এসময়ত কেৰালাৰ কংগ্ৰেছৰ সভাপতি এ কে এণ্টনীয়ে লোকসভা নিৰ্বাচনত দলটোৰ দুৰ্বল প্ৰদৰ্শনৰ বাবেই পদত্যাগ কৰিছিল। প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ আদৰ্শ অনুসৰণ কৰি পিনাৰায়ী বিজয়নৰ পদত্যাগৰ দাবীৰে আন্দোলনত নামিছে কংগ্ৰেছ শিবিৰ।
চিপিএমৰ মুখ্যমন্ত্ৰী পিনাৰায়ীয়ে প্ৰত্যুত্তৰ দি কয় যে কংগ্ৰেছে প্ৰথমে নিজৰ মুখ্যমন্ত্ৰীসকলক পদত্যাগ কৰিবলৈ ক’ব লাগে। তেওঁৰ মতে, হিমাচল প্ৰদেশৰ বিধানসভাৰ ৬০খন আসনৰ ভিতৰত কংগ্ৰেছৰ ৪০খন আসন। কিন্তু কংগ্ৰেছে ৰাজ্যৰ এখনো লোকসভা আসন লাভ কৰিব নোৱাৰিলে। চুবুৰীয়া ৰাজ্য কৰ্ণাটকৰ উদাহৰণ দি পিনাৰায়ীয়ে কয় যে কংগ্ৰেছে তাত থকা ২৮খন আসনৰ ভিতৰত ১৯খন আসন লাভ কৰিব নোৱাৰে। অৱশ্যে বিধানসভাত কংগ্ৰেছৰ সংখ্যাগৰিষ্ঠতা আছে। আনহাতে, তেলেংগানাতো লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ পৰাজয়। অৱশ্যে এই তিনিওখন ৰাজ্যতে কংগ্ৰেছ চৰকাৰ আছে।
ইণ্ডিয়া মিত্ৰজোঁটত থাকিলেও কেৰালাত কংগ্ৰেছ আৰু চিপিএমৰ মাজত কোনো বুজাবুজি নাছিল। লোকসভাৰ বিশখন আসনৰ ভিতৰত এইবাৰো দুটা কাৰ্যকালৰ শাসকীয় চিপিএম ৰাজ্যৰ এখন আসন লাভ কৰিছে। ১৮টাত কংগ্ৰেছে জয়লাভ কৰে।আৰু বিজেপিয়ে এখন আসন জয়লাভ কৰে।