• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

যি হয় দেখা যাব, কিন্তু কা বলৱৎ কৰিবলৈ দিয়া নহ’ব : শিৱসাগৰত ৰাহুল গান্ধীৰ হুংকাৰ

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো চোকা সমালোচনা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 14, 2021 5:17 pm

2 min read

যি হয় দেখা যাব, কিন্তু কা বলৱৎ কৰিবলৈ দিয়া নহ’ব : শিৱসাগৰত ৰাহুল গান্ধীৰ হুংকাৰ
277
VIEWS
Share on FacebookShare on Twitter

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আজি শিৱসাগৰত দলৰ নিৰ্বাচনী প্ৰচাৰৰ আৰম্ভণি কৰি কয় যে কংগ্ৰেছ ক্ষমতালৈ আহিলে অসমত কা বলৱৎ হ’বলে নিদিয়ে।

কা-বিৰোধী প্ৰতীকেৰে গামোচা পৰিহিত কংগ্ৰেছ নেতাজনে ভাৰতীয় জনতা পাৰ্টিক কটাক্ষ কৰি কয়- “শুনক হাম দো হামাৰে দো, কা কেতিয়াও বাস্তৱ নহয়।’’

গান্ধীয়ে কয় যে অবৈধ অনুপ্ৰৱেশকাৰীৰ বিষয়টো আলোচনাৰ মাজেৰে সম্ভৱ। এইক্ষেত্ৰত তেওঁ অসম চুক্তিৰ কথা উল্লেখ কৰি কয় যে কোনোবাই যদি ইয়াক অগ্ৰাহ্য কৰি হিংসা বিয়পাব বিচাৰে, তেনেহ’লে কংগ্ৰেছ আৰু অসমবাসী ৰাইজে তেওেলোকক যোগ্য প্ৰত্যুত্তৰ দিব।

উল্লেখযোগ্য যে শনিবাৰে, বিত্তমন্ত্ৰী অমিত শ্বাহে কৈছিল যে দেশজুৰি কৰোনাভাইৰাচ ভেকচিনেচন প্ৰগ্ৰেম শেষ হোৱাৰ পাছতে কা বলবৎ হ’ব।

তদুপৰি তেওঁ অভিযোগ কৰে যে বিজেপি-আৰএছএছে অসমক ভাগ ভাগ কৰিব খুজিছে।

কংগ্ৰেছক ‘জনতাৰ দল’ হিচাপে অভিহিত কৰি গান্ধীয়ে কয় যে তেওঁলোক ক্ষমতালৈ আহিলে বিজেপিয়ে চটিওৱা ঘৃণাৰ ৰাজনীতিক উভালি পেলোৱা হ’ব।

“জাতি, ধৰ্ম, ভাষা, শ্ৰেণী নিৰ্বিশেষে আমি সমাজৰ সকলো লোককে আগুৱাই লৈ যাম আৰু অসমৰ যুৱকসকলৰ বাবে সংস্থাপনৰ ব্যৱস্থা কৰিম’’- গান্ধীয়ে ঘোষণা কৰে।

গান্ধীয়ে কয় যে ৰাজ্যৰ প্ৰাকৃতিক সম্পদ আৰু ৰাজহুৱা খণ্ডসমূহ দেশখনৰ দুজন শীৰ্ষ উদ্যোগপতিক বিক্ৰী কৰি দিয়া হৈছে।

তদুপৰি মোদী চৰকাৰে ‘দুজন উদ্যোগপতি বন্ধু’ক বৃহৎ পৰিমাণৰ লোণ মাফ কৰি কভিদ-১৯ মহামাৰীৰ সময়ত ৰাজহুৱা টকা লুট কৰাৰো কংগ্ৰেছ নেতাজনে অভিযোগ কৰে।

চাহ বাগানৰ শ্ৰমিকসকলৰ মজুৰি সন্দৰ্ভত গান্ধীয়ে ঘোষণা কৰি যে যদি কংগ্ৰেছ ক্ষমতালে আহে তেনেহ’লে তেওঁলোকৰ মজুৰি বৰ্তমানৰ ১৬৭ টকাৰ পৰা ৩৬৫ টকালৈ বৃদ্ধি কৰা হ’ব।

গান্ধীয়ে কয় যে মোদী চৰকাৰে চাহবাগানসমূহ গুজৰাটী ব্যৱসায়ীক গতাই দি শ্ৰমিকসকলৰ শোষণ কৰাৰ সুবিধা দিছে।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক চোকা সমালোচনা কৰি কয় যে মুখ্যমন্ত্ৰীয়ে নাগপুৰ আৰু দিল্লীৰ কথা শুনে, যদি অসমে সোণোৱালৰ দৰে এজন মুখ্যমন্ত্ৰী লাভ কৰে, তেনেহ’লে অসমবাসীৰ একো লাভ নহ’ব।

এইক্ষেত্ৰত গান্ধীয়ে কয় যে ৰাজ্যখনৰ বাবে এজন “নিজৰ মুখ্যমন্ত্ৰী’’ৰ প্ৰয়োজন, নাগপুৰ অথবা দিল্লীৰ আশীষধন্য মুখ্যমন্ত্ৰীৰ প্ৰয়োজন নাই।

নিৰ্বাচনী সভাখনত গান্ধীয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈকো সোঁৱৰণ কৰি কয় যে হিংসাত্মক পৰিৱেশ এটাৰ পৰা গগৈয়ে অসমক শান্তিৰ পৰিৱেশ এটালে লৈ আহিছিল।

নিৰ্বাচনী সভাখনত ছট্টিছগড়ৰ মুখ্যমন্ত্ৰী তথা অসমৰ দলীয় পৰ্যবেক্ষক ভূপেশ বাঘেল, কংগ্ৰেছৰ অসমৰ দায়িত্বত থকা জিতেন্দ্ৰ সিং, সাংসদ গৌৰৱ গগৈ, প্ৰদ্যুৎ বৰদলৈ, আব্দুল খালেক, ৰাজ্যিক সভাপতি ৰিপুণ বৰা আৰু অন্যান্য জ্যেষ্ঠ কংগ্ৰেছী নেতাসকলে অংশগ্ৰহণ কৰে।

Recent News

bhaba

তিনি তৰুণ লেখকক মুনীন বৰকটকী সাহিত্য বঁটা প্ৰদান

IMG-20210228-WA0001(1)

জাহাজৰ প্ৰতীক চিহ্নৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব অসম জাতীয় পৰিষদে

IMG_20210227_200752

নগাঁও জিলাৰ ৭টা বিধান সভা সমষ্টিত ১৯০০টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰে কৰিব ভোটদান

bomb-750x375

মুকেশ আম্বানীৰ ঘৰৰ সন্মুখত বিস্ফোৰক ভৰ্তি বাহন ৰখাৰ দায়িত্ব স্বীকাৰ কৰিলে জইছ-উল-হিন্দে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd