প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক ৰকিবুল হুছেইনৰ গৃহ সমষ্টি চামগুৰিত কংগ্ৰেছ দলে আগন্তুক বিধান সভা নিৰ্বাচনী ৰণডংকা বজাই শক্তি প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে ৷
নগাওঁ জিলাৰ চামগুৰি বিধান সভা সমষ্টিৰ যুৱ কংগ্ৰেছৰ উদ্যোগত আমবাগানৰ জগধাত্ৰী পূজা মণ্ডপৰ বাকৰিত দেওবাৰে এখন বিশাল “যুৱ একতা সমাৰোহ“ অনুষ্ঠিত হয়।
অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক অপূৰ্ব ভট্টাচাৰ্য্যই আঁত ধৰা সভাৰ আৰম্ভণিতে ভেলেউগুৰিস্থিত জিলা শিক্ষা প্ৰশিক্ষণ কেন্দ্ৰৰ সন্মুখৰ পৰা কংগ্ৰেছৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্য্যায়ৰ কেইবাগৰাকী নেতাই প্ৰায় দুই সহস্ৰাধিক লোকৰ সৈতে বাইক ৰেলি কৰি চামগুৰি সমষ্টিৰ আমবাগানত অনুষ্ঠিত হোৱা সভাখনত উপস্থিত হয়।
উক্ত সভাখনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই বিজেপি দলক তীব্ৰ সমালোচনা কৰি ভাষণ প্ৰসঙ্গত ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ সভ্যতাক অপমান কৰা বুলি অভিযোগ উত্থাপন কৰে।
কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে সমাৰোহ খনত উপস্থিত থাকি ভাষণ প্ৰসঙ্গত মুক্ত সমষ্টি চাবলৈ আশা কৰা সকলক চামগুৰি সমষ্টিলৈ আমন্ত্ৰণ জনোৱাৰ লগতে মূল্য বৃদ্ধিৰ প্ৰসঙ্গ উত্থাপন কৰি বিজেপি দলক পুঁজিপতিৰ চৰকাৰ বুলি কটাক্ষ কৰে ৷
পৰিৱৰ্তনৰ মিছা কথাৰে শাসন ক্ষমতা দখল কৰি আজি বিজেপি চৰকাৰে কৃষক, শ্ৰমিক,দুখীয়া ৰাইজৰ পক্ষত যে নাই, তাক প্ৰমান কৰিছে ৷
উক্ত সভাখনত সাংসদ সুস্মিতা দেৱ উপস্থিত থাকি ভাষণ প্ৰসংগত সাম্প্ৰদায়িক আৰু দুখীয়াৰ শত্ৰু বিজেপি, অসমৰ বঙালী সকলৰ ভাষা, সাহিত্য আৰু সংস্কৃতিৰো প্ৰধান শত্ৰু বুলি অভিহিত কৰে ৷
সৰ্ব ভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰী নিবাস বি ভি সমাৰোহত উপস্থিত থাকি নৰেন্দ্ৰ মোদীৰ শিক্ষাগত অৰ্হতা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰা পৰিলক্ষিত হয় ৷ বেটি বচাও বেটি পঢ়াও শ্লোগান সন্দৰ্ভত নিবাসে বেটি সকলক বিজেপিৰ নেতা সকলৰ পৰা বচাই ৰাখিবলৈ আহ্বান জনায় ৷
কংগ্ৰেছ দলত নতুনকৈ যোগদান কৰা মীৰা বৰঠাকুৰে নিজৰ ভাষণত প্ৰধান মন্ত্ৰীক বিগত সময়বোৰত দিয়া আশ্বাস আৰু প্ৰতিশ্ৰুতিৰ উত্তৰ দিবলৈ সংবাদ মেল সম্বোধন কৰিবলৈ কিয় সাহস হোৱা নাই , তাৰ উত্তৰ বিচাৰি ইতিমধ্যে পত্ৰ প্ৰেৰণ কৰা বুলি উল্লেখ কৰে ৷
উক্ত সভাতে বহু কেইগৰাকী বিজেপি কৰ্মীয়ে কংগ্ৰেছ দলত যোগদান কৰে ৷ উক্ত সভাত ৰূপহীহাট সমষ্টিৰ বিধায়ক নৰুল হুদা, কংগ্ৰেছ নেতা কামৰুল ইছলাম চৌধুৰী, যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অজয় ছিকাৰা, আই টি চেলৰ মনোজ জৈন, সম্পাদিকা কৃষ্ণা দাস, তত্বাৱধায়ক সাগৰীকা বৰা, নগাঁও জিলা কংগ্ৰেছৰ সভাপতি তপন শৰ্মা, ৰাজ্যিক যুৱ কংগ্ৰেছৰ অভিজিৎ বৰা, নগাঁৱৰ প্ৰাক্তন বিধায়ক ডা৹ দুৰ্লভ চমুৱা, লামডিং সমষ্টিৰ প্ৰাক্তন বিধায়ক চপন কৰ, তিনি গৰাকী কন্ঠশিল্পী বাবু বৰুৱা, নেকিব আৰু দেৱৰাজ টানা , প্ৰাক্তন মন্ত্ৰী তথা চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইনকে ধৰি বহু কেইজন গণ্য মান্য ৰাজনৈতিক নেতা উপস্থিত থাকে।