• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বঙাইগাঁৱত বিজেপি নেতৃত্বাধীন চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ

চাৰি গুজৰাটীৰ মাজতে দেশখনৰ বেচা কিনা চলি আছে – বিধায়ক আব্দুল বাতেন খণ্ডকাৰ

প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁও by প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁও
October 22, 2021 6:50 am
WhatsApp Image 2021-10-21 at 8.43.51 PM

ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Congress protest বিজেপি নেতৃত্বাধীন চৰকাৰৰ জনবিৰোধী নীতিৰ প্ৰতিবাদত বৃহস্পতিবাৰে বঙাইগাঁৱত কংগ্ৰেছ দলে প্ৰতিবাদী অৱস্থান কাৰ্যসূচী ৰূপায়ণ কৰে ৷ বঙাইগাঁও জিলা কংগ্ৰেছৰ উদ্যোগত দলটোৰ জিলা কাৰ্যালয়ৰ সন্মুখন পুৱা ১০ বজাৰ পৰা দিনৰ ১২ বজালৈ ৰূপায়ণ কৰা হয় এই প্ৰতিবাদী অৱস্থান কাৰ্যসূচী।

অংশগ্ৰহণকাৰী দলীয় নেতা-কৰ্মীসকলে হাতে হাতে বিভিন্ন দাবী সম্বলিত প্লেকাৰ্ড লৈ হিমন্ত বিশ্ব শৰ্মা লেই লেই চেই চেই ,মূল্যবৃদ্ধি ৰোধ কৰক, ক্ষমতাৰ খকত থকা হিমন্ত বিশ্ব শৰ্মা হায় হায় , হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, শ্ৰমিক বিৰোধী বিজেপি হায় হায়, সংবিধান আৰু গণতান্ত্ৰিক মূল্যবোধ প্ৰতিষ্ঠা কৰক, মহিলাৰ ওপৰত অত্যাচাৰ আৰু নাৰী নিৰ্যাতন বন্ধ কৰক, বিধায়ক কিনা বেচা বন্ধ কৰক আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷

ইপিনে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি উত্তৰ অভয়াপুৰী বিধান সভা সমষ্টিৰ বিধায়ক আব্দুল বাতেন খণ্ডকাৰে বিজেপিয়ে কৰা অপশাসনৰ বিৰুদ্ধে ৰাজ্যজুৰি কংগ্ৰেছ দলে বৃহস্পতিবাৰে প্ৰতিবাদী অৱস্থান কাৰ্যসূচী ৰূপায়ণ কৰা বুলি কয়।

Apply Now

তেওঁ কয় যে বিজেপিয়ে প্ৰতিশ্ৰুতি দি আহিছিল যে ‘অচ্ছে দিন ‘ অৰ্থাৎ ভাল দিন আহিব ৷ কিন্তু তাৰ সম্পূৰ্ণ ওলোটা কামহে কৰি আছে ৷ পৰিৱৰ্তন আনিব বিচাৰিছিল আৰু পৰিৱৰ্তন আনিছে ৷ কিন্তু মানুহৰ হকে নহয়, বিহকেহে পৰিৱৰ্তন আনিছে ৷ বিজেপিয়ে দেশখন বিক্ৰী কৰি আছে ,দেশৰ এপদ এপদকৈ সম্পত্তি বিক্ৰী কৰি আছে ৷ বিমান বন্দৰ, ৰে’ল, বি এছ এন এল,ৰাষ্ট্ৰীয় ঘাইপথ, এল আই চিকে কওক সকলো বিক্ৰী কৰি আছে ৷

খণ্ডকাৰে লগতে কয়, বিজেপিয়ে সততে কয় যে কংগ্ৰেছে একো কৰা নাই ৷ কিন্তু কংগ্ৰেছে কৰা দেশৰ ছয় শ লাখ কোটি টকাৰ সম্পত্তি অহা চাৰি বছৰত বিক্ৰী কৰি খৰচ কৰিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৈ আছে ৷ যদি কংগ্ৰেছে একো কৰাই নাছিল, তেতিয়াহলে এই ছয় শ লাখ কোটি টকা কৰ পৰা পাব ?

