DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমত এতিয়া উশৃংখল, উদণ্ড, সন্ত্রাসপ্রিয় মানুহৰ শাসন চলিছে : ভূপেন বৰা

জাহ্নৱী বৰুৱা, গুৱাহাটী by জাহ্নৱী বৰুৱা, গুৱাহাটী
January 17, 2022 5:56 pm
148
VIEWS
Share on FacebookShare on Twitter

সাম্প্ৰতিক অসমত চাৰিওফালে চলি থকা ঘটনাক্ৰমৰ পৰা এই কথা একেবাৰে স্পষ্ট হৈ পৰিছে যে আজি ৰাজ্যখনত এক উশৃংখল, উদণ্ড আৰু সন্ত্রাসপ্রিয় মানুহৰ শাসন চলিছে। অসমত এতিয়া মুখ্যমন্ত্ৰীৰ পৰা বিজেপিৰ মন্ত্ৰী-বিধায়কলৈকে শাসকীয় পক্ষৰ সকলোৰে এনে মানসিকতাৰ স্বতঃস্ফূর্ত বহিঃপ্রকাশ দিনৗ ঘটিব লাগিছে।

সোমবাৰে কংগ্ৰেছ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই বি জে পি চৰকাৰখনৰ শেহতীয়া ৰাজহুৱা আচৰণ আৰু কাম-কাজৰ তীব্র সমালোচনা কৰি এই তীৰ্যক বাক্যবাণ নিক্ষেপ কৰিছে।

নগাঁৱৰ জিলা উপায়ুক্তগৰাকীক ৰাজহুৱাকৈ অশোভনীয় আচৰণেৰে গালি-গালাজ কৰা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰসংগ উত্থাপান কৰি সভাপতি বৰাই কয় যে এগৰাকী ‘জেদ-প্লাছ কেটেগৰি’ৰ নিৰাপত্তাৰ আওতাত থকা মুখ্যমন্ত্রীয়ে উপায়ুক্ত গৰাকীয়ে সুনির্দিষ্ট বিধি-বিধান অনুসৰি লোৱা নিৰাপত্তা বিষয়ক সাৱধানতাক ৰাজহুৱাকৈ তুচ্চ-তাচ্ছিল্য কৰি ‘ধমক’ দিয়া ঘটনা নজীৰবিহীন।

উপায়ুক্ত গৰাকীক গালি দিয়াৰ পূৰ্বে তেওঁ পাৰে যদি ‘জেদ-প্লাছ কেটেগৰি’য়ে প্ৰদান কৰা নিৰাপত্তা বিষয়ক বিধি-বিধানবোৰ সংশোধন কৰোওৱাৰ ব্যৱস্থা নকৰে কিয়? তাকে নকৰি বাটে-ঘাটে সস্তীয়া জনপ্ৰিয়তাৰ আশাত বাটৰ নাট কৰাৰ প্ৰয়োজন ক’ত বুলি ভূপেন কুমাৰ বৰাই প্রশ্ন কৰে।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে কয় যে “মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই দলীয় কর্মীসকলক সম্বোধন কৰি কোৱা নিশ্চয় সকলোৰে মনত আছে যে- ‘আমি কাকোৱে ভয় কৰিব নালাগে।পি এছ অ’ ল’ব নালাগে৷’ হয়তো মুখ্যমন্ত্রীজনে ঠিকেই কৈছিল। কাৰণ এতিয়া তেওঁলোকৰ দলীয় নেতা-পালিনেতা কোনেও কাকো ভয় কৰাৰ প্ৰয়োজন নাই। একনায়কত্ববাদী শাসনত এতিয়া ভয় কৰাৰ দিন আহিছে উপায়ুক্ত, পুলিচ অধীক্ষক, থানাৰ অ’ চি, মহিলা পুলিচসকলৰ।

গুৰু-গোসাঁই নমনা বি জে পিৰ মুখ্যমন্ত্রী, মন্ত্রী, বিধায়ক, নেতা-কর্মীৰ হাতত কোন চৰকাৰী বিষয়াই কেতিয়া ক’ত কেনেকৈ অপমানিত, অপদস্থ হ’ব লাগে তাৰ কোনো ঠিকনা নাইকিয়া অৱস্থা হৈছে আজিৰ অসমখনত।”

প্রদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে শ্ৰীশ্ৰীমাধৱদেৱ কলাক্ষেত্ৰৰ প্ৰসংগ উল্লেখ কৰি কয় যে “গুৰুজনা মাধৱদেৱ অসমীয়া জাতিৰ শিৰৰ মুকুট স্বৰূপ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে হাবি কাটি উলিয়াই যোৱা অসমীয়া ভাষা-সংস্কৃতিৰ বাট মশৃণ কৰি নাম-ধর্ম বিলাই জাতিটোক এক কৰি তুলিছিল মহাপুৰুষ শ্রীশ্রীমাধৱদেৱে।

সেইগৰাকী মহাপুৰুষৰ নামত প্রতিস্থা কৰা শ্ৰীশ্ৰীমাধৱদেৱ কলাক্ষেত্ৰক ছমাহৰ ভিতৰত পূৰ্ণাংগ ৰূপ দিয়া হ’ব বুলি ২০১৬ চনত মিছা মাতিছিল প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সেইখন সভাত তেতিয়াৰ বি জে পি নেতা আৰু আজিৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত আছিল মোদী ডাঙৰীয়াৰ কাষত। আজি ছবছৰ পাৰ হৈ গ’ল।শ্ৰীশ্ৰীমাধৱদেৱ কলাক্ষেত্ৰৰ নামত একোৱেই নহ’ল।

বৰঞ্চ সেই কলাক্ষেত্র ভাঙি-ছিঙি লণ্ড-ভণ্ড কৰা দুস্কৃতিকাৰীক পুলিচে ধৰোঁতে বি জে পিৰ বিধায়কৰ হাতত অপদস্থ হ’বলগীয়া হ’ল পুলিচ বিষয়া। সেইগৰাকী বি জে পি বিধায়কে ডাংকোপ মাৰি কৈছে তেওঁ বোলে কাৰো পৰা একো শিকিবলগীয়া নাই।”

বৰাই কয় যেএনেবোৰ ঘটনাৰ পৰা অসমত চিপাহী বিদ্ৰোহৰ আশংকা নুই কৰিব নোৱাৰি। তেওঁ কয়- এই বিধায়কগৰাকীয়ে হেনো দুর্নীতি-অন্যায়ৰ বিৰুদ্ধে মাত মাতিয়ে যাব। শুনি অমৃত বাণী যেনেই লাগে। পিছে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰীৰ বিৰুদ্ধেও তেওঁ মাত মাতি যাবনে? আনহাতেদি, মুখ্যমন্ত্রীয়ে সেইজনা বিধায়কক শিকনি দিয়ে পুলিচক দুর্ব্যৱহাৰ নকৰিবলৈ, নিজে আকৌ নগাঁৱৰ ৰাজপথত কৰ্তব্য সম্পাদন কৰা উপায়ুক্তক অশালীন ভাষাৰে ‘ধমক’ দিয়ে! এয়া অৰাজকতা নহৈ কি নো? কংগ্ৰেছে দাবী কৰিছে- মুখ্যমন্ত্ৰী আৰু দম্ভালি মৰা বিধায়কজনে শ্রীশ্রীমাধৱদেৱ কলাক্ষেত্ৰত ধ্বংসলীলা চলোৱা দুস্কৃতিকাৰীসকলক ৰক্ষণাবেক্ষণ দিবলৈ চলোৱা চেষ্টাৰ বাবে অসমবাসীৰ ওচৰত ক্ষমা খোজক।

এজন আৰু আছে মহা শক্তিমান মন্ত্রী বুলি কটাক্ষ কৰি বৰাই কয়- সেইজনে কেইমাহমান আগতে জাগীৰোডৰ সাংবাদিকক ‘মই বহু ওপৰৰ…’ বুলি অশ্রাব্য গালি-গালাজ কৰি সমালোচনাৰ পাত্ৰ হোৱাৰ কথা পুৰণি হোৱাই নাই।

সেইজনাই এইবাৰ তিতাবৰত কৈছেগৈ-‘সেই ৰামো নাই, সেই অযোধ্যাও নাই’। অর্থাৎ মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ভাটৌ চৰাই বুলি ৰাইজে জনা এইগৰাকীয়ে পাকে-প্ৰকাৰে নিজেই কৈ পেলালে যে এতিয়া ‘ৰাম-অযোধ্যা’ নাই, অসমত এতিয়া ৰাৱণ-ৰাজ চলিছে! এইসকলেই আমাৰ অসমৰ বি জে পি চৰকাৰৰ ৰথী-মহাৰথী!

অসম প্রদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই আৰু কয়- মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰায়েই কৈ আছে উপ নির্বাচন আৰু হ’ব। কেইবাটাও সমষ্টিত উপ-নির্বাচন হ’ব। উপ-নির্বাচন ঘনাই হোৱাটোৱেই উন্নয়নৰ নমুনা নেকি?

উপ-নির্বাচন হ’লেই মূল্যবৃদ্ধিৰ প্রকোপ কমিব নেকি? উপ-নির্বাচন হ’লেই তেৱেঁই কৈ থকা ২৩ লাখ নিৱনুৱাৰ কর্মসংস্থাপন সম্ভৱ হৈ উঠিব নেকি? উপ-নির্বাচন হ’লেই চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে থকা সীমা সমস্যাৰ সমাধান হৈ যাব নেকি ? উপ-নির্বাচন হ’লেই চিলিং উদ্বৃত্ত মাটি আৰু অবৈধভাৱে হস্তগত কৰা চৰকাৰী মাটি দুখীয়া প্ৰাপ্যজনৰ হাতলৈ যাব নেকি ? উপ-নির্বাচন হ’লেই অসমত বান-গড়াখহনীয়া সমস্যা নাইকিয়া হৈ যাবনে? উপ-নির্বাচন হ’লেই জলসিঞ্চনৰ সুব্যৱস্থা হৈ উঠিব আৰু অসমৰ কৃষকে উন্নত পদ্ধতিৰে অধিক উৎপাদন কৰিব পৰাকৈ খেতি কৰাৰ সুবিধা আপোনাআপুনি হৈ উঠিব নেকি? উপ-নির্বাচন হ’লেই ক’ভিড পৰিস্থিতিৰ উপশম ঘটিব আৰু প্ৰতিজন অসমবাসীয়ে প্রতিষেধক নোলোৱাকৈ চলিব পাৰিব নেকি? এইবোৰ প্ৰশ্নৰ উত্তৰ অসমৰ ৰাইজক আগতে মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই দি লওক।

চৰকাৰৰ কাম-কাজ আৰু পৰিস্থিতিয়ে এইটো প্ৰমাণ কৰি দিছে যে সাধাৰণ অসমীয়া মানুহ, খাটিখোৱা মানুহৰহে শত্ৰু কোভিড আৰু অমিক্ৰ’ণ। হিন্দু আৰু হিন্দুত্বৰ প্ৰৱক্তা বি জে পিৰ হৰ্তা-কৰ্তাসকলৰ বাবে ই যেন পৰম বন্ধু বুলি সাংবাদিকৰ এটা প্ৰশ্নৰ উত্তৰত বি জে পি চৰকাৰক তীব্র কটাক্ষ কৰে সভাপতি বৰাই।

উল্লেখযোগ্য যে সাংবাদিক মেলৰ পিছতে ভূপেন কুমাৰ বৰাৰ নেতৃত্বত প্রদেশ কংগ্ৰেছৰ এটা শীর্ষ দলে অসমৰ আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তক সাক্ষাৎ কৰি নাৰায়ণপুৰত বি জে পি বিধায়কে কৰ্তব্যৰত পুলিচ বিষয়াক ‘পিটিকি মৰা’ৰ ভাবুকি দিয়া ঘটনা সন্দৰ্ভত এটা নিজাববীয়া গোচৰ লৈ দোষী বিধায়কগৰাকীৰ বিৰুদ্ধে তাৎক্ষণিক ব্যৱস্থা ল’বলৈ দাবী জনায়।

ভূপেন বৰাৰ উপৰি দুই বিধায়ক আব্দুৰ ৰশ্বিদ মণ্ডল আৰু যাদৱ স্বৰ্গীয়াৰী, প্রদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্র মনজিৎ মহন্ত, মুখপাত্র মীৰা বৰঠাকুৰ, সেৱাদলৰ ৰাজ্যিক সভাপতি দীপ বায়ন, কংগ্ৰেছ নেতা বিপুল গগৈ, কংকন দাস প্রমুখ্যে সদস্যসকলৰ সঁজাতী দলটোৱে নগাঁৱৰ উপায়ুক্তগৰাকীক ৰাজ্যৰ মুখ্যমন্ত্ৰীজনে ৰাজহুৱাকৈ গালি গালাজ কৰাটো আইনী দৃষ্টিৰে কিমান যুক্তিসংগত সেই বিষয়ে আৰক্ষী সঞ্চালকপ্ৰধান গৰাকীৰ পৰা জানিবলৈ বিচাৰে।

‘জেদ-প্লাছ কেটেগৰি’ৰ এজন ব্যক্তিৰ নিৰাপত্তা বিষয়াক প্ৰট’কল ৰক্ষা কৰাটো এগৰাকী উপায়ুক্ত বা পুলিচ অধীক্ষকৰ দায়িত্বৰ ভিতৰত পৰেনে নপৰে সেই বিষয়েও দলটোৱে প্রশ্ন তোলে যদিও ইয়াৰ কোনো উত্তৰ দিয়াৰ পৰা বিৰত থাকে সঞ্চালকপ্ৰধান গৰাকী।

Recent News

Assam govt buy PPE kits from China

চীনৰ পৰা সঁচাকৈয়ে পি পি ই কিট ক্ৰয় কৰিছিল নে অসম চৰকাৰে! ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে নাকচ কৰিলে কিট ক্ৰয়ৰ দাবী

Asia Cup 2022: ভাৰতীয় হকী দলে গণি গণি ১৬টা গোল দিলে ইন্দোনেছিয়াক; প্ৰৱেশ কৰিলে ছুপাৰ-৪ত

Asia Cup 2022: ভাৰতীয় হকী দলে গণি গণি ১৬টা গোল দিলে ইন্দোনেছিয়াক; প্ৰৱেশ কৰিলে ছুপাৰ-৪ত

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd