• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমতে আছে কংগ্ৰেছৰ নিৰ্বাচনী প্ৰাৰ্থী; হিমন্ত কংগ্ৰেছলৈ আহে বুলিহে ভয় একাংশ কংগ্ৰেছীৰ

মন্ত্ৰী শৰ্মাৰ ৪ দিনত ৭ টাকৈ মন্দিৰ দৰ্শনৰ আঁৰত কি?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 10, 2021 4:41 pm
a himu
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হৰ্ছ ট্ৰেডিঙৰ ভয়ত অসম এৰি কংগ্ৰেছ মহাজোঁটৰ সকলো প্ৰাৰ্থীকে আৰব বা ৰাজস্থানৰ জয়পুৰলৈ নিয়া হৈছে বুলি চৰ্চা চলি আছিল যদিও কেৱল এআইয়ুডিএফৰ প্ৰাৰ্থীসকলকহে নিয়া হৈছে জয়পুৰলৈ।

কিন্তু বৰ্তমানো অসমতে আছে ২০২১ ৰ বিধানসভা নিৰ্বাচনৰ কংগ্ৰেছৰ প্ৰাৰ্থীসকল। কংগ্ৰেছৰ এক উচ্চস্তৰীয় সূত্ৰই জনাইছে এই কথা।

Apply Now

তেওঁৰ মতে কংগ্ৰেছৰ বিধায়ক প্ৰাৰ্থীসকল ভুলতো বিজেপিলৈ নাযায় বা এইবাৰ কংগ্ৰেছ মহাজোঁটে অসমত চৰকাৰ গঠন কৰাটো নিশ্চিত।

উল্লেখযোগ্য যে, বিজেপিৰ এগৰাকী প্ৰতাপী তথা ‘দক্ষ মন্ত্ৰী’ হিমন্ত বিশ্ব শৰ্মা ঘোঁৰা ক্ৰয় কৰাত পাকৈত বুলি পূৰ্বৰে পৰা অভিযোগ উঠি আহিছে।

এটা সময়ত কংগ্ৰেছত থাকোতে ৰুমী নাথ, ৰ’জলিনা তিৰ্কীকে ধৰি বহু বিজেপিৰ বিধায়কক (ঘোঁৰা) ক্ৰয় কৰি হৰ্ছ ট্ৰেডিঙৰ শিতানত নিজৰ নাম অন্তৰ্ভূক্ত কৰিবলৈ সক্ষম হৈছিল।

ঠিক সেইদৰে বিটিচি পৰিষদীয় নিৰ্বাচনতো বিপিএফৰ পৰা য়ুপিপিএললৈ পাৰিষদ অনাৰ ক্ষেত্ৰতো দক্ষ মন্ত্ৰীগৰাকীৰ অৰিহণা নথকা নহয়।

ইয়াক লৈ এতিয়া সচেতন আৰু সক্ৰিয় হৈ উঠিছে কংগ্ৰেছৰ বিধায়কপ্ৰাৰ্থীসকল।

আমি পূৰ্বতে উল্লেখ কৰা সূত্ৰটোৱে দাবী কৰা মতে ‘এতিয়া হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছলৈ আহে বুলিহে ভয় কৰিছে কংগ্ৰেছ প্ৰাৰ্থীসকলে। হিমন্ত বিশ্ব শৰ্মাৰ মতেহে টিকট দিয়া হ’ল বিজেপিৰ প্ৰাৰ্থীসকলক। গতিকে বিজেপিয়ে চৰকাৰ গঠন কৰাৰ আশা নাই। তেওঁ ব্যক্তিগত স্বাৰ্থত টিকট দিয়ালে।‘

‘তথ্য অনুসৰি হিমন্ত বিশ্ব শৰ্মাৰ ভুলৰ বাবে হাগ্ৰামা মহিলাৰী কংগ্ৰেছ মহাজোঁটলৈ গ’ল। গতিকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বাঁহ দি প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰীয় সভাপতিলৈ ৰিপ’ৰ্ট পঠাইছে। বিজেপি পৰাজিত হ’লে গোটেই বদনাম হিমন্ত বিশ্ব শৰ্মাৰ ওপৰতে পৰিব।‘

উল্লেখযোগ্য যে, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিগত ৪ দিনত ৭ টাকৈ মন্দিৰ দৰ্শন কৰিছে। মালিনী থান, ব্ৰটদৱা থান, মহা-মৃত্যুঞ্জয় মন্দিৰ, কামাখ্যাকে ধৰি কালি ত্ৰিপুৰালৈয়ো মন্দিৰ দৰ্শনৰ বাবে হিমন্ত বিশ্ব শৰ্মা যোৱা বুলি সূত্ৰটোৱে প্ৰকাশ কৰিছে।

‘মানুহটো এতিয়া অস্থিৰ হৈ পৰিছে। বিজেপিৰ ৪০-৪৫ গৰাকী বিধায়ক প্ৰাৰ্থী জয়ী হ’লে যদি ১৫ গৰাকী বিধায়ক লৈ কংগ্ৰেছলৈ আহিলে ডাঙৰ কথা হ’ব। গতিকে হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছলৈ অহা ৰাস্তাটো বন্ধ কৰিব লাগে।‘ নাম প্ৰকাশত অনিচ্ছুক সূত্ৰটোৱে কয়।

ইপিনে, বিপিএফৰ বিধায়ক প্ৰাৰ্থীসকলক বিহাৰলৈ পঠিওৱা হৈছে বুলি প্ৰকাশ কৰা বাতৰিও অসত্য  বুলি দাবী কৰে সূত্ৰটোৱে।

ইপিনে, সূত্ৰটোৰ দাবীৰ বিপৰীতে কংগ্ৰেছ মহাজোঁটলৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমন্ত্ৰণহে জনালে কংগ্ৰেছৰ বিহপুৰীয়া সমষ্টিৰ বিধায়ক প্ৰাৰ্থী ভূপেন বৰাই।

উল্লেখযোগ্য যে, এআইয়ুডিএফৰ ১৮ গৰাকী প্ৰাৰ্থী এতিয়াও জয়পুৰৰ এখন হোটেলত আছে আৰু তেওঁলোকে ফলাফল ঘোষণাৰ কিছুদিন পাছতহে অসমলৈ আহিব বুলি জানিব পৰা গৈছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

September 3, 2026 8:32 pm
নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

September 3, 2026 7:34 pm
বকোৰ গামেৰিমুৰা আৰক্ষী চকীত গুলীচালনাৰ ঘটনাত নিহত দুই আৰক্ষী বিষয়া

বকোৰ গামেৰিমুৰা আৰক্ষী চকীত গুলীচালনাৰ ঘটনাত নিহত দুই আৰক্ষী বিষয়া

September 3, 2026 6:44 pm
মোডী-পেজেস্কিয়ানৰ বৈঠকৰ পিছতে আমেৰিকাৰ সকীয়নি! কি ক’লে বিদেশ সচিব মাৰ্কো ৰুবিঅ’ই?

মোডী-পেজেস্কিয়ানৰ বৈঠকৰ পিছতে আমেৰিকাৰ সকীয়নি! কি ক’লে বিদেশ সচিব মাৰ্কো ৰুবিঅ’ই?

September 3, 2026 6:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

September 3, 2026 8:32 pm
নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

September 3, 2026 7:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd