• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২০২২ চনৰ মে’ৰ পৰা পাণ্ডুত আৰম্ভ হ’ব জাহাজ মেৰামতি কেন্দ্ৰৰ নিৰ্মাণৰ কাম: সৰ্বানন্দ সোণোৱাল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 27, 2021 8:36 pm
Sarbananda Sonowal
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী তথা কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি পাণ্ডু বন্দৰত উপস্থিত হৈ ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।

প্ৰাধিকৰণৰ অধীনত অসম তথা উত্তৰ-পূবত ৰূপায়ণ হ’বলগীয়া আৰু ৰূপায়ণ হৈ থকা বিভিন্ন প্ৰকল্পৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে মন্ত্ৰী গৰাকীয়ে।

Apply Now

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ অৰ্থনীতি গতিশীল কৰাৰ ক্ষেত্ৰত জলপথৰ শক্তি-সম্ভাৱনাক অনুধাৱন কৰি ইয়াৰ উপযুক্ত অন্বেষণৰ ওপৰত তেখেতে গুৰুত্ব আৰোপ কৰে।

পাণ্ডু বন্দৰত নিৰ্মাণ হ’বলগীয়া জাহাজ নিৰ্মাণ কেন্দ্ৰৰ কাৰিকৰী আৰু অন্যান্য বিভিন্ন দিশৰো তেখেতে বুজ লয়।

২০২২ চনৰ মে’ মাহৰপৰা ইয়াৰ নিৰ্মাণৰ কাম আনুষ্ঠানিকভাৱে আৰম্ভ হ’ব আৰু ইয়াৰ নিৰ্মাণৰ দুবছৰৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব। এই কেন্দ্ৰটোৰ কাম সম্পূৰ্ণ হ’লে অসমতে জাহাজ মেৰামতিৰ কাম অতি কম সময়ত আৰু কম খৰচতে সম্পন্ন কৰিব পৰা যাব।

আইআইটি মাদ্ৰাছে এই কেন্দ্ৰ নিৰ্মাণৰ সৈতে জড়িত কাৰিকৰী দিশসমূহৰ তদাৰক কৰি আছে। ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ আৰু কোচিন শ্বিপয়াৰ্ড লিমিটেডৰ যৌথ প্ৰচেষ্টাত এই কেন্দ্ৰটোৰ নিৰ্মাণ আৰম্ভ হ’ব।

সোণোৱালে কয় যে, “ইংৰাজ শাসনকালত বৰ্তমানৰ ভাৰত-বাংলাদেশ প্ৰ’ট’কল ৰুট হিচাপে পৰিগণিত হোৱা জলপথছোৱাৰ যথেষ্ট গুৰুত্ব আছিল।কিন্তু পৰৱৰ্তীকালত সেই গুৰুত্ব ভালেখিনি লাঘৱ হৈছিল, যাৰ পৰিপ্ৰেক্ষিতত থলুৱা কৃষকৰদ্বাৰা উৎপাদিত কৃষি সামগ্ৰীৰ উপযুক্ত বজাৰকৰণ, আমদানি-ৰপ্তানি আদি প্ৰক্ৰিয়া লেহেমীয়া হৈ পৰিছিল।”

“কিন্তু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সবল নেতৃত্বত আৰু “এক ইষ্ট প’লিচী”ৰ পৰিপ্ৰেক্ষিতত এতিয়া ভাৰত-বাংলাদেশ প্ৰ’ট’ক’ল জলপথে পুনৰ প্ৰাণ পাই উঠিছে।এই জলপথক উন্নীত কৰি বেপাৰ-বাণিজ্য, আমদানি-ৰপ্তানি তৰান্বিত কৰাত আমি গুৰুত্ব আৰোপ কৰিছোঁ। ইয়াৰ জৰিয়তে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ কৃষক ৰাইজ আৰু থলুৱা উদ্যমীসকল যথেষ্ট উপকৃত হ’বলৈ ধৰিছে।”- সোণোৱালে লগতে কয়।

অসমৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় জলপথসমূহ যেনে- ব্ৰহ্মপুত্ৰ, বৰাক, ধনশিৰি আদি সম্পৰ্কীয় নদী আন্তঃগাঁথনি উন্নত কৰাত বিশেষ অগ্ৰাধিকাৰ দিবলৈ বিষয়ববীয়াসকলক কেন্দ্ৰীয় মন্ত্ৰীজনে আজি নিৰ্দেশ দিয়ে।

তদুপৰি, উত্তৰ-পূবৰ বিভিন্ন স্থানত কাৰ্গ, তথা টুৰিষ্ট জেট্টা আৰু টাৰ্মিনেলৰ উন্নীতকৰণ, জলপথৰ খনন আদি কামবোৰ খৰতকীয়া কৰিবলৈও বিষয়ববীয়াক তেখেতে নিৰ্দেশ দিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

June 30, 2026 9:33 pm
‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

June 30, 2026 9:21 pm
প্ৰধানমন্ত্ৰী মোদীৰ মুখা পিন্ধি মোবাইল দোকানত চুৰিৰ চেষ্টা, চিচিটিভি কেমেৰাত আৱদ্ধ সমগ্ৰ দৃশ্য

প্ৰধানমন্ত্ৰী মোদীৰ মুখা পিন্ধি মোবাইল দোকানত চুৰিৰ চেষ্টা, চিচিটিভি কেমেৰাত আৱদ্ধ সমগ্ৰ দৃশ্য

June 30, 2026 8:53 pm
হৰমুজ প্ৰণালী পাৰ হওঁতে নিৰুদ্দেশ ৬০ শতাংশতকৈও অধিক ভাৰতমুখী জাহাজ : আচলতে কি ঘটিছে জানিলে হ’ব আচৰিত

হৰমুজ প্ৰণালী পাৰ হওঁতে নিৰুদ্দেশ ৬০ শতাংশতকৈও অধিক ভাৰতমুখী জাহাজ : আচলতে কি ঘটিছে জানিলে হ’ব আচৰিত

June 30, 2026 8:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

June 30, 2026 9:33 pm
‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

June 30, 2026 9:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd