌ মৰাণ ছাত্র সন্থাৰ একবিংশতিতম কেন্দ্ৰীয় অধিৱেশনৰ প্ৰতিনিধি সভাখন স্থগিত ৰাখি অহা ২২ নৱেম্বৰ, ২০২০ তাৰিখে ইণ্ডিয়া ক্লাব, ডিগবৈত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

অহা কাইলৈ দিনৰ ১২ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া প্ৰথম মুকলি সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ লগতে কেইবাগৰাকী বিশিষ্ট অতিথিয়ে অংশ গ্ৰহণ কৰিব।

সদৌ মৰাণ ছাত্ৰ সন্থাৰ মুখপত্ৰ সৌমাৰগিৰী উন্মোচন কৰিব অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° পৰমানন্দ ৰাজবংশীয়ে।

সদৌ মৰাণ ছাত্র সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণ আৰু সাধাৰণ সম্পাদক নৱ মৰাণৰ লগতে অভ্যৰ্থনা সমিতিয়ে একবিংশতিতম কেন্দ্ৰীয় অধিৱেশনখনৰ পৰৱৰ্ত্তী দুদিনৰ কাৰ্যসূচী সফল ৰূপায়ন কৰিবলৈ সকলোকে অনুৰোধ জনাইছে।

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

Stay Connected

  • 117k Fans

Recent News

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

September 13, 2026 6:53 pm
চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

September 13, 2026 5:49 pm
ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

September 13, 2026 4:41 pm
কাজিৰঙাৰ আত্মাক হত্যাৰ ষড়যন্ত্ৰ নেকি? কৰ্পোৰেটৰ আগ্ৰাসনত নিজ মাতৃভূমিতে অস্তিত্বৰ সংকটত থলুৱা

কাজিৰঙাৰ আত্মাক হত্যাৰ ষড়যন্ত্ৰ নেকি? কৰ্পোৰেটৰ আগ্ৰাসনত নিজ মাতৃভূমিতে অস্তিত্বৰ সংকটত থলুৱা

September 13, 2026 3:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

September 13, 2026 6:53 pm
চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

September 13, 2026 5:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd