অসমৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ কেলেংকাৰিৰ অভিযোগৰ CBI তদন্ত বিচাৰিছে কংগ্ৰেছে

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পত্নী ৰিনিকি ভূঞা শৰ্মা।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ সদস্যই সংঘটিত কৰা কেলেংকাৰিৰ চেন্ট্ৰেল ব্যুৰো অফ ইনভেষ্টিগেশ্যনৰ (CBI) তদন্ত বিচাৰিছে কংগ্ৰেছ দলে।

অসম কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিং আলৱাৰে চিবিআইৰ সঞ্চালক সুবোধ কুমাৰ জয়ছৱাললৈ এখন পত্ৰ লিখিছে, য’ত অসমৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সদস্যই ‘সংঘটিত’ কৰা কেলেংকাৰীৰ অভিযোগৰ ওপৰত আলোকপাত কৰিছে।

কংগ্ৰেছে উত্থাপন কৰা বহু অভিযোগৰ ভিতৰত প্ৰথমটো অভিযোগ আছিল যে এখন ৰাজ্য শাসন কৰি থকা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিদ্যালয় চলাব নোৱাৰে।

লগতে পঢ়কঃ হিমন্ত বিশ্ব শৰ্মালৈ মই ভয় কৰা নাইঃ ৰাহুল গান্ধীৰ হুংকাৰ

বন্দ্যা ইণ্টাৰনেশ্যনেল স্কুল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ মালিকানাধীন।

“শেহতীয়াকৈ উদ্বোধন কৰা উত্তৰ গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত বন্দ্যা ইণ্টাৰনেশ্যনেল স্কুল মুখ্যমন্ত্ৰীৰ পত্নী শ্ৰীমতী ৰিনিকী ভূঞা শৰ্মাৰ মালিকানাধীন আৰু উদ্বোধনী ভাষণত শ্ৰীমতী ৰিণিকি ভূঞা শৰ্মাই ৰাজহুৱাভাৱে ঘোষণা কৰে যে এই বিদ্যালয়ৰ প্ৰতিষ্ঠাপক অসমৰ মুখ্যমন্ত্ৰী। কিন্তু অসম ৰাজ্যৰ মুৰব্বী হৈ এজন মুখ্যমন্ত্ৰীয়ে কেনেকৈ এখন আন্তঃৰাষ্ট্ৰীয় বিদ্যালয় চলাব পাৰে?” কংগ্ৰেছ নেতাগৰাকীয়ে চিবিআইৰ সঞ্চালকলৈ লিখা পত্ৰখনত উল্লেখ কৰা হৈছে।

কংগ্ৰেছ দলে উত্থাপন কৰা আনটো অভিযোগ আছিল যে কলকাতাস্থিত ব্যক্তিগত কোম্পানী এটাৰ পৰা হিচাপহীন ধন অসমৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ কোম্পানীলৈ হস্তান্তৰ কৰা হৈছে।

লগতে পঢ়কঃ অসম কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক আক্ৰমণ বিজেপি কৰ্মীৰ

“আৰ বি এছ ৰিয়েল্টৰ নামৰ এটা ব্যক্তিগত কোম্পানীয়ে কলকাতাৰ পৰা অসমৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বহু ফাৰ্ম তথা কোম্পানীলৈ হিচাপহীন ধন স্থানান্তৰ কৰিছিল। এতিয়া আৰ বি এছ ৰিয়েল্টৰক বশিষ্ঠ ৰিয়েল্টৰ বুলি জনা যায়। আৰ বি এছৰ ৰিয়েল্টৰত শ্ৰী অশোক ধনুকা অল টাইম ডাইৰেক্টৰ আৰু তেওঁ ঝাৰখণ্ডৰ বিধায়ক কিনা-বেচা গোচৰতো জড়িত। কলকাতাৰ পৰা আৰ বি এছৰ ৰিয়েল্টৰে কৰা ধনৰ লেনদেনৰ তদন্ত চিবিআইয়ে কৰিব লাগে।’-পত্ৰখনত উল্লেখ কৰা হৈছে।

অসমৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সদস্যই সংঘটিত কৰা বুলি অভিযোগ উত্থাপন কৰি কংগ্ৰেছ নেতাগৰাকীয়ে লগতে ভূমি কেলেংকাৰিৰ অভিযোগো উত্থাপন কৰে।

পত্ৰখনত উল্লেখ কৰা হৈছে যে অসমৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সদস্যৰ মালিকানাধীন ব্যক্তিগত প্ৰতিষ্ঠান RBS Realtors Pvt Ltd নামৰ এটা ব্যক্তিগত প্ৰতিষ্ঠান ভূমি কেলেংকাৰী (২৯ বিঘা & ৯ লেচা)ত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে।

লগতে পঢ়কঃৰাহুল গান্ধীৰে গহপুৰত বিৰোধী দলৰ গুৰুত্বপূৰ্ণ বৈঠক

“তদুপৰি উজনি অসমৰ কাঞ্চনজুৰি চাহ বাগিচাৰ বিষয়ত, যিটো মুখ্যমন্ত্ৰীৰ পত্নীৰ মালিকানাধীন, য’ত ৰাইজৰ পৰা জানিব পৰা মতে চৰকাৰী পুঁজিৰ দ্বাৰা আভ্যন্তৰীণ পথ আদি নিৰ্মাণ কৰা হৈছে। তেওঁৰ চাহ বাগিচাৰ মাটি এটা হস্তী কৰিডৰৰ অধীনত পৰে যাৰ বাবে উচ্চতম ন্যায়ালয়ে উচ্ছেদৰ নিৰ্দেশ দিছিল যদিও মুখ্যমন্ত্ৰীয়ে বিশেষ কেবিনেট বৈঠক আহ্বান কৰি এনিমেল কৰিডৰটো এনেদৰে স্থানান্তৰিত কৰে যে সেই বিশেষ চাহ বাগিচাখনত কোনো উচ্ছেদ কৰা নহ’ল।’ কংগ্ৰেছ পত্ৰখনত কয়।