NORTHEAST NOW (Assamese)
অসম

গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নিৰ্বাচন : কংগ্ৰেছৰ উত্থান, বিজেপিয়ে লাভ কৰিলে মাত্ৰ ২ খন আসন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 15, 2021 7:38 pm
index.jpg

চুবুৰীয়া ৰাজ্য মেঘালয়ৰ গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছে বৃহত্তম দল হিচাপে পৰিগণিত হৈছে। অৱশ্যে বৃহত্তম দল ৰূপে বিবেচিত হ’লেও কংগ্ৰছে পৰিষদখন গঠনত ব্যৰ্থ হৈছে।

বৃহস্পতিবাৰে ঘোষণা কৰা ফলাফল অনুসৰি ২৯ জনীয়া সদস্যৰ গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নিৰ্বাচনত কংগ্ৰেছে সৰ্বাধিক ১২ খন আসন জয়ী হৈছে।

ইফালে শাসকীয় দল নেশ্যচনেল পিপলছ পাৰ্টি(এনপিপি)এ লাভ কৰিছে ১১ খন আসন।

ইয়াৰ বিপৰীতে বিজেপিয়ে মাত্ৰ ২ খন, গাৰো নেশ্যনেল পাৰ্টিয়ে ১ খন আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে ৩ খন আসনত জয়ী হৈছে।

উল্লেখ্য যে যোৱা ১২ এপ্ৰিলত গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল।

বৃহস্পতিবাৰে ঘোষিত ফলাফল অনুসৰি কোনো দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰা নাই যদিও শসাকীয় এপিপি আৰু বিজেপি আৰু নিৰ্দলীয় প্ৰাৰ্থীসকলৰ সহযোগত পৰিষদ গঠন কৰাতো প্ৰায় নিশ্চিত হৈছে।