বিধায়কগৰাকীয়ে কয়, ‘’গুজৰাট মডেলৰ আধাৰত দুজন গুজৰাটী দেশৰ প্ৰধান গাদীত আছে ৷ এগৰাকী হ’ল প্ৰধানমন্ত্ৰী আৰু আনগৰাকী হ’ল গৃহমন্ত্ৰী আৰু বিক্ৰী কৰি আছে দুজনৰ হাতত ৷ সেই দুজনো গুজৰাটী মানুহ আম্বানী আৰু আদানী ৷ গতিকে দেশখন হাম দো হামাৰে দোৰ অচিলাত চলি আছে ৷ তাৰমানে গুজৰাট মডেল সফল হৈছে ৷ এই চাৰি গুজৰাটীৰ মাজতে দেশখনৰ বেচা কিনা চলি আছে৷’’

‘’ইপিনে দেশৰ এনে জৰুলা অৱস্থা হৈছে যে এয়াৰ ইণ্ডিয়াক বিক্ৰী কৰা হৈছে ১৮ হাজাৰ কোটি টকাত ৷ ইয়াৰ বিপৰীতে প্ৰধানমন্ত্ৰীৰ বাবে ৮ হাজাৰ কোটি টকাৰো অধিক মূল্যত ক্ৰয় কৰা হ’ব এখন বিমান ৷ গতিকে ৰাইজে বিৱেচনা কৰি চাওক যে দেশৰ যদি এজন ভাল শাসক হয় ,তেতিয়াহলে দেশৰ এনে দুৰৱস্থাৰ সময়ত ইমান বৃহৎ ধন খৰচ কৰি বিমান ক্ৰয় কৰিব নেকি ? এইদৰেই চলিছে সকলো,’’-বিধায়কগৰাকীয়ে কয়।

তেওঁ লগতে নিত্য ব্যৱহাৰ্য সামগ্ৰী পেট্ৰোল, ডিজেল ,ৰন্ধন গেছ, চাউল, দাইল, মিঠাতেলকে আদি কৰি সকলো প্ৰয়োজনীয় সামগ্ৰীৰ মূল্য কেইবাগুণো বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰি কয় যে কংগ্ৰেছৰ শাসন কালত যি পেট্ৰোলৰ মূল্য ৬৫ টকা আছিল, সেই পেট্ৰোলৰ মূল্য এতিয়া ১০৬ টকা হৈছে ৷ ডিজেল ৫৫ টকাৰ বিপৰীতে বৰ্তমান ১০০ টকা হৈছে ৷ দিনে দিনে বৃদ্ধি পাইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য ৷ কিন্তু মূল্যবৃদ্ধি ৰোধৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ৷

সেইদৰে, তেওঁ কয় যে সংখ্যালঘুসকল অসুৰক্ষিত হৈ আছে , দলিতসকল অসুৰক্ষিত হৈ আছে, নাৰীসকল অসুৰক্ষিত হৈ আছে ৷ দেশৰ সম্পদ বিক্ৰী হৈ আছে ৷ যাৰ কাৰণে আমি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছো ৷ এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি চৰকাৰক বাধ্য কৰাব বিচাৰো যে তেওঁলোক জনগণ বিৰোধী নহয় জনগণৰ সপক্ষে নীতি অবলম্বন কৰক, দেশৰ সম্পদ বিক্ৰী কৰা বন্ধ কৰক ৷

আনহাতে, উপ নিৰ্বাচনত আটাইকেইটা সমষ্টিতে কংগ্ৰেছ দলে তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি মন্তব্য কৰি খণ্ডকাৰে কয় যে সাধাৰণতে উপ নিৰ্বাচনবোৰত শাসক পক্ষৰ লগত প্ৰশাসন থাকে, চৰকাৰৰ প্ৰভাৱ থাকে ৷ যাৰ বাবে ফলাফল অলপ ইফাল সিফাল হয় ৷ তথাপিতো আমি দুখনমান আসন পাম বুলি আশা কৰিছো ৷

প্ৰতিবাদী অৱস্থান কাৰ্যসূচীত জিলা কংগ্ৰেছৰ সভাপতি মৃণাল অধিকাৰী , প্ৰদেশ কংগ্ৰেছৰ সম্পাদক জ্যোতিৰ্ময় বৈশ্য, জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী সাৰদা ৰায় সৰকাৰ, জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক গোকুল কলিতা, জিলা এন এছ ইউ আইৰ সাধাৰণ সম্পাদক জাহাংগীৰ আলম আদিকে ধৰি কংগ্ৰেছ ,যুৱ কংগ্ৰেছ , এন এছ ইউ আই , মহিলা কংগ্ৰেছৰ বিষয়ববীয়া তথা কৰ্মীসকল উপস্থিত থাকে ৷

প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁও

প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“জেলৰ পৰা ওলাই আহি ছুগাৰ ডেডীকো হত্যা কৰিম!” সাংবাদিকৰ আগত ভাবুকি ঘাতক ৰামানুজ গোস্বামীৰ

“জেলৰ পৰা ওলাই আহি ছুগাৰ ডেডীকো হত্যা কৰিম!” সাংবাদিকৰ আগত ভাবুকি ঘাতক ৰামানুজ গোস্বামীৰ

September 8, 2026 6:32 pm
নগাঁও লোকসভা উপ-নিৰ্বাচনলৈ সাজু প্ৰশাসন ঃ ১৯.০৭ লাখ ভোটাৰৰ বাবে সাজু ১,৩৩৯টা ভোটকেন্দ্ৰ

নগাঁও লোকসভা উপ-নিৰ্বাচনলৈ সাজু প্ৰশাসন ঃ ১৯.০৭ লাখ ভোটাৰৰ বাবে সাজু ১,৩৩৯টা ভোটকেন্দ্ৰ

September 8, 2026 5:02 pm
লোভেই পাপ, পাপেই মৃত্যু! অত্যধিক ভাড়াৰ লালসাত অতিৰিক্ত মহলা সজাৰ বাবেই হ’ল দিল্লীৰ কৰুণ দুৰ্ঘটনা

লোভেই পাপ, পাপেই মৃত্যু! অত্যধিক ভাড়াৰ লালসাত অতিৰিক্ত মহলা সজাৰ বাবেই হ’ল দিল্লীৰ কৰুণ দুৰ্ঘটনা

September 8, 2026 3:36 pm
নিজৰ ঘৰৰ সন্মুখতেই প্ৰাণ কাঢ়িলে মণিপুৰী শিল্পীৰ: ৰাজধানীৰ বুকুত নিৰাপত্তাহীনতাত উত্তৰ-পূবৰ লোক!

নিজৰ ঘৰৰ সন্মুখতেই প্ৰাণ কাঢ়িলে মণিপুৰী শিল্পীৰ: ৰাজধানীৰ বুকুত নিৰাপত্তাহীনতাত উত্তৰ-পূবৰ লোক!

September 8, 2026 3:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“জেলৰ পৰা ওলাই আহি ছুগাৰ ডেডীকো হত্যা কৰিম!” সাংবাদিকৰ আগত ভাবুকি ঘাতক ৰামানুজ গোস্বামীৰ

“জেলৰ পৰা ওলাই আহি ছুগাৰ ডেডীকো হত্যা কৰিম!” সাংবাদিকৰ আগত ভাবুকি ঘাতক ৰামানুজ গোস্বামীৰ

September 8, 2026 6:32 pm
নগাঁও লোকসভা উপ-নিৰ্বাচনলৈ সাজু প্ৰশাসন ঃ ১৯.০৭ লাখ ভোটাৰৰ বাবে সাজু ১,৩৩৯টা ভোটকেন্দ্ৰ

নগাঁও লোকসভা উপ-নিৰ্বাচনলৈ সাজু প্ৰশাসন ঃ ১৯.০৭ লাখ ভোটাৰৰ বাবে সাজু ১,৩৩৯টা ভোটকেন্দ্ৰ

September 8, 2026 5:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd