DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, October 2, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘হিমন্ত মামা নহয় শকুনি মামাহে, জাতীয় নায়কজন ধৃতৰাষ্ট্ৰহে’ এই তীৰ্যক মন্তব্যৰে সৰ্বা-হিমন্তক আক্ৰমণ কৰিলে কোনে?

প্ৰাঞ্জল দেউৰী by প্ৰাঞ্জল দেউৰী
March 22, 2021 4:14 pm
index
413
VIEWS
Share on FacebookShare on Twitter

ৰাজনৈতিক নেতাসকলৰ নিৰ্বাচনী ৰাজনৈতিক আক্ৰমণ প্ৰত্যাক্ৰমণ ক্ৰমাৎ তুংগত উঠিছে।

শাসকীয় বিজেপি আৰু বিৰোধী কংগ্ৰেছ দলৰ ষ্টাৰ কেম্পেইনাৰে ইখনৰ পিছত সিখনকৈ নিৰ্বাচনী সভাত ভোটাৰৰ মন জয় কৰিবলৈ বিপক্ষ ৰাজনৈতিক নেতাক ক্ষুৰধাৰ সমালোচনা তথা তীৰ্যক মন্তব্য কৰা পৰিলক্ষিত হৈছে।

সোমবাৰে গোলাঘাটৰ সৰুপথাৰ বিধানসভাৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰ’জলীনা তিৰ্কীৰ নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত হৈ তাৰকা প্ৰচাৰক কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক অন্ধ ধৃতৰাষ্ট্ৰ আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ‘শকুনি মামা’ বুলি আখ্যা দিয়ে।

অসমৰ ৰাজনীতিত মামা বুলি পৰিচিত হৈ পৰা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে কটাক্ষ কৰি মহাভাৰতীয় কূ-মন্ত্ৰণাৰ বিশাৰদ শকুনিৰে তুলনা কৰি তেওঁক ‘হিমন্ত বিশ্ব শৰ্মা নহয়, অসমৰ চৰকাৰৰ শকুনি মামা’ বুলিহে কটাক্ষ কৰে। আনহাতে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক এতিয়া জাতীয় নায়ক হৈ থকা নাই বুলি তীৰ্যক মন্তব্য কৰি অন্ধ ধৃষ্টৰাষ্ট্ৰৰ আখ্যা দিয়ে। আৰু এই দুয়ো নেতাই অসমৰ জনতাক প্ৰতাৰণা কৰি অসম ধ্বংস কৰা বুলিও তথ্য সহকাৰে ব্যাখা কৰে প্ৰিয়ংকাই।

নিৰ্বাচনী সভাত কংগ্ৰেছ নেত্ৰীগৰাকীয়ে কংগ্ৰেছৰ পাঁচ গ্যেৰাণ্টিৰ কথাও উল্লেখ কৰে। বিজেপিৰ চৰকাৰৰ দিনত অসমত দৰিদ্ৰতাৰ বৃদ্ধি পোৱা বুলিও দাবী কৰে প্ৰিয়ংকা গান্ধীয়ে।

উল্লেখ্য যে সৰুপথাৰ বিধানসভাৰ পোৰাবাংলাৰ কংগ্ৰেছৰ নিৰ্বাচনী সভাত কংগ্ৰেছ প্ৰাৰ্থী ৰ’জলীনা তিৰ্কীৰ হৈ অসমৰ নিৰ্বাচনী দায়িত্বত থকা ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল, অসম প্ৰদেশ কংগ্ৰেছৰ পৰ্যবেক্ষক জিতেন্দ্ৰ সিঙে, লোকসভাৰ সাংদস গৌৰৱ গগৈও উপস্থিত থাকে।

ভোটাৰক উদ্দেশ্যি ভূপেশ বাঘেলে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক কটাক্ষ কৰি কয় যে পাঁচ বছৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘অসমৰ আনন্দ সৰ্বানন্দ’ বুলি কোৱা সৰ্বানন্দ সোণোৱাল এতিয়া অসমৰ বাবে আনন্দ হৈ থকা নাই। বৰং এতিয়া অসমৰ আনন্দ হ’ল কয়লা ছিণ্ডিকেটৰ সৰ্বানন্দ, অসমৰ সৰ্বানন্দ মাছ ছিণ্ডিকেটৰ আনন্দ, অসমৰ আনন্দ চুপাৰি ছিণ্ডিকেট আনন্দ বুলিও তীক্ষ্মভাৱে কটাক্ষ কৰে ভুপেশ বাঘেলে।

সৰ্বানন্দ সোণোৱালৰ চৰকাৰে এটাও নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰিলে বুলি অভিযোগ কৰি বাঘেলে আৰু কয় যে দুবাৰকৈ ভূমি পূজন কৰিও সৰ্বানন্দ সোণোৱালে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে এক্সপ্ৰেছ নিৰ্মাণ কৰিব নোৱাৰিলে। চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫৪ টকালৈ বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতিও অসম চৰকাৰে পূৰণ কৰিব নোৱাৰিলে বুলি মন্তব্য কৰে বাঘেলে।

সাংসদ গৌৰৱ গগৈয়ে উপস্থিত জনতাক উদ্দেশ্যি কয় এই হাতখন কেৱল আমাৰ দলীয় প্ৰতীক নহয়, এইখন আপোনালোকৰ হাত, এই হাতখন হ’ল অসমৰ কৃষকৰ হাত, এই হাতখন হ’ল শ্ৰমিকৰ হাত, এই হাত দোকাদাৰৰ হাত, এই হাত এজন শিক্ষকৰ হাত। গৌৰৱ গগৈয়ে দাবী কৰে যে এইবাৰ নিৰ্বাচনত মহাজোঁটৰ নেতৃত্বত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হ’ব।

Recent News

ভণ্ড সাধু নিৰ্মূল অভিযান! সাধুসকলৰ আঙুলিৰ ছাপ সংগ্ৰহ কৰা আৰম্ভ কৰিলে তামিলনাডু আৰক্ষীয়ে

ভণ্ড সাধু নিৰ্মূল অভিযান! সাধুসকলৰ আঙুলিৰ ছাপ সংগ্ৰহ কৰা আৰম্ভ কৰিলে তামিলনাডু আৰক্ষীয়ে

মণিপুৰৰ দুই শিক্ষাৰ্থীক হত্যাৰ ঘটনাত চাৰিজনক গ্ৰেপ্তাৰ, দুগৰাকী মহিলাক আটক চিবিআইৰ

মণিপুৰৰ দুই শিক্ষাৰ্থীক হত্যাৰ ঘটনাত চাৰিজনক গ্ৰেপ্তাৰ, দুগৰাকী মহিলাক আটক চিবিআইৰ

অৰুণাচলত আটক দুই আলফা (স্বাধীন) কেডাৰ

অৰুণাচলত আটক দুই আলফা (স্বাধীন) কেডাৰ

Gandhi Jayanti 2023:  জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫৪ সংখ্যক জয়ন্তীত তেওঁৰ কেইটামান বিখ্যাত উক্তি

Gandhi Jayanti 2023: জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫৪ সংখ্যক জয়ন্তীত তেওঁৰ কেইটামান বিখ্যাত উক্তি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd