• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিধায়ক অখিল গগৈ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কটনৰ চৰম সংঘাত কেনে আছিল?

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
January 10, 2022 2:57 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দুই চিৰ বৈৰী! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা VS অখিল গগৈ।

ছাত্ৰাৱস্থাৰ পৰাই দুই চিৰ বৈৰীৰ সংঘাত আছিল।

Apply Now

বৰ্তমান ইয়াৰ প্ৰতিফলন বিধানসভাৰ মজিয়াত।
দুয়োগৰাকীৰ মাজত আছে পূৰ্বৰে পৰা আদৰ্শগত সংঘাত।

কটনত কেনে সম্পৰ্ক আছিল অখিল আৰু হিমন্তৰ?

জানিব পৰা মতে, দুইজনৰ মাজত আছিল অহি-নকুল সম্পৰ্ক।

যুৱ লেখক তথা সাংবাদিক মৃদুল কুমাৰ সন্দিকৈয়ে তেওঁৰ গ্ৰন্থৰ জৰিয়তে বিধায়ক অখিল গগৈ আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কটনৰ সংঘাত সম্পৰ্কে বিস্তৃতৰূপত উল্লেখ কৰিছে।

অখিল গগৈ কটন কলেজলৈ আহি যিসকল ব্যক্তিক লগ পাইছিল, তাৰ ভিতৰত অন্যতম আছিল হিমন্ত বিশ্ব শৰ্মা। অখিল গগৈ কটন কলজলৈ আহি যিসকল মানুহক লগ পাই লাহে লাগে পলিটিচিয়ান হৈ উঠিছিল এই গোটেই কাহিনীটোত মেইন যিটো চৰিত্ৰ আছিল, সেইটো আছিল হিমন্ত বিশ্ব শৰ্মা।

অখিল গগৈৰ মতে কটন কলেজত বহি লৈ কটন কলেজৰ ৰাজনীতিৰপৰা গোটেই কলেজ আৰু ইউনিভাৰ্ছিটীৰ ৰাজনীতিটো নিয়ন্ত্ৰণ কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। এই কথা বিশেষ গ্ৰন্থ হিমন্ত বিশ্ব শৰ্মা শৈশৱৰ পৰা মুখ্যমন্ত্ৰীলৈকে উল্লেখ কৰিছে লেখক মৃদুল কুমাৰ সন্দিকৈয়ে।

গ্ৰন্থত উল্লেখ থকা অনুসৰি কটন কলেজৰ পৰা বাহিৰ ওলায়ো নিজৰ প্ৰভুত্ব ৰাখিছিল বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে!

হিমন্তৰ নেতৃত্বত দিচপুৰৰ পৰা চলিছিল কটন কলেজ।
কটন কলেজৰ নামভৰ্তিৰ নামত দুৰ্নীতি কৰিছিল নেকি হিমন্তই?

অখিল গগৈয়ে এক সাক্ষাৎকাৰত এইসমূহ কথা উল্লেখ কৰা বুলি লেখকে তেওঁৰ গ্ৰন্থত উল্লেখ কৰে।

অখিল গগৈয়ে কটন কলেজত নামভৰ্তিৰ নামতো দুর্নীতি হোৱাৰ কথা ব্যক্ত কৰিছিল।

তেওঁৰ অভিযোগ অনুসৰি কটন কলেজখন দিছপুৰৰপৰাহে চলি আছিল।

সেই দিনবোৰৰ কথা মনত পেলাইছিল অখিল গগৈয়ে এইদৰে— “যেতিয়া কটন কলেজলৈ আহিলোঁ আৰু হিমন্ত বিশ্ব শৰ্মাৰ উপদ্ৰৱ দেখিলোঁ, তেতিয়ালৈকো আমি একেবাৰে আদৰ্শবান মানুহ। কোনো কথাতে দুর্নীতি সহ্য নকৰোঁ। দেখিলোঁ যে কটন কলেজত এডমিশ্যনতো দুর্নীতি হয়। আৰু সেইটো পলিটিকেল এডমিশ্যন দিব পাৰে।

কটন কলেজত বিভিন্ন ধৰণৰ কাম-কাজবোৰৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বা আদর্শত দিছপুৰৰপৰা আচলতে কটন কলেজখন চলি থাকে। সেই সময়ত কংগ্ৰেছ চৰকাৰ আছিল।

কংগ্ৰেছৰ বিৰুদ্ধে কটনত এটা প্রগতিশীল শক্তিক অখিল গগৈয়ে থিয় কৰাইছিল।

দিছপুৰৰ পৰা কটন কলেজ নিয়ন্ত্ৰণ হোৱাটো হেনো তেওঁলোকে বিচৰা নাছিল।

লাহে লাহে অখিল গগৈয়ে ছাত্ৰ-ৰাজনীতিত প্ৰৱেশ কৰিছিল। আৰু কটনিয়ানৰ সম্পাদক হৈছিল। এনেদৰেই হেনো এণ্টী কংগ্ৰেছৰ গ্ৰুপটোৰ লীডাৰ হৈ পৰিছিল অখিল গগৈ। এই কথা গ্ৰন্থত উল্লেখ কৰে মৃদুল সন্দিকৈয়ে।

অখিল গগৈক শাৰিৰীকভাৱে আক্ৰমণ কৰিছিল হিমন্ত বিশ্ব শৰ্মাই!

আলোচনী সম্পাদকৰূপে জয়ী হোৱাৰ পাছদিনা
দীঘলী পুখুৰীৰ পাছত অখিলৰে সৈতে হিমন্ত বিশ্ব শৰ্মাৰ হৈছিল সংঘাত।

কোনে হাত কাটি পেলোৱাৰ হুংকাৰ দিছিল অখিল গগৈক?

গ্ৰন্থখনৰ এই অংশলৈ মন কৰক…. য’ত লিখা আছে
অখিল গগৈৰ অভিযোগ— “দীঘলীপুখুৰীৰ পাৰত শাৰীৰিকভাৱে আক্রমণ কৰিছিল হিমন্ত বিশ্ব শৰ্মাই । কংগ্ৰেছৰ জৰিয়তে দিছপুৰৰপৰা কটন কলেজক নিয়ন্ত্ৰণ কৰা ৰাজনীতিৰ বিৰুদ্ধে মাত মাতিছিলোঁ। ফাৰ্ষ্ট ইয়াৰত মাত মাতিলোঁ ষ্টাডী ছার্কোলৰ জৰিয়তে। তাৰপাছত ডিগ্ৰী ছেকেণ্ড ইয়াৰত হোষ্টেলত  আৰু কলেজৰ যিবোৰ এণ্টী কংগ্ৰেছী মানুহ আছিল সিবিলাকে ক’লে যে তই মেগাজিন ছেক্ৰেটাৰী হ’বি। মই এডিটৰ কটনীয়ান হিচাপে জয়ী হ’লোঁ। জয়ী হোৱাৰ পাছতে মোৰ ৰেছপন্সিবিলিটী আহি গ’ল যে মই এন্টি কংগ্ৰেছ গ্ৰুপটোৰ লিডাৰ হৈ গ’লোঁ। মই যিদিনা কটন কলেজৰ মেগাজিন ছেক্ৰেটাৰী হিচাপে জয়লাভ কৰিছিলোঁ, তাৰ সম্ভৱত পিছদিনা মোক হিমন্ত বিশ্ব শৰ্মাই দীঘলীপুখুৰী পাৰত ফিজিকেলী এটেক কৰিছিল।

“তেওঁলোকৰ কেণ্ডিডেট সেইটো ক্ষেত্ৰত হাৰি গ’ল। আমি জি এছ জিকিব নোৱাৰিলেও কিন্তু ৰাজনীতিটো মূলতঃ মই কণ্ট্ৰ’ল কৰিবলৈ আৰম্ভ কৰিলোঁ। মানে মোৰ নেতৃত্বত বিৰোধী ৰাজনীতিটো তাত প্ৰতিষ্ঠা হৈ গ’ল। মোক ফিজিকেল এটেক কৰাক লৈ হুলস্থূল হৈ গ’ল। মই শুনা মতে হিতেশ্বৰ শইকীয়ায়ো এই কথাটোত বেয়া পালে তেখেতক।” গ্ৰন্থত উল্লেখ।গ্ৰন্থত উল্লেখ থকা অনুসৰি “তাৰ দুদিনমানৰ পাছত বৰ্তমানৰ এছ পি, হিমন্ত বিশ্ব শৰ্মাৰ বডীগাৰ্ডৰ দৰে থাকে তেতিয়া। ৰাজেন সিঙে এদিন আহি মোক ক’লে যে অখিল তই যদি হিমন্ত দাৰ বিৰোধিতা কৰ হাতখন কাটি দিম । তাৰ মাজতো আমি থাকিলোঁ। অহা বাৰ কটন কলেজত মই জেনেৰেল ছেক্ৰেটাৰী হিচাপে প্রতিদ্বন্দ্বিতা কৰিলোঁ।

“এনেদৰেই বিধায়ক অখিল গগৈ আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সংঘাতৰ বিভিন্ন দিশ গ্ৰন্থখনত উল্লেখ কৰিছে লেখক মৃদুল কুমাৰ সন্দিকৈয়ে। অখিল গগৈ কাৰাগাৰত থকাৰ সময়ত তেওঁক মানসিক ৰোগী হিচাপে সজাবলৈ চেষ্টা কৰাৰ পৰা আৰম্ভ কৰি বিধায়কগৰাকীৰ বিৰুদ্ধে বিভিন্ন সময়ত সৰৱ হৈ পৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

চানমাৰিৰ সহকাৰী আৰক্ষী আয়ুক্ত (এচিপি) প্ৰণামী ভৰদ্বাজ বৰা

প্ৰতিবাদৰ পূৰ্বে নাবালিকাক ভাবুকি দিয়াৰ অভিযোগত বিতৰ্কত অসম আৰক্ষীৰ বিষয়া

July 23, 2026 10:47 pm
ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

July 23, 2026 7:18 pm
ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

July 23, 2026 6:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চানমাৰিৰ সহকাৰী আৰক্ষী আয়ুক্ত (এচিপি) প্ৰণামী ভৰদ্বাজ বৰা

প্ৰতিবাদৰ পূৰ্বে নাবালিকাক ভাবুকি দিয়াৰ অভিযোগত বিতৰ্কত অসম আৰক্ষীৰ বিষয়া

July 23, 2026 10:47 pm
ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd