NORTHEAST NOW (Assamese)

ব্ৰহ্মপুত্ৰত পৰি সন্ধানহীন দলং নিৰ্মাণত নিয়োজিত শ্ৰমিক

October 11, 2022 6:09 pm · এন ই নাও নিউজ, গুৱাহাটী

আজি পুৱাৰ ভাগত গুৱাহাটীৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ নদীত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। দুৰ্ঘটনাক্ৰমে নদীত পৰি যোৱাৰ পিছত সন্ধানহীন হৈ পৰিছে দলং নিৰ্মাণত নিয়োজিত হৈ থকা এগৰাকী বনুৱা।

প্ৰকাশিত খবৰ অনুসৰি, শ্ৰমিকগৰাকী ভৰালুমুখ অঞ্চলৰ গুৱাহাটী-উত্তৰ গুৱাহাটী দলঙৰ নিৰ্মাণক্ষেত্ৰত নিয়োজিত হৈ আছিল।

নিৰ্মাণৰত দলংখনৰ এটা খুটাত উঠি থকাৰ সময়তে পিছলি নদীত পৰি যায় শ্ৰমিকগৰাকী।

সন্ধানহীন শ্ৰমিকগৰাকীৰ পৰিচয় এই পৰ্যন্ত প্ৰকাশ কৰা নাই নিৰ্মাণখণ্ডৰ দায়িত্বত থকা বিষয়াসকলে।

ইতিমধ্যে সন্ধানহীন শ্ৰমিকগৰাকীৰ সন্ধানৰ বাবে উদ্ধাৰকাৰী দল মোতায়েন কৰা হৈছে আৰু উদ্ধাৰ অভিযান চলাই থকা হৈছে।

Related News