ৰাজ্যৰ তৃতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে।
মংগলবাৰে দলটোৱে এখন ২১ জনীয়া প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে।
প্ৰকাশিত তালিকা অনুসৰি নামনি অসমৰ বঙাইগাঁৱৰ দক্ষিণ শালমৰাত ৱাজেদ আলি চৌধুৰী, গোলোকগঞ্জত আব্দুছ শোভান আলি চৰকাৰে প্ৰাৰ্থীত্ব লাভ কৰিছে।
সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি শংকৰ প্ৰসাদ ৰায়ে প্ৰাৰ্থিত্ব লাভ কৰিছে বঙাইগাঁও বিধানসভা সমষ্টিত। স্মৰ্তব্য যে বিগত ২০১৪ৰ বিধানসভা নিৰ্বাচনত শংকৰ প্ৰসাদ ৰায়ে বিজেপিত যোগদান কৰিছিল যদিও সমষ্টিটো বিজেপিৰ মিত্ৰ অগপ দলে লাভ কৰাত কংগ্ৰেছত যোগদান কৰি নিৰ্বাচনত অৱতীৰ্ণ হৈছিল আছুৰ প্ৰাক্তন সভাপতিগৰাকীয়ে।
অৱশ্যে অগপ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হাতত বিপুল পৰিমাণৰ ভোটৰ ব্যৱধানত পৰাস্ত হৈছিল ৰায়।
বঙাইগাঁৱৰ আন দুটা বিধানসভা সমষ্টি ক্ৰমে অভয়াপুৰী উত্তৰত আব্দুল বাতিম খণ্ডকাৰ আৰু অভয়াপুৰী দক্ষিণত প্ৰদীপ চৰকাৰক প্ৰাৰ্থীত্ব দিছে দলটোৱে।
গোৱালপাৰা জিলাৰ দুধনৈ বিধানসভা সমষ্টিত যাদৱ স্বৰ্গীয়াৰী, গোৱালপাৰা পূবত আব্দুল কালাম ৰচিদ আলম, গোৱালপাৰাত মহম্মদ আব্দুৰ ৰচিদ মণ্ডল আৰু জলেশ্বৰত আফটাবউদ্দীন মোল্লাহক দিয়া হৈছে কংগ্ৰেছৰ প্ৰাৰ্থীত্ব।
ইফালে বজালী জিলাৰ পাটাচাৰকুছিত শান্তনু শৰ্মা, বৰপেটাৰ বাঘবৰত বৰ্তমানৰ বিধায়ক চেৰমান আলি আহমেদ, সৰুক্ষেত্ৰীত জাকিৰ হুছেইন শিকদাৰ, চেঙাত বিধায়ক শুকুৰ আলি আহমেদ, বৰক্ষেত্ৰীত দিগন্ত বৰ্মন আৰু ধৰমপুৰত ৰাতুল পাটোৱাৰীয়ে কংগ্ৰেছৰ হৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।
কামৰূপৰ বকোত নন্দিতা দাস, ছয়গাঁৱত ৰেকিবুদ্দিন আহমেদ, পলাশবাৰীত যতীন মালী, জালুকবাৰীত ৰমেন বৰঠাকুৰ, দিছপুৰত মহাজোঁটৰ মনজিৎ মহন্ত (আঞ্চলিক গণ মৰ্চা) আৰু পূব গুৱাহাটীত অসীমা বৰদলৈক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে দলটোৱে।