গান্ধী পৰিয়ালক অপমান! স্বয়ং প্ৰধানমন্ত্ৰী মোডীৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ জাননী কংগ্ৰেছৰ

যি সময়ত বিজেপিয়ে কেমব্ৰিজত তেওঁৰ বিতৰ্কিত মন্তব্যক লৈ ৰাহুল গান্ধীক ব্যতিব্যস্ত কৰিবলৈ চেষ্টা কৰি আছে, ঠিক সেই সময়তে কংগ্ৰেছে প্ৰধানমন্ত্ৰী মোডীক লক্ষ্য কৰি লৈছে।

কংগ্ৰেছৰ সাংসদ তথা দলটোৰ সাংগঠনিক সাধাৰণ সম্পাদক কে চি বেণুগোপালে প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ জাননী জাৰি কৰিছে। তেওঁ অভিযোগ কৰিছে যে মোডীয়ে সংসদত থিয় হৈ গান্ধী পৰিয়ালক অপমান কৰিছে।

ফেব্ৰুৱাৰীত সংসদৰ বাজেট অধিৱেশনৰ প্ৰথম পৰ্যায়ত মোডীয়ে সংসদত থিয় হৈ গান্ধী পৰিয়ালক আক্ৰমণ কৰি কৈছিল,”ৰাহুল গান্ধী আৰু ছোনিয়া গান্ধীয়ে গান্ধী উপাধি কিয় ব্যৱহাৰ কৰে? নেহৰু উপাধি ব্যৱহাৰ কৰাত লাজ কিহৰ?’’

লগতে পঢ়ক: হিমন্ত উবাচ! অসমত ৬০০ খন মাদ্ৰাছা বন্ধ কৰিছো আৰু সকলোবোৰ মাদ্ৰাছাই বন্ধ কৰিব বিচাৰো, কিয়নো…

সংসদত গান্ধীসকলৰ নাম নোলোৱাকৈ মোডীক কোৱা শুনা গৈছিল, “যদি নেহৰু ইমান মহান, তেন্তে তেওঁৰ পৰিয়ালে নেহৰু (জৱাহৰলাল নেহৰু) উপাধি ব্যৱহাৰ কৰিবলৈ কিয় লাজ পাইছে?”

বিশেষাধিকাৰ ভংগৰ জাননী দি কংগ্ৰেছ সাংসদগৰাকীয়ে কয় যে মোডীয়ে প্ৰকৃততে সেই মন্তব্য দি গান্ধী পৰিয়ালৰ সদস্যসকলক অপমান কৰিছে। বিশেষকৈ ৰাহুল গান্ধী আৰু ছোনিয়া গান্ধীৰ বাবে। তেওঁলোক লোকসভাৰ সদস্যও।

বেণুগোপালে কয় যে প্ৰধানমন্ত্ৰীয়ে ভালদৰে জানে যে এই দেশৰ ছোৱালীবোৰে বিবাহৰ পিছত তেওঁলোকৰ পিতৃৰ উপাধি ব্যৱহাৰ নকৰে। তৎস্বত্ত্বেও তেওঁ কেৱল  ইচ্ছাকৃতভাৱে ৰাহুল গান্ধী আৰু ছোনিয়া গান্ধীৰ বিৰুদ্ধে এই মন্তব্য কৰিছিল। অৱশ্যে, কংগ্ৰেছ নেতাজনৰ বিশেষাধিকাৰ ভংগৰ অভিযোগ স্বীকাৰ কৰাৰ সম্ভাৱনা নাই।

লগতে পঢ়ক: PMOৰ বিষয়া হিচাপে পৰিচয় দি Z+ নিৰাপত্তা লৈ কাশ্মীৰত বৈঠক; গ্ৰেপ্তাৰ গুজৰাটী প্ৰৱঞ্চক!

দৰাচলতে, কেমব্ৰিজত কৰা বিতৰ্কিত মন্তব্যৰ বাবে ৰাহুলক লৈ ৰাষ্ট্ৰীয় ৰাজনীতিত যথেষ্ট হুলস্থুল হৈছে। বিজেপিৰ শীৰ্ষ নেতাসকলে কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীৰ পৰা ক্ষমা বিচাৰি নিৰন্তৰ আক্ৰমণ কৰি আহিছে। কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰীয়েও এই অভিযানত অংশগ্ৰহণ কৰিছে। সৰ্বোপৰি, কংগ্ৰেছৰ বাবে আহুকালৰ সৃষ্টি হৈছে। তাৰমাজতে প্ৰত্যাক্ৰমণৰ বেহু ৰচনা কৰি বেণুগোপালে মোডীক লক্ষ্য কৰাৰ সিদ্ধান্ত লৈছে!