• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘হত্যাকাৰী’ উঃ কাঃ স্বাঃ শাঃ পৰিষদৰ মুখ্য কাৰ্যবাহী দেৱলাল গাৰ্লোচাক অপসাৰণৰ দাবী তুলিলে প্ৰদেশ কংগ্ৰেছে

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
August 11, 2018 7:15 pm
DebolalGarlosa

দেৱলাল গাৰ্লোচা। ফাইল ফটো।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আদালতৰ এটা গোচৰত ডি এইচ্ছ ডি জুৱেল গোটৰ প্ৰাক্তন সদস্য মুপিট ৰাজিয়ুং ওৰফে  একশ্যন ডিমাছাই দিয়া সাক্ষ্য ৰাজহুৱা হোৱাৰ পিছত পাৰ্বত্য জিলাৰ ৰাজনীতি উত্তপ্ত কৰি তোলাৰ পিছত দিচপুৰৰ ৰাজনীতিতো তাৰ প্ৰভাৱ পৰা দেখা গ’ল।

আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে এসময়ৰ উগ্ৰপন্থী নেতা আৰু বৰ্তমানৰ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাক পদচ্যুত কৰাৰ দাবী উত্থাপন কৰে ৰাজ্যপালৰ ওচৰত।

Apply Now

হত্যা আৰু ধনদাবীত অভিযুক্ত দেৱলাল গাৰ্লোছা ওৰফে ডেনিয়েল ডিমাছাৰ অপসাৰণ বিচাৰি শনিবাৰে ৰাজ্যপালক সাক্ষাৎ কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ নেতৃত্বত যোৱা কংগ্ৰেছৰ এটা সঁজাতী দলে।

ইয়াৰ পাছতেই গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল অনুষ্ঠিত কৰি দেৱব্ৰত শইকীয়াই কয়, “কিছু বছৰ পূৰ্বে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ তদানীন্তন মুখ্য কাৰ্যবাহী সদস্য পূৰ্ণেন্দু লাংথাছা আৰু তেওঁৰ ভাতৃ নিন্দু লাংথাছাক অতি নিৰ্মমভাৱে হত্যা কৰা হৈছিল। ইয়াৰ পূৰ্বে আন এজন ব্যক্তিৰ পৰা ৫০ লাখ টকা লোৱাৰ পিছত তেওঁক আৰু তেওঁৰ ব্যক্তিগত নিৰাপত্তাৰক্ষীজনকো হত্যা কৰা হৈছিল।

এই আটাইকেইটা ঘটনা বৰ্তমানৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাই সংঘটিত কৰা বুলি শপতনামাযোগে আদালতত সাক্ষ্য প্ৰদান কৰা হৈছিল।

যিহেতু স্বায়ত্তশাসিত পৰিষদৰ নিয়ন্ত্ৰণৰ সম্পূৰ্ণ কৰ্তৃত্ব ৰাজ্যপালৰ হাতত থাকে গতিকে এই ঘটনাসমূহৰ মূল অভিযুক্তজন মুখ্য কাৰ্যবাহী সদস্য হৈ থকা বিষয়টো ৰাজ্যপালক অৱগত কৰি তেওঁক অপসাৰণ কৰাৰ দাবী জনাইছো।”

শইকীয়াই লগতে সংবিধানৰ ৬ষ্ঠ অনুসূচীৰ ১৪ নম্বৰ দফা অনুসৰি ৰাজ্যপালে এই ঘটনাৰ ৰাজ্যপালে নিজাববীয়া তদন্ত কৰি দোষীয়ে যাতে শাস্তি পায় তাৰ যাবতীয় ৱ্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়।

উল্লেখ্য যে, উত্তৰ কাচাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যকাল ইতিমধ্যই উকলি গৈছে। কিন্তু সময়ত নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰাৰ বাবে ৰাজ্যপালে ইয়াৰ কাৰ্যকাল সম্প্ৰসাৰণ কৰিছিল।

আজি কংগ্ৰেছৰ প্ৰতিনিধি দলটোৱে ৰাজ্যপালৰ ওচৰত পৰিষদখন অতি শীঘ্ৰে ভংগ কৰি পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰো দাবী উত্থাপন কৰে।

উল্লেখযোগ্য যে হাফলঙৰ সত্ৰ ন্যায়াধীশৰ আদালতত ডি এইচ্ছ ডি জুৱেল গোটৰ প্ৰাক্তন সদস্য মুপিট ৰাজিয়ুং ওৰফে একশ্যন ডিমাচাই উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ তদানীন্তন মুখ্য কাৰ্যবাহী সদস্য তথা কংগ্ৰেছ নেতা পূৰ্ণেন্দু লাংথাচা আৰু কাৰ্যবাহী সদস্য নিন্দু লাংথাচাক দেৱলাল গাৰ্লোচাই নিজে হত্যা কৰিছিল বুলি স্বীকাৰ কৰে আৰু সেই সময়ত মুপিট ঘটনাস্থলীত আছিল। ঘটনাটো ঘটিছিল ২০০৭ চনৰ ২৭ এপ্ৰিলত।

যোৱা ১০ আগষ্টত একেটা কাৰণতে হাফলঙত ডিমা হাচাও জিলা কংগ্ৰেছেও এখন সংবাদমেল পাতি বিজেপি শাসিত স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী দেবলাল গাৰ্লোচাক অপসাৰণৰ দাবী তুলিছিল।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘বিজেপিৰ শাসন কালত ৪৭৭ শতাংশ বৃদ্ধি পালে ৰকিবুল হুছেইনৰ সম্পত্তি!’ শাসকেই নহয়, বিৰোধীকো আক্ৰমণ বিধায়ক অখিল গগৈৰ

‘বিজেপিৰ শাসন কালত ৪৭৭ শতাংশ বৃদ্ধি পালে ৰকিবুল হুছেইনৰ সম্পত্তি!’ শাসকেই নহয়, বিৰোধীকো আক্ৰমণ বিধায়ক অখিল গগৈৰ

September 4, 2026 9:30 pm
ভুল কাৰ? কি কি হৈছিল এই অবৈধ সম্পৰ্কত? ডাঃ প্ৰয়াস সিংহলৰ মৃত্যুৰে নাম সাঙোৰ খোৱা মহিলাৰ মুখত ন ন তথ্য

ভুল কাৰ? কি কি হৈছিল এই অবৈধ সম্পৰ্কত? ডাঃ প্ৰয়াস সিংহলৰ মৃত্যুৰে নাম সাঙোৰ খোৱা মহিলাৰ মুখত ন ন তথ্য

September 4, 2026 8:26 pm
মহাৰাষ্ট্ৰৰ ঐতিহাসিক দুৰ্গত কৰুণ ঘটনা! ১০০ ফুট উচ্চতাৰ পৰা দ খাৱৈত পৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ মল্লযুঁজাৰু আৰু দুই সন্তানৰ মৃত্যু

মহাৰাষ্ট্ৰৰ ঐতিহাসিক দুৰ্গত কৰুণ ঘটনা! ১০০ ফুট উচ্চতাৰ পৰা দ খাৱৈত পৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ মল্লযুঁজাৰু আৰু দুই সন্তানৰ মৃত্যু

September 4, 2026 7:27 pm
৩৬ বছৰৰ পিছত পুনৰ চৰ্চাত সাৰলা ভাটৰ নৃশংস হত্যাকাণ্ড : ১৯৯০ত উগ্ৰপন্থীৰ ধৰ্ষণ-হত্যাৰ বলি হৈছিল চিকিৎসাকৰ্মী গৰাকী

৩৬ বছৰৰ পিছত পুনৰ চৰ্চাত সাৰলা ভাটৰ নৃশংস হত্যাকাণ্ড : ১৯৯০ত উগ্ৰপন্থীৰ ধৰ্ষণ-হত্যাৰ বলি হৈছিল চিকিৎসাকৰ্মী গৰাকী

September 4, 2026 6:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘বিজেপিৰ শাসন কালত ৪৭৭ শতাংশ বৃদ্ধি পালে ৰকিবুল হুছেইনৰ সম্পত্তি!’ শাসকেই নহয়, বিৰোধীকো আক্ৰমণ বিধায়ক অখিল গগৈৰ

‘বিজেপিৰ শাসন কালত ৪৭৭ শতাংশ বৃদ্ধি পালে ৰকিবুল হুছেইনৰ সম্পত্তি!’ শাসকেই নহয়, বিৰোধীকো আক্ৰমণ বিধায়ক অখিল গগৈৰ

September 4, 2026 9:30 pm
ভুল কাৰ? কি কি হৈছিল এই অবৈধ সম্পৰ্কত? ডাঃ প্ৰয়াস সিংহলৰ মৃত্যুৰে নাম সাঙোৰ খোৱা মহিলাৰ মুখত ন ন তথ্য

ভুল কাৰ? কি কি হৈছিল এই অবৈধ সম্পৰ্কত? ডাঃ প্ৰয়াস সিংহলৰ মৃত্যুৰে নাম সাঙোৰ খোৱা মহিলাৰ মুখত ন ন তথ্য

September 4, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